--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কালিৰে পৰা গুৱাহাটীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক এক ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ৷ এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ সিঙে তেওঁৰ ভাষণত কংগ্ৰেছৰ ভিতৰৰ পৰাই ব্যক্তিগত সুবিধা বিচাৰি নিজৰ সততা, দায়বদ্ধতা আৰু দলৰ আদৰ্শৰ সৈতে আপোচ কৰাসকলক সকীয়নি দি কয়, যিসকলে কংগ্ৰেছ এৰি বিজেপিলৈ যাব খোজে, তেওঁলোক যাব পাৰে৷ দলে কাকো বাধা নিদিয়ে৷

জিতেন্দ্ৰ সিঙক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ…

ভাষণ প্ৰসংগত জিতেন্দ্ৰ সিঙে স্পষ্টভাৱে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ যিসকল কংগ্ৰেছ নেতাই সুবিধা আদায় কৰাৰ আশাত, হিচাপ-নিকাচ কৰি মুখ বন্ধ ৰাখিছে, তেওঁলোকে মনত ৰখা ভাল যে এই বন্ধ মুখে তেওঁলোকে ভৱিষ্যতে নেতৃত্ব লাভ কৰাৰ সম্ভাৱনাকো ৰুদ্ধ কৰিছে৷ জিতেন্দ্ৰ সিঙৰ এই মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ভিতৰচ’ৰাত৷ একেদৰে প্ৰশ্ন উত্থাপন হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কোন নেতাই বিজেপিলৈ যাবলৈ মন মেলিছে? কিয়নো, ইতিমধ্যে কংগ্ৰেছ এৰি বিজেপিলৈ গৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ইজনৰ পিছত সিজন নেতা৷ বৰাকৰ গৌতম ৰয়ৰ পাছত অলপতে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁয়ে৷ তাৰ পাছত অনুষ্ঠিত উপ-নিৰ্বাচনত এই দুই নেতা বিজেপিৰপৰা বিধায়কৰূপে নিৰ্বাচিত হয়৷

পৰৱৰ্তী সময়ত আৰু কেইবাগৰাকীও বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড° শৰ্মাই৷ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে প্ৰতিটো দলতে তেওঁৰ ‘নিজৰ মানুহ’ আছে, আনকি কংগ্ৰেছৰ ভিতৰতো তেওঁৰ সৈতে সঘন যোগাযোগত থকা নেতা আছে বুলি উল্লেখ কৰিছিল৷ এনে সময়তে কংগ্ৰেছৰ তত্বাৱধায়ক তথা কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে ঘনিষ্ঠ জিতেন্দ্ৰ সিঙৰ কালিৰ মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ ইতিমধ্যে, যিসকল কংগ্ৰেছ নেতা বিজেপিলৈ গমন কৰিছে, তেওঁলোকৰ বেছিভাগেই বিজেপিৰ দলীয় আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা নাই বুলি ইতিমধ্যেই চৰ্চিত৷

কিয়নো, এইসকল নেতা কেৱল হিমন্ত বিশ্ব শৰ্মাৰহে অনুগামী৷ আনকি, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আগে-পিছে কংগ্ৰেছ এৰি কেইবাগৰাকীও কংগ্ৰেছৰ যুৱনেতাই বিজেপিত যোগদান কৰিছিল৷ আনকি এতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ব্যক্তিগত ঘনিষ্ঠতা আৰু শৰ্মাৰ কূটনৈতিক মন্ত্ৰণাত বিজেপিলৈ যোৱাৰ চেষ্টা চলাই আছে একাংশ জ্যেষ্ঠ কংগ্ৰেছীয়ে৷ এইসকল জ্যেষ্ঠ কংগ্ৰেছীয়ে বিজেপিৰ কথামতেই কংগ্ৰেছত কাম-কাজ কৰাৰ অভিযোগ আছে৷ ইয়াৰে কোনোবাই যদি অত্যন্ত সাম্প্ৰদায়িক মন্তব্যৰে কংগ্ৰেছক শলঠেকত পেলাইছে, আন কোনোবাই দলৰ ভিতৰৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গৈছে৷ কংগ্ৰেছৰ ভিতৰত থাকিয়ে বিজেপিৰ গোপন এজেণ্ট হৈ কাম কৰা এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদে কেৱল ভোটাৰৰ জনগাঁথনি আৰু বিজেপিত যোগদান কৰি নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱনা নাই বাবেহে বিজেপিত যোগদান কৰাৰ পৰা বিৰত আছে৷

তেনেদৰে, এগৰাকী কংগ্ৰেছ সাংসদ তথা তদানীন্তন তৰুণ গগৈ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা দিনৰে পৰা শৰ্মাৰ সৈতে ঘনিষ্ঠতা বৰ্তাই ৰখা বুলি জনা যায়৷ এইগৰাকী কংগ্ৰেছ নেতাই আনকি জিলা সলাই হ’লেও নিজৰ ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰাখিবলগীয়া হৈছে৷ নেতাগৰাকীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰীৰে থকা সংঘাতৰ বাবেই সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা জয়ী হৈ অহাৰ সম্ভাৱনা তেনেই ক্ষীণ৷

তেনেস্থলত নেতাগৰাকীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি খবৰ ওলোৱাৰ পাছত নেতাগৰাকীয়ে তেনে সম্ভাৱনাক নস্যাৎ কৰিলেও কালি জিতেন্দ্ৰ সিঙৰ মন্তব্যই নেতাগৰাকীৰ বিজেপি গমনৰ সম্ভাৱনাক প্ৰকট কৰি তুলিলে৷ জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ আঁত ধৰিয়ে কংগ্ৰেছৰ ভিতৰত যদি বিজেপিৰ এজেণ্ট থকা বুলি ধৰা হয়, তেন্তে এনে নেতাই কংগ্ৰেছৰ সাংগঠনিক ভেটি দুৰ্বল কৰাৰ লগতে দলৰ গোপনীয়তাকো যে ভংগ কৰিছে, সেয়া নিশ্চিত৷ পৰৱৰ্তী সময়ত এইসকল নেতাই নিজেই কংগ্ৰেছ ত্যাগ কৰিব নে দলীয় নেতৃত্বই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন