--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মহামূল্যৱান সম্পদৰ ভাণ্ডাৰ থকা ঠাইতে তেওঁলোকে বাস কৰে। সেয়ে তাকেলৈ জম্মু- কাশ্মীৰৰ ৰিয়াচি জিলাৰ লোকসকল আজি গৌৰৱান্বিত। যোৱা সপ্তাহত ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে (জিএছআই) জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাৰ চালাল গাঁৱত ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ আৱিষ্কাৰ কৰাৰ পিছত  গাওঁবাসী আনন্দিত হৈ পৰিছে। গাওঁ খনৰ লোকসকলে  চৰকাৰে খননৰ  কাম আৰম্ভ কৰাৰ বাবে আকুলভাৱে অপেক্ষা কৰি আছে।

লিথিয়াম আৱিষ্কাৰৰ ঘোষণাটো অঞ্চলটোৰ চৰ্চাৰ বিষয় হৈ পৰিছে  আৰু গাওঁৰ মুৰব্বীসকলকে ধৰি সাধাৰণ মানুহে ভাৰতৰ প্ৰথম মুখ্য লিথিয়াম প্ৰকল্পটো  কেনেধৰণৰ  হ'ব তাকে জানিবলৈ  চৰকাৰৰ বিতং বিবৃতিৰ বাবে অপেক্ষা কৰি আছে।

চালালৰ এজন অভিযন্তা মুকেশ ঠাকুৰে কয়"আমি উৎসাহেৰে অপেক্ষা কৰি আছো যে চৰকাৰে আমাৰ গাঁৱত লিথিয়াম আহৰণ আৰম্ভ কৰিব। আমি আশা কৰোঁ যে স্থানীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰিবলৈ ইয়াত লিথিয়াম আহৰণ কৰা প্ৰতিষ্ঠানসমূহে আগভাগ ল'ব" ।

২৭ বছৰীয়া ঠাকুৰে তেওঁৰ গাওঁখনে এক নজিৰ সৃষ্টি কৰা দেখি  সুখী হৈছে। তেওঁ কয় "মই গৌৰৱান্বিত যে মোৰ গাওঁখনে ভাৰতক সহায় কৰিব ,কিয়নো বৈদ্যুতিক বাহন আৰু বৈদ্যুতিক সঁজুলিত ব্যৱহৃত ৰিচাৰ্জেবল বেটাৰি উৎপাদনৰ বাবে লিথিয়াম এক গুৰুত্বপূৰ্ণ উপাদান। ঘৰুৱা লিথিয়াম উৎপাদনে আমাৰ দেশক আন ৰাষ্ট্ৰৰ তুলনাত আগুৱাই নিব। আমাৰ মুঠ ঘৰুৱা উৎপাদনো (জিডিপি) বৃদ্ধি পাব । কিয়নো এতিয়া আমাৰ লিথিয়াম আমদানি হ্ৰাস পাব আৰু ৰপ্তানি বৃদ্ধি পাব," তেওঁ কয়।

আন এজন স্থানীয় বাসিন্দা বিপিন শৰ্মাই কয় যে লিথিয়ামৰ আৱিষ্কাৰে কেৱল ৰিয়াচি জিলাৰ লোকসকলকএ নহয়, সমগ্ৰ জম্মু-কাশ্মীৰৰ লোকসকলক লাভাৱান্বিত কৰিব।

তেওঁ কয় "চাওক, যেতিয়াই কোনো কৰ্পোৰেট হাউচ বা ফাৰ্মে কোনো এলেকাত অপাৰেচন আৰম্ভ কৰে, স্থানীয় লোকসকলৰ বাবে সুবিধা হয়। উদাহৰণ স্বৰূপে, যদি কোনো ডাঙৰ কোম্পানী ইয়ালৈ লিথিয়াম নিষ্কাষনৰ বাবে আহে, কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়ালক আনিব । যাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান খুলিব য'ত আমাৰ সন্তানেও অধ্যয়ন কৰিব পাৰে"। 

বেটাৰী প্ৰকল্পৰ লগতে আন ভালেমান কামত ব্যৱহাৰ হোৱা লিথিয়াম এতিয়া ভাৰততো পোৱা গৈছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাশ্মীৰত মহামূল্যৱান লিথিয়াম আৱিষ্কাৰ হোৱাৰ কথাই বিজ্ঞানীসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।  কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি জম্মু -কাশ্মীৰত  ৫.৯ নিযুত টন লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে।   চৰকাৰে লগতে এইবুলিও কৈছে  যে জম্মু আৰু কাশ্মীৰতেই  দেশৰ প্ৰথমটো লিথিয়ামৰ ভাণ্ডাৰ পোৱা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক