--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুখীয়া আৰু আৰ্তজনৰ বাবে ভগৱান স্বৰূপ অভিনেতা চনু সুদৰ নামত এইবাৰ সজোৱা হৈছে এখন খাদ্যৰ প্লেট৷ সেই খাদ্যৰ প্লেটত থকা খাদ্য একেসময়তে ২০ জন লোকে পেট ভৰাই খাব পাৰিব৷  দেশৰ সৰ্ববৃহৎ খাদ্যৰ  প্লেটখন বুলি দাবী কৰা সেই প্লেট খনে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এক কথাত চনু সুদে মানুহক যিমান মৰম দিছে সিমান ঘূৰায়ো পাইছে।

 কোভিডকালৰে পৰাই  অসহায় লোকসকলক নিৰন্তৰ সহায় কৰি অহা চনু সুদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই প্ৰস্তুত কৰা হৈছে বিশাল খাদ্যৰ প্লেট খন। কিন্তু চনু সুদে সেই প্লেটৰ পৰা একো খাব নোৱাৰিব! ইয়াৰ কাৰণো নথকা নহয়৷


'চনু সুদ প্লেট' নামেৰে নামাংকিত কৰা এই বিশাল খাদ্যৰ প্লেট খন প্ৰস্তুত কৰিছে  হায়দৰাবাদৰ জিচমত আৰবী মাণ্ডি (জেল থীম) ৰেষ্টুৰেণ্টে৷ খাদ্যৰ প্লেট খন সম্পূৰ্ণ আমিষ ৷ ইয়াত মাছ-মাংস সকলো খাদ্যই আছে৷  চনু  সুদে তেওঁৰ নামত নামাংকিত কৰা  এই প্লেটখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। তেওঁ অনুষ্ঠানৰ ফটোও শ্বেয়াৰ কৰিছে। চনুৱে হায়দৰাবাদৰ ৰেষ্টুৰেণ্ট খনৰ এনে অভিনৱ উদ্যোগত সুখী। অৱশ্যে তেওঁ কৈছে  যে তেওঁ এই খাদ্য মুখত দিব নোৱাৰে।দৰাচলতে চনুৱে বহু দিনৰ আগৰে পৰাই আমিষ খাদ্য খোৱা বন্ধ কৰি দিছে। তেওঁ এজন সম্পূৰ্ণ নিৰামিষভোজী লোক৷ প্লেট খনত যিহেতু আমিষ খাদ্য আছে সেয়ে তেওঁ সেই প্লেটৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে।


কোভিডৰ সময়ৰ পৰাই চনু দুখী, অসহায় লোকসকলৰ 'দেৱদূত ' হৈ পৰিছে। কোভিডৰ সময়ত চনুৱে বহু  প্ৰব্ৰজনকাৰী শ্ৰমিকক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিছিল সম্পূৰ্ণ নিজৰ খৰচত৷ বহুতকে তেওঁ  চিকিৎসা কৰোৱাইছে নিজৰ খৰচত৷  অভিনেতাজনে ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক ভাৰতলৈ ঘূৰাই অনাৰো ব্যৱস্থা কৰিছিল। চনু সদায় সামাজিক মাধ্যমত সক্ৰিয়। তেওঁৰ ঘৰৰ সন্মুখত এতিয়াও সহায় বিচৰা লোকৰ শাৰী লাগি থাকে। চনুৱে সকলোৰে কথা শুনেআৰু যিমান পাৰে  সহায় কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক