--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মহামূল্যৱান সম্পদৰ ভাণ্ডাৰ থকা ঠাইতে তেওঁলোকে বাস কৰে। সেয়ে তাকেলৈ জম্মু- কাশ্মীৰৰ ৰিয়াচি জিলাৰ লোকসকল আজি গৌৰৱান্বিত। যোৱা সপ্তাহত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (জিএছআই) জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল গাঁৱত ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰাৰ পিছত  গাওঁবাসী আনন্দিত হৈ পৰিছে। গাওঁ খনৰ লোকসকলে  চৰকাৰে খননৰ  কাম আৰম্ভ কৰাৰ বাবে আকুলভাৱে অপেক্ষা কৰি আছে।

লিথিয়াম আৱিষ্কাৰৰ ঘোষণাটো অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে  আৰু গাওঁৰ মুৰব্বীসকলকে ধৰি সাধাৰণ মানুহে ভাৰতৰ প্ৰথম মুখ্য লিথিয়াম প্ৰকল্পটো  কেনেধৰণৰ  হ'ব তাকে জানিবলৈ  চৰকাৰৰ বিতং বিবৃতিৰ বাবে অপেক্ষা কৰি আছে।

চালালৰ এজন অভিযন্তা মুকেশ ঠাকুৰে কয়"আমি উৎসাহেৰে অপেক্ষা কৰি আছো যে চৰকাৰে আমাৰ গাঁৱত লিথিয়াম আহৰণ আৰম্ভ কৰিব। আমি আশা কৰোঁ যে স্থানীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰিবলৈ ইয়াত লিথিয়াম আহৰণ কৰা প্ৰতিষ্ঠানসমূহে আগভাগ ল'ব" ।

২৭ বছৰীয়া ঠাকুৰে তেওঁৰ গাওঁখনে এক নজিৰ সৃষ্টি কৰা দেখি  সুখী হৈছে। তেওঁ কয় "মই গৌৰৱান্বিত যে মোৰ গাওঁখনে ভাৰতক সহায় কৰিব ,কিয়নো বৈদ্যুতিক বাহন আৰু বৈদ্যুতিক সঁজুলিত ব্যৱহৃত ৰিচাৰ্জেবল বেটাৰি উৎপাদনৰ বাবে লিথিয়াম এক গুৰুত্বপূৰ্ণ উপাদান। ঘৰুৱা লিথিয়াম উৎপাদনে আমাৰ দেশক আন ৰাষ্ট্ৰৰ তুলনাত আগুৱাই নিব। আমাৰ মুঠ ঘৰুৱা উৎপাদনো (জিডিপি) বৃদ্ধি পাব । কিয়নো এতিয়া আমাৰ লিথিয়াম আমদানি হ্ৰাস পাব আৰু ৰপ্তানি বৃদ্ধি পাব," তেওঁ কয়।

আন এজন স্থানীয় বাসিন্দা বিপিন শৰ্মাই কয় যে লিথিয়ামৰ আৱিষ্কাৰে কেৱল ৰিয়াচি জিলাৰ লোকসকলকএ নহয়, সমগ্ৰ জম্মু-কাশ্মীৰৰ লোকসকলক লাভাৱান্বিত কৰিব।

তেওঁ কয় "চাওক, যেতিয়াই কোনো কৰ্পোৰেট হাউচ বা ফাৰ্মে কোনো এলেকাত অপাৰেচন আৰম্ভ কৰে, স্থানীয় লোকসকলৰ বাবে সুবিধা হয়। উদাহৰণ স্বৰূপে, যদি কোনো ডাঙৰ কোম্পানী ইয়ালৈ লিথিয়াম নিষ্কাষনৰ বাবে আহে, কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়ালক আনিব । যাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান খুলিব য'ত আমাৰ সন্তানেও অধ্যয়ন কৰিব পাৰে"। 

বেটাৰী প্ৰকল্পৰ লগতে আন ভালেমান কামত ব্যৱহাৰ হোৱা লিথিয়াম এতিয়া ভাৰততো পোৱা গৈছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাশ্মীৰত মহামূল্যৱান লিথিয়াম আৱিষ্কাৰ হোৱাৰ কথাই বিজ্ঞানীসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।  কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি জম্মু -কাশ্মীৰত  ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে।   চৰকাৰে লগতে এইবুলিও কৈছে  যে জম্মু আৰু কাশ্মীৰতেই  দেশৰ প্ৰথমটো লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু