--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ে সময়ে প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি অহা দলৰে জেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমণিয়ম স্বামীৰ সৈতে বিজেপিৰ সংঘাত প্ৰত্যক্ষৰূপত সমুখলৈ আহিছে। কেন্দ্ৰক ধাৰাবাহিকভাৱে কৰি অহা সমালোচনাৰ ফলত এইবাৰ কেন্দ্ৰৰ ৰোষত পৰিছে জেষ্ঠ নেতাগৰাকী। ইয়াৰ ফলশ্ৰুতিতে ২০১৬ চনৰ পৰা প্ৰাক্তন সাংসদগৰাকীয়ে বাস কৰি অহা দিল্লীস্থিত চৰকাৰী বাসগৃহ খালী কৰিবলৈ আগবাঢ়িছে। আজি দিল্লী উচ্চ ন্যায়ালয়ে সুব্ৰমণিয়ম স্বামীক ছয় সপ্তাহৰ ভিতৰত দিল্লীত থকা তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিছে। 

কেবিনেট সমিতিয়ে ২০১৬ চনৰ জানুৱাৰীত পাঁচ বছৰৰ বাবে সুব্ৰমণিয়ম স্বামীক লুটিয়েন অঞ্চলত চৰকাৰী আৱাসগৃহ আৱণ্টন কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিলত তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে স্বামীয়ে এই চৰকাৰী আৱাসৰ পুনৰ আৱণ্টন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত স্বামীয়ে তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহা বুলি উল্লেখ কৰিছিল।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে আজি স্বামীৰ অনুৰোধ নাকচ কৰে আৰু অহা ছয় সপ্তাহৰ ভিতৰত তেওঁৰ বাসগৃহ সংশ্লিষ্ট চৰকাৰী বিষয়াক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে চৰকাৰী বাসগৃহ এৰিবলগীয়া হ’লেও স্বামীয়ে Z+ নিৰাপত্তা সেৱা পূৰ্বৰ দৰেই লাভ কৰিব বুলি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে আদেশত উল্লেখ কৰে। 

জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আদালতৰ সমুখত যুক্তি আগবঢ়াইছিল যে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ কথা বিবেচনা কৰি তেওঁক চৰকাৰী আৱাসৰ আবণ্টন পুনৰ দিব লাগে। কিন্তু স্বামীৰ অনুৰোধৰ বিপৰীতে যুক্তি প্ৰদৰ্শন কৰি এডিচনেল চলিছিটৰ জেনেৰেল সঞ্জয় জৈনে স্বামীক তেওঁৰ বৰ্তমানৰ বাসগৃহ খালী কৰাৰ পিছত নিজামুদ্দিন পূবত থকা নিজৰ বাসগৃহলৈ উভতি যোৱাৰ পৰামৰ্শ দিয়ে। 

উল্লেখ্য যে সুব্ৰমণিয়ম স্বামীয়ে চৰকাৰী বাসগৃহৰ পুনৰ আবণ্টন বিচাৰি আদালতত আবেদন জনোৱাৰ পিছতে কেন্দ্ৰই তেওঁৰ এই আবেদনৰ বিৰোধিতা কৰিছিল। কেন্দ্ৰীয় চৰকাৰে স্বামীৰ নামত থকা আবণ্টনৰ ম্যাদ উকলি যোৱাৰ যুক্তি দি বাসগেহটো আন মন্ত্ৰী তথা সাংসদসকলক দিয়াৰ প্ৰয়োজন বুলি আদালতত উল্লেখ কৰিছিল।

বিগত সময়চোৱাত স্বামীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰি আহিছে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কেন্দ্ৰৰ অৰ্থনৈতিক নীতিকো ক্ষুৰধাৰ সমালোচনা কৰিছে। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ বিফলতাকো উদঙাই দিছিল প্ৰাক্তন সাংসদগৰাকীয়ে। আনহাতে মোদী দেশৰ ৰজা নহয় বুলি মন্তব্য কৰি স্বামীয়ে মোদীৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ বিৰোধী হিচাপে নিজকে পৰিচয় দিছিল আৰু এই বিষয়ত মুকলি বিতৰ্কৰো প্ৰত্যাহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ