--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদ্ৰোহী শিবিৰটোত লগ হৈছে ইজনৰ পাছত সিজন নেতা৷ বিদ্ৰোহৰ অনল উত্তাপত উন্মোচিত হৈছে দলটোৰ ভিতৰত চলি থকা নিযুক্তি কেলেংকাৰি, নাৰী কেলেংকাৰিৰ দৰে কেতবোৰ অসামাজিক বিষয়৷ অভিযোগত-প্ৰতি অভিযোগত বিপৰ্যস্ত হৈ পৰিছে দলটো৷ 

অভিযোগ কোনো বিৰোধী দলে অনা নাই, অভিযোগ আনিছে দলটোৰেই নেতা-পালিনেতাই৷ দলটো চিনিবলৈ পঢ়ুৱৈৰ নিশ্চয় অসুবিধা হোৱা নাই৷ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই থকা বিজেপিৰ কথাই কোৱা হৈছে৷ হয়, বিদ্ৰোহ-বিসম্বাদে কঁপাইছে অসম বিজেপিৰ বৰঘৰ৷ মুখ্যমন্ত্ৰী আৰু ন-বিজেপিৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ হৈছে ৰাজ্যিক বিজেপিত৷ অশোক শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পাছত ৰাজেন গোহাঁয়ে মুকলি কৰিছে বন্ধপৃষ্ঠা৷

সমষ্টি পুনৰ নিৰ্ধাৰণত নগাঁও সমষ্টিক লৈ চৰম অসন্তুষ্টি ৰাজেন গোহাঁইৰ৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সন্দেহ প্ৰকাশ কৰি মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে৷ 

ক্ষোভ আৰু অপমানত জৰ্জৰিত হৈ আজি কেবিনেট মৰ্যাদা এৰিলে ৰাজেন গোহাঁয়ে৷ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্র বিষোদগাৰ। প্ৰাক্তন সাংসদ গোহাঁইৰ অভিযোগ- সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও সমষ্টি আজমলৰ হাতত গতাই দিয়া হ’ল।আজমলক সন্তুষ্ট কৰিবলৈয়ে মুখ্যমন্ত্ৰীয়ে কাম কৰাৰ বিস্ফোৰক অভিযোগ ৰাজেন গোহাঁইৰ৷ 

মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয়, কেৱল মিঞাৰ ভোট নালাগে বুলি ক’লেই তেওঁ কট্টৰ হিন্দুত্ববাদী নেতা হৈ নাযায়৷ মই পূৰ্বেও আপত্তি দৰ্শাইছিলোঁ। মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক জনাইছিলোঁ। মোক প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নহ’ল।

ৰাজেন গোহাঁয়ে লগতে কয়, অসমীয়া আৰু হিন্দুক ৰক্ষা কৰিব বুলি তেওঁ মুখেৰেহে কয়। বসুন্ধৰা আচঁনিতো এটা বিশেষ সম্প্ৰদায়কহে আগস্থান দিয়া হৈছে।

গোহাঁইৰ অভিযোগ- যাতে নগাঁৱৰ সংসদজনে তেওঁৰ মানুহক বিধায়ক হোৱাত বাধা দিব নোৱাৰে, তাৰ বাবেই মোক চাইডলাইন কৰা হৈছে। 

ৰাজেন গোহাঁইৰ এই অভিযোগে এতিয়া ধুমুহা আনিছে বিজেপিত৷ পত্ৰ লিখি বিভাগীয় দায়িত্বৰ পৰা পদত্যাগ কৰাৰ পাছত ৰাজেন গোহাঁইৰ স্থিতিক মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বই কিদৰে চম্ভালিবলৈ সক্ষম হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব দলটোৰ ভৱিষ্যতৰ ৰূপৰেখা ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু