--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুখীয়া আৰু আৰ্তজনৰ বাবে ভগৱান স্বৰূপ অভিনেতা চনু সুদৰ নামত এইবাৰ সজোৱা হৈছে এখন খাদ্যৰ প্লেট৷ সেই খাদ্যৰ প্লেটত থকা খাদ্য একেসময়তে ২০ জন লোকে পেট ভৰাই খাব পাৰিব৷  দেশৰ সৰ্ববৃহৎ খাদ্যৰ  প্লেটখন বুলি দাবী কৰা সেই প্লেট খনে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এক কথাত চনু সুদে মানুহক যিমান মৰম দিছে সিমান ঘূৰায়ো পাইছে।

 কোভিডকালৰে পৰাই  অসহায় লোকসকলক নিৰন্তৰ সহায় কৰি অহা চনু সুদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই প্ৰস্তুত কৰা হৈছে বিশাল খাদ্যৰ প্লেট খন। কিন্তু চনু সুদে সেই প্লেটৰ পৰা একো খাব নোৱাৰিব! ইয়াৰ কাৰণো নথকা নহয়৷


'চনু সুদ প্লেট' নামেৰে নামাংকিত কৰা এই বিশাল খাদ্যৰ প্লেট খন প্ৰস্তুত কৰিছে  হায়দৰাবাদৰ জিচমত আৰবী মাণ্ডি (জেল থীম) ৰেষ্টুৰেণ্টে৷ খাদ্যৰ প্লেট খন সম্পূৰ্ণ আমিষ ৷ ইয়াত মাছ-মাংস সকলো খাদ্যই আছে৷  চনু  সুদে তেওঁৰ নামত নামাংকিত কৰা  এই প্লেটখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। তেওঁ অনুষ্ঠানৰ ফটোও শ্বেয়াৰ কৰিছে। চনুৱে হায়দৰাবাদৰ ৰেষ্টুৰেণ্ট খনৰ এনে অভিনৱ উদ্যোগত সুখী। অৱশ্যে তেওঁ কৈছে  যে তেওঁ এই খাদ্য মুখত দিব নোৱাৰে।দৰাচলতে চনুৱে বহু দিনৰ আগৰে পৰাই আমিষ খাদ্য খোৱা বন্ধ কৰি দিছে। তেওঁ এজন সম্পূৰ্ণ নিৰামিষভোজী লোক৷ প্লেট খনত যিহেতু আমিষ খাদ্য আছে সেয়ে তেওঁ সেই প্লেটৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে।


কোভিডৰ সময়ৰ পৰাই চনু দুখী, অসহায় লোকসকলৰ 'দেৱদূত ' হৈ পৰিছে। কোভিডৰ সময়ত চনুৱে বহু  প্ৰব্ৰজনকাৰী শ্ৰমিকক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিছিল সম্পূৰ্ণ নিজৰ খৰচত৷ বহুতকে তেওঁ  চিকিৎসা কৰোৱাইছে নিজৰ খৰচত৷  অভিনেতাজনে ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক ভাৰতলৈ ঘূৰাই অনাৰো ব্যৱস্থা কৰিছিল। চনু সদায় সামাজিক মাধ্যমত সক্ৰিয়। তেওঁৰ ঘৰৰ সন্মুখত এতিয়াও সহায় বিচৰা লোকৰ শাৰী লাগি থাকে। চনুৱে সকলোৰে কথা শুনেআৰু যিমান পাৰে  সহায় কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু