--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ'ব হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত শাসকীয় দলে এতিয়াৰ পৰাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান৷ তাৰ মাজতে ৰাজ্যখনৰ বিজেপিৰ যুৱ মৰ্চাৰ এটা অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা তাৰকা ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে অংশ লোৱাৰ কথাক তীব্ৰ চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল৷ এই চৰ্চাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে মঙলবাৰে তেওঁ এই সপ্তাহৰ শেষৰ ফালে নিৰ্বাচনমুখী হিমাচল প্ৰদেশত বিজেপিৰ যুৱ মৰ্চা বা যুৱ শাখাৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰা বাতৰিক স্পষ্টভাৱে অস্বীকাৰ কৰে। দ্ৰাবিড়ে প্ৰকাশ কৰে যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই প্ৰতিবেদন শুদ্ধ নহয়।

এই সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দ্ৰাবিড়ে কয়, ‘একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে মই ১২-১৫ মে'ত হিমাচল প্ৰদেশত বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰিম। মই স্পষ্ট কৰিব বিচাৰোঁ যে এই বাতৰি অশুদ্ধ।’ দ্ৰাবিড়ে সংবাদ প্ৰতিষ্ঠান এএনআইক এই কথা অৱগত কৰে।

বিজেপি ধৰ্মশালাৰ বিধায়ক বিশাল নেহৰিয়াই দাবী কৰিছিল যে, দ্ৰাবিড়ে ১২ মে'ৰ পৰা ১৫ মে'লৈ ধৰ্মশালাত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰিব। নেহৰিয়াই কয় যে, 'বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ কাৰ্যসূচী ১২ৰ পৰা ১৫ মে'ৰ ভিতৰত ধৰ্মশালাত অনুষ্ঠিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু হিমাচল প্ৰদেশৰ নেতৃত্বও তাত উপস্থিত থাকিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়েও অধিৱেশনত অংশগ্ৰহণ কৰিব৷' নেহৰিয়াই লগতে দাবী কৰিছিল যে দ্ৰাবিড়ৰ উপস্থিতিয়ে যুৱ চামক উৎসাহিত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষৰ দিশে অগ্ৰসৰ হ'বলৈ বাৰ্তা প্ৰেৰণ কৰিব।

তেওঁ সদৰি কৰিছিল যে, ‘ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়েও ইয়াত অংশগ্ৰহণ কৰিব। তেওঁৰ অংশগ্ৰহণৰ জৰিয়তে যুৱসকললৈ এটা বাৰ্তা দিয়া হ'ব যে আমি কেৱল ৰাজনীতিতে নহয়, আন ক্ষেত্ৰতো আগবাঢ়িব পাৰোঁ।’ পাছত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে এই দাবীক অস্বীকাৰ কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন