--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে গোৱাত বিজেপিৰ এক ডাঙৰ জোকাৰণি৷ এইবাৰ যৌন কেলেংকাৰীত নাম সাঙোৰ খাইছে গোৱাৰ নগৰ উন্নয়ন আৰু সমাজ কল্যাণ মন্ত্ৰী মিলিন্দ নাইকৰ৷ এই অভিযোগ উত্থাপন কৰিছে গোৱাৰ কংগ্ৰেছে৷ যাৰফলত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে বিজেপিৰ নেতাজনে৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই এই সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগৰ সচা নে মিছা তাৰ ওপৰত তদন্ত চলাব বুলি মত পোষণ কৰে।

শেহতীয়াকৈ গোৱাৰ নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নাইকে বুধবাৰে পানাজীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত ৰাজ্যিক মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। গোৱা কংগ্ৰেছৰ মুৰব্বী গিৰীশ চোদংকাৰে নায়েকক কেবিনেট সদস্য হিচাপে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিহাৰৰ এগৰাকী মহিলাৰ যৌন শোষণত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। 'এইটো অপৰাধ হওক বা নহওঁক এটা বেলেগ বিষয়। কিন্তু এজন মন্ত্ৰীয়ে তেওঁৰ পদৰ অপব্যৱহাৰ কৰিছে আৰু এগৰাকী মহিলাক যৌন শোষণ কৰিছে। এনে এজন মন্ত্ৰী গোৱা আৰু সকলো গোৱানৰ বাবে অপমানজনক। তেওঁক তৎক্ষণাৎ বৰ্খাস্ত কৰা উচিত আৰু এই চৰকাৰে গোৱাৰ লোকসকলক দেখুৱাব লাগিব যে মহিলাক শোষণ কৰা মিলিন্দ নায়েকৰ দৰে মন্ত্ৰীসকলক এৰি দিয়া নহ'ব'- বলি মন্তব্য কৰে গিৰীশ চোদংকাৰে।

ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি সংকল্প আমোনকাৰে নায়েকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছিল, লগতে ভুক্তভোগী মহিলাগৰাকী আৰু বিধায়কৰ মাজত হোৱা এটা বাৰ্তালাপৰ অডিঅ' কথোপকথন মুকলি কৰিছিল।

বুধবাৰে নিশা বিজেপি কলংকৃত বিধায়কক সাক্ষাৎ কৰাৰ পাছত, সাৱন্তে সাংবাদিকক কৈছিল যে নাইকে গোচৰটোৰ মুক্ত আৰু নিৰপেক্ষ তদন্তৰ বাবে পদত্যাগ কৰিছে। 'মই পদত্যাগ গ্ৰহণ কৰিছো আৰু ৰাজ্যপাললৈও প্ৰেৰণ কৰিছো।'

মুখ্যমন্ত্ৰীয়ে এইটোও কৈছিল যে নাইকে তেওঁক কৈছিল যে তেওঁ ব্যক্তিগত পৰ্যায়ত গোচৰটো যুঁজিব। 'তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ ব্যক্তিগত আৰু তেওঁ ইয়াৰ বিষয়ে কি কৰিব সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্তৰ বিষয় হ'ব,'- বুলিও সাৱন্তে কয়।

ইপিনে ৰাজ্যিক বিধানসভা নিৰ্বাচন ২০২২ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। চোদংকৰে দাবী কৰিছে যে আৰক্ষীয়ে নায়েকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিব।

ইফালে, বুধবাৰে আমোংকৰ আৰু কংগ্ৰেছৰ আন নেতাসকলে পানাজীৰ মহিলা আৰক্ষী থানাত নায়েকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ উত্থাপন কৰে। তেওঁলোকে চেল ফোন ৰেকৰ্ড আৰু অন্যান্য প্ৰমাণ থকাবুলিও দাবী কৰিছিল৷ আনহাতে মন্ত্ৰীজনে মহিলাগৰাকীক যৌন নিৰ্যাতন চলাই গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল বুলি গুৰুত্ব অভিযোগ উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু