--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সময়ে সময়ে প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি অহা দলৰে জেষ্ঠ নেতা তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমণিয়ম স্বামীৰ সৈতে বিজেপিৰ সংঘাত প্ৰত্যক্ষৰূপত সমুখলৈ আহিছে। কেন্দ্ৰক ধাৰাবাহিকভাৱে কৰি অহা সমালোচনাৰ ফলত এইবাৰ কেন্দ্ৰৰ ৰোষত পৰিছে জেষ্ঠ নেতাগৰাকী। ইয়াৰ ফলশ্ৰুতিতে ২০১৬ চনৰ পৰা প্ৰাক্তন সাংসদগৰাকীয়ে বাস কৰি অহা দিল্লীস্থিত চৰকাৰী বাসগৃহ খালী কৰিবলৈ আগবাঢ়িছে। আজি দিল্লী উচ্চ ন্যায়ালয়ে সুব্ৰমণিয়ম স্বামীক ছয় সপ্তাহৰ ভিতৰত দিল্লীত থকা তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰিবলৈ নিৰ্দেশ দিছে। 

কেবিনেট সমিতিয়ে ২০১৬ চনৰ জানুৱাৰীত পাঁচ বছৰৰ বাবে সুব্ৰমণিয়ম স্বামীক লুটিয়েন অঞ্চলত চৰকাৰী আৱাসগৃহ আৱণ্টন কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিলত তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে স্বামীয়ে এই চৰকাৰী আৱাসৰ পুনৰ আৱণ্টন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত স্বামীয়ে তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহা বুলি উল্লেখ কৰিছিল।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে আজি স্বামীৰ অনুৰোধ নাকচ কৰে আৰু অহা ছয় সপ্তাহৰ ভিতৰত তেওঁৰ বাসগৃহ সংশ্লিষ্ট চৰকাৰী বিষয়াক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে চৰকাৰী বাসগৃহ এৰিবলগীয়া হ’লেও স্বামীয়ে Z+ নিৰাপত্তা সেৱা পূৰ্বৰ দৰেই লাভ কৰিব বুলি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে আদেশত উল্লেখ কৰে। 

জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আদালতৰ সমুখত যুক্তি আগবঢ়াইছিল যে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ কথা বিবেচনা কৰি তেওঁক চৰকাৰী আৱাসৰ আবণ্টন পুনৰ দিব লাগে। কিন্তু স্বামীৰ অনুৰোধৰ বিপৰীতে যুক্তি প্ৰদৰ্শন কৰি এডিচনেল চলিছিটৰ জেনেৰেল সঞ্জয় জৈনে স্বামীক তেওঁৰ বৰ্তমানৰ বাসগৃহ খালী কৰাৰ পিছত নিজামুদ্দিন পূবত থকা নিজৰ বাসগৃহলৈ উভতি যোৱাৰ পৰামৰ্শ দিয়ে। 

উল্লেখ্য যে সুব্ৰমণিয়ম স্বামীয়ে চৰকাৰী বাসগৃহৰ পুনৰ আবণ্টন বিচাৰি আদালতত আবেদন জনোৱাৰ পিছতে কেন্দ্ৰই তেওঁৰ এই আবেদনৰ বিৰোধিতা কৰিছিল। কেন্দ্ৰীয় চৰকাৰে স্বামীৰ নামত থকা আবণ্টনৰ ম্যাদ উকলি যোৱাৰ যুক্তি দি বাসগেহটো আন মন্ত্ৰী তথা সাংসদসকলক দিয়াৰ প্ৰয়োজন বুলি আদালতত উল্লেখ কৰিছিল।

বিগত সময়চোৱাত স্বামীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰি আহিছে। বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে কেন্দ্ৰৰ অৰ্থনৈতিক নীতিকো ক্ষুৰধাৰ সমালোচনা কৰিছে। দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ বিফলতাকো উদঙাই দিছিল প্ৰাক্তন সাংসদগৰাকীয়ে। আনহাতে মোদী দেশৰ ৰজা নহয় বুলি মন্তব্য কৰি স্বামীয়ে মোদীৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ বিৰোধী হিচাপে নিজকে পৰিচয় দিছিল আৰু এই বিষয়ত মুকলি বিতৰ্কৰো প্ৰত্যাহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু