--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ'ব হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত শাসকীয় দলে এতিয়াৰ পৰাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান৷ তাৰ মাজতে ৰাজ্যখনৰ বিজেপিৰ যুৱ মৰ্চাৰ এটা অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা তাৰকা ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে অংশ লোৱাৰ কথাক তীব্ৰ চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল৷ এই চৰ্চাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মঙলবাৰে তেওঁ এই সপ্তাহৰ শেষৰ ফালে নিৰ্বাচনমুখী হিমাচল প্ৰদেশত বিজেপিৰ যুৱ মৰ্চা বা যুৱ শাখাৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰা বাতৰিক স্পষ্টভাৱে অস্বীকাৰ কৰে। দ্ৰাবিড়ে প্ৰকাশ কৰে যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই প্ৰতিবেদন শুদ্ধ নহয়।

এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দ্ৰাবিড়ে কয়, ‘একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে মই ১২-১৫ মে'ত হিমাচল প্ৰদেশত বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰিম। মই স্পষ্ট কৰিব বিচাৰোঁ যে এই বাতৰি অশুদ্ধ।’ দ্ৰাবিড়ে সংবাদ প্ৰতিষ্ঠান এএনআইক এই কথা অৱগত কৰে।

বিজেপি ধৰ্মশালাৰ বিধায়ক বিশাল নেহৰিয়াই দাবী কৰিছিল যে, দ্ৰাবিড়ে ১২ মে'ৰ পৰা ১৫ মে'লৈ ধৰ্মশালাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। নেহৰিয়াই কয় যে, 'বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ কাৰ্যসূচী ১২ৰ পৰা ১৫ মে'ৰ ভিতৰত ধৰ্মশালাত অনুষ্ঠিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু হিমাচল প্ৰদেশৰ নেতৃত্বও তাত উপস্থিত থাকিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়েও অধিৱেশনত অংশগ্ৰহণ কৰিব৷' নেহৰিয়াই লগতে দাবী কৰিছিল যে দ্ৰাবিড়ৰ উপস্থিতিয়ে যুৱ চামক উৎসাহিত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষৰ দিশে অগ্ৰসৰ হ'বলৈ বাৰ্তা প্ৰেৰণ কৰিব।

তেওঁ সদৰি কৰিছিল যে, ‘ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়েও ইয়াত অংশগ্ৰহণ কৰিব। তেওঁৰ অংশগ্ৰহণৰ জৰিয়তে যুৱসকললৈ এটা বাৰ্তা দিয়া হ'ব যে আমি কেৱল ৰাজনীতিতে নহয়, আন ক্ষেত্ৰতো আগবাঢ়িব পাৰোঁ।’ পাছত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এই দাবীক অস্বীকাৰ কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস