--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কালিৰে পৰা গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক এক ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ৷ এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ সিঙে তেওঁৰ ভাষণত কংগ্ৰেছৰ ভিতৰৰ পৰাই ব্যক্তিগত সুবিধা বিচাৰি নিজৰ সততা, দায়বদ্ধতা আৰু দলৰ আদৰ্শৰ সৈতে আপোচ কৰাসকলক সকীয়নি দি কয়, যিসকলে কংগ্ৰেছ এৰি বিজেপিলৈ যাব খোজে, তেওঁলোক যাব পাৰে৷ দলে কাকো বাধা নিদিয়ে৷

জিতেন্দ্ৰ সিঙক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ…

ভাষণ প্ৰসংগত জিতেন্দ্ৰ সিঙে স্পষ্টভাৱে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ যিসকল কংগ্ৰেছ নেতাই সুবিধা আদায় কৰাৰ আশাত, হিচাপ-নিকাচ কৰি মুখ বন্ধ ৰাখিছে, তেওঁলোকে মনত ৰখা ভাল যে এই বন্ধ মুখে তেওঁলোকে ভৱিষ্যতে নেতৃত্ব লাভ কৰাৰ সম্ভাৱনাকো ৰুদ্ধ কৰিছে৷ জিতেন্দ্ৰ সিঙৰ এই মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত৷ একেদৰে প্ৰশ্ন উত্থাপন হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কোন নেতাই বিজেপিলৈ যাবলৈ মন মেলিছে? কিয়নো, ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিলৈ গৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ইজনৰ পিছত সিজন নেতা৷ বৰাকৰ গৌতম ৰয়ৰ পাছত অলপতে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁয়ে৷ তাৰ পাছত অনুষ্ঠিত উপ-নিৰ্বাচনত এই দুই নেতা বিজেপিৰপৰা বিধায়কৰূপে নিৰ্বাচিত হয়৷

পৰৱৰ্তী সময়ত আৰু কেইবাগৰাকীও বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড° শৰ্মাই৷ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে প্ৰতিটো দলতে তেওঁৰ ‘নিজৰ মানুহ’ আছে, আনকি কংগ্ৰেছৰ ভিতৰতো তেওঁৰ সৈতে সঘন যোগাযোগত থকা নেতা আছে বুলি উল্লেখ কৰিছিল৷ এনে সময়তে কংগ্ৰেছৰ তত্বাৱধায়ক তথা কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে ঘনিষ্ঠ জিতেন্দ্ৰ সিঙৰ কালিৰ মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ ইতিমধ্যে, যিসকল কংগ্ৰেছ নেতা বিজেপিলৈ গমন কৰিছে, তেওঁলোকৰ বেছিভাগেই বিজেপিৰ দলীয় আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা নাই বুলি ইতিমধ্যেই চৰ্চিত৷

কিয়নো, এইসকল নেতা কেৱল হিমন্ত বিশ্ব শৰ্মাৰহে অনুগামী৷ আনকি, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আগে-পিছে কংগ্ৰেছ এৰি কেইবাগৰাকীও কংগ্ৰেছৰ যুৱনেতাই বিজেপিত যোগদান কৰিছিল৷ আনকি এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ব্যক্তিগত ঘনিষ্ঠতা আৰু শৰ্মাৰ কূটনৈতিক মন্ত্ৰণাত বিজেপিলৈ যোৱাৰ চেষ্টা চলাই আছে একাংশ জ্যেষ্ঠ কংগ্ৰেছীয়ে৷ এইসকল জ্যেষ্ঠ কংগ্ৰেছীয়ে বিজেপিৰ কথামতেই কংগ্ৰেছত কাম-কাজ কৰাৰ অভিযোগ আছে৷ ইয়াৰে কোনোবাই যদি অত্যন্ত সাম্প্ৰদায়িক মন্তব্যৰে কংগ্ৰেছক শলঠেকত পেলাইছে, আন কোনোবাই দলৰ ভিতৰৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে৷ কংগ্ৰেছৰ ভিতৰত থাকিয়ে বিজেপিৰ গোপন এজেণ্ট হৈ কাম কৰা এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদে কেৱল ভোটাৰৰ জনগাঁথনি আৰু বিজেপিত যোগদান কৰি নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনা নাই বাবেহে বিজেপিত যোগদান কৰাৰ পৰা বিৰত আছে৷

তেনেদৰে, এগৰাকী কংগ্ৰেছ সাংসদ তথা তদানীন্তন তৰুণ গগৈ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা দিনৰে পৰা শৰ্মাৰ সৈতে ঘনিষ্ঠতা বৰ্তাই ৰখা বুলি জনা যায়৷ এইগৰাকী কংগ্ৰেছ নেতাই আনকি জিলা সলাই হ’লেও নিজৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰাখিবলগীয়া হৈছে৷ নেতাগৰাকীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰীৰে থকা সংঘাতৰ বাবেই সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা জয়ী হৈ অহাৰ সম্ভাৱনা তেনেই ক্ষীণ৷

তেনেস্থলত নেতাগৰাকীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি খবৰ ওলোৱাৰ পাছত নেতাগৰাকীয়ে তেনে সম্ভাৱনাক নস্যাৎ কৰিলেও কালি জিতেন্দ্ৰ সিঙৰ মন্তব্যই নেতাগৰাকীৰ বিজেপি গমনৰ সম্ভাৱনাক প্ৰকট কৰি তুলিলে৷ জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ আঁত ধৰিয়ে কংগ্ৰেছৰ ভিতৰত যদি বিজেপিৰ এজেণ্ট থকা বুলি ধৰা হয়, তেন্তে এনে নেতাই কংগ্ৰেছৰ সাংগঠনিক ভেটি দুৰ্বল কৰাৰ লগতে দলৰ গোপনীয়তাকো যে ভংগ কৰিছে, সেয়া নিশ্চিত৷ পৰৱৰ্তী সময়ত এইসকল নেতাই নিজেই কংগ্ৰেছ ত্যাগ কৰিব নে দলীয় নেতৃত্বই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক