--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে পুৱা পদত্যাগ কৰাৰ সম্ভাৱনা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ৷ ক্ষমতা দখলৰ খেলত সিদ্ধহস্ত নীতিশ কুমাৰৰ আন এক ৰাজনৈতিক ওলোটা খৰ। শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৰাজনৈতিক পাশাখেলত ওলট–পালট হৈ পৰিছে দেশৰ ৰাজনীতি। 

তেজস্বী যাদৱৰ সৈতে বিহাৰত দুবছৰীয়া শাসনকালৰ অনাকাংক্ষিত অন্ত পেলাই পুনৰ বিজেপিৰ কাষ চপাৰ যো–জা নীতিশৰ। পূৰ্বে বিহাৰত চৰকাৰ গঠন কৰা নীতিশ কুমাৰে ২০২২ চনত ত্যাগ কৰিছিল NDA। বিহাৰত NDAক শক্তিহীন কৰি RJDৰ সৈতে মহাজোঁট বন্ধনত সোমাইছিল নীতিশ। কমসংখ্যক আসন লাভ কৰিও RJDক সংগ দি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল নীতিশ কুমাৰ। কিন্তু দুবছৰৰ পাছতে RJDৰ সৈতে নীতিশ কুমাৰৰ সৃষ্টি হয় তিক্ততাপূৰ্ণ সম্বন্ধ। তাৰ পৰিপ্ৰেক্ষিতত পুনৰ সলনি হোৱাৰ দিশে বিহাৰ চৰকাৰ। 

বিগত দুটা বছৰত নীতিশ কুমাৰৰ ঘৰশত্ৰু আছিল বিজেপি। কেন্দ্ৰৰ শাসনৰ পৰা বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে নীতিশ কুমাৰৰ নেতৃত্বত গঠন হৈছিল ইণ্ডিয়া। কংগ্ৰেছৰ ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱালকে ধৰি নীতিশ কুমাৰ আছিল ইণ্ডিয়াৰ মূল কাণ্ডাৰী। কিন্তু নীতিশ কুমাৰৰ শেহতীয়া স্থিতিত থানবান হোৱাৰ দিশে বিৰোধীৰ ইণ্ডিয়া। উল্লেখ্য যে ২০০৬ চনৰ পৰা বিহাৰৰ অন্যতম নেতা প্ৰয়াত কৰ্পূৰী ঠাকুৰক ভাৰত ৰত্ন প্ৰদানৰ বাবে দাবী জনাই আহিছিল নীতিশ কুমাৰে। 

অৱশেষত বিজেপি চৰকাৰে প্ৰয়াত কৰ্পূৰী ঠাকুৰক প্ৰদান কৰে ভাৰত ৰত্ন সন্মান। কৰ্পূৰী ঠাকুৰক ভাৰত ৰত্ন প্ৰদানৰ পাছতে বিজেপিৰ প্ৰতি কিছু নৰম হয় নীতিশ কুমাৰ। কাৰণ কংগ্ৰেছৰ শাসনকালৰ সময়তো নীতিশ কুমাৰে দাবী জনাই আহিছিল কৰ্পূৰী ঠাকুৰক ভাৰত ৰত্ন প্ৰদানৰ বাবে। এই ক্ষেত্ৰত নীতিশ কুমাৰ ধন্যবাদ জনায় বিজেপি চৰকাৰক। ইয়াৰ পাছতে লালু প্ৰসাদ যাদৱৰ কন্যাৰ টুইটৰ পাছতে অথন্তৰ লাগে বিহাৰৰ ৰাজনীতিত। RJDৰ সংগ ত্যাগ কৰি পুনৰ বিজেপিৰ সৈতে হাত মিলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে নীতিশ কুমাৰে। স্বাভাৱিকতে নীতিশ কুমাৰৰ এই পদক্ষেপৰ পাছতে অনিশ্চয়তাত পৰে বিৰোধী ইণ্ডিয়া। কাৰণ নীতিশ কুমাৰৰ পূৰ্বে মমতা বেনাৰ্জীয়ে মুকলিকৈ ঘোষণা কৰিছিল নিজৰ সিদ্ধান্ত। বংগত লোকসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল মমতা বেনাৰ্জীয়ে। কাৰ্যতঃ মমতাৰ ঘোষণা আছিল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰথমটো আঘাত। 

সমান্তৰালকৈ পাঞ্জাবত আসন এৰি নিদিয়ে বুলি স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰী ভগৱন্ত মানেও। মমতা আৰু ভগৱন্ত মানৰ উপৰি উত্তৰ প্ৰদেশত অখিলেশ যাদৱে গ্ৰহণ কৰিছে একেই স্থিতি। মুঠৰ ওপৰত আসন ভাগ–বাটোৱাৰাক লৈ শ’লঠেকত বিৰোধী ‘ইণ্ডিয়া’। ইয়াৰ মাজতে নীতিশ কুমাৰৰ ৰাজনৈতিক পাশাখেলে অনিশ্চয়তাত পেলাইছে বিৰোধীৰ ইণ্ডিয়াক। মূলতঃ ক্ষমতা লোভৰ আকাংক্ষাৰ বাবেই থানবান হোৱাৰ দিশে বিৰোধী ইণ্ডিয়া। বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে গঠন হৈছিল বিৰোধীৰ ইণ্ডিয়া। কিন্তু কেইবালানি বৈঠকৰ বাহিৰে কাৰ্যক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই দেশৰ ৰাজনীতিত। 

ইয়াৰ বিপৰীতে বিৰোধী ঐক্যক বহুধাবিভক্ত কৰাৰ বাবে বিজেপিয়ে চলাইছিল বিভিন্ন কূট–কৌশল। অৱশেষত ইণ্ডিয়াৰ মূল কাণ্ডাৰী নীতিশ কুমাৰক ইণ্ডিয়াৰ পৰা আঁতৰাই অনাত সফল হ’ল বিজেপি। নীতিশ কুমাৰ উপৰিও ইণ্ডিয়াৰ আন নেতাসকলৰ ওপৰতো নজৰ ৰাখিছে বিজেপিয়ে। যিকোনো প্ৰকাৰে ইণ্ডিয়াক থানবান কৰাৰ চেষ্টা চলাই আহিছে বিজেপিয়ে। এইক্ষেত্ৰত আপৰ অভিযোগ ৭গৰাকী বিধায়কক ২৫ কোটি টকাৰ প্ৰলোভন দিছে বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু