--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে গোৱাত বিজেপিৰ এক ডাঙৰ জোকাৰণি৷ এইবাৰ যৌন কেলেংকাৰীত নাম সাঙোৰ খাইছে গোৱাৰ নগৰ উন্নয়ন আৰু সমাজ কল্যাণ মন্ত্ৰী মিলিন্দ নাইকৰ৷ এই অভিযোগ উত্থাপন কৰিছে গোৱাৰ কংগ্ৰেছে৷ যাৰফলত মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে বিজেপিৰ নেতাজনে৷ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই এই সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগৰ সচা নে মিছা তাৰ ওপৰত তদন্ত চলাব বুলি মত পোষণ কৰে।

শেহতীয়াকৈ গোৱাৰ নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নাইকে বুধবাৰে পানাজীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত ৰাজ্যিক মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। গোৱা কংগ্ৰেছৰ মুৰব্বী গিৰীশ চোদংকাৰে নায়েকক কেবিনেট সদস্য হিচাপে তেওঁৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি বিহাৰৰ এগৰাকী মহিলাৰ যৌন শোষণত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল। 'এইটো অপৰাধ হওক বা নহওঁক এটা বেলেগ বিষয়। কিন্তু এজন মন্ত্ৰীয়ে তেওঁৰ পদৰ অপব্যৱহাৰ কৰিছে আৰু এগৰাকী মহিলাক যৌন শোষণ কৰিছে। এনে এজন মন্ত্ৰী গোৱা আৰু সকলো গোৱানৰ বাবে অপমানজনক। তেওঁক তৎক্ষণাৎ বৰ্খাস্ত কৰা উচিত আৰু এই চৰকাৰে গোৱাৰ লোকসকলক দেখুৱাব লাগিব যে মহিলাক শোষণ কৰা মিলিন্দ নায়েকৰ দৰে মন্ত্ৰীসকলক এৰি দিয়া নহ'ব'- বলি মন্তব্য কৰে গিৰীশ চোদংকাৰে।

ৰাজ্যিক কংগ্ৰেছৰ উপ-সভাপতি সংকল্প আমোনকাৰে নায়েকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছিল, লগতে ভুক্তভোগী মহিলাগৰাকী আৰু বিধায়কৰ মাজত হোৱা এটা বাৰ্তালাপৰ অডিঅ' কথোপকথন মুকলি কৰিছিল।

বুধবাৰে নিশা বিজেপি কলংকৃত বিধায়কক সাক্ষাৎ কৰাৰ পাছত, সাৱন্তে সাংবাদিকক কৈছিল যে নাইকে গোচৰটোৰ মুক্ত আৰু নিৰপেক্ষ তদন্তৰ বাবে পদত্যাগ কৰিছে। 'মই পদত্যাগ গ্ৰহণ কৰিছো আৰু ৰাজ্যপাললৈও প্ৰেৰণ কৰিছো।'

মুখ্যমন্ত্ৰীয়ে এইটোও কৈছিল যে নাইকে তেওঁক কৈছিল যে তেওঁ ব্যক্তিগত পৰ্যায়ত গোচৰটো যুঁজিব। 'তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ ব্যক্তিগত আৰু তেওঁ ইয়াৰ বিষয়ে কি কৰিব সেয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্তৰ বিষয় হ'ব,'- বুলিও সাৱন্তে কয়।

ইপিনে ৰাজ্যিক বিধানসভা নিৰ্বাচন ২০২২ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। চোদংকৰে দাবী কৰিছে যে আৰক্ষীয়ে নায়েকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিব।

ইফালে, বুধবাৰে আমোংকৰ আৰু কংগ্ৰেছৰ আন নেতাসকলে পানাজীৰ মহিলা আৰক্ষী থানাত নায়েকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ উত্থাপন কৰে। তেওঁলোকে চেল ফোন ৰেকৰ্ড আৰু অন্যান্য প্ৰমাণ থকাবুলিও দাবী কৰিছিল৷ আনহাতে মন্ত্ৰীজনে মহিলাগৰাকীক যৌন নিৰ্যাতন চলাই গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল বুলি গুৰুত্ব অভিযোগ উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ