--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিদ্ৰোহী শিবিৰটোত লগ হৈছে ইজনৰ পাছত সিজন নেতা৷ বিদ্ৰোহৰ অনল উত্তাপত উন্মোচিত হৈছে দলটোৰ ভিতৰত চলি থকা নিযুক্তি কেলেংকাৰি, নাৰী কেলেংকাৰিৰ দৰে কেতবোৰ অসামাজিক বিষয়৷ অভিযোগত-প্ৰতি অভিযোগত বিপৰ্যস্ত হৈ পৰিছে দলটো৷ 

অভিযোগ কোনো বিৰোধী দলে অনা নাই, অভিযোগ আনিছে দলটোৰেই নেতা-পালিনেতাই৷ দলটো চিনিবলৈ পঢ়ুৱৈৰ নিশ্চয় অসুবিধা হোৱা নাই৷ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ চলাই থকা বিজেপিৰ কথাই কোৱা হৈছে৷ হয়, বিদ্ৰোহ-বিসম্বাদে কঁপাইছে অসম বিজেপিৰ বৰঘৰ৷ মুখ্যমন্ত্ৰী আৰু ন-বিজেপিৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ হৈছে ৰাজ্যিক বিজেপিত৷ অশোক শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পাছত ৰাজেন গোহাঁয়ে মুকলি কৰিছে বন্ধপৃষ্ঠা৷

সমষ্টি পুনৰ নিৰ্ধাৰণত নগাঁও সমষ্টিক লৈ চৰম অসন্তুষ্টি ৰাজেন গোহাঁইৰ৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সন্দেহ প্ৰকাশ কৰি মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে৷ 

ক্ষোভ আৰু অপমানত জৰ্জৰিত হৈ আজি কেবিনেট মৰ্যাদা এৰিলে ৰাজেন গোহাঁয়ে৷ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্র বিষোদগাৰ। প্ৰাক্তন সাংসদ গোহাঁইৰ অভিযোগ- সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও সমষ্টি আজমলৰ হাতত গতাই দিয়া হ’ল।আজমলক সন্তুষ্ট কৰিবলৈয়ে মুখ্যমন্ত্ৰীয়ে কাম কৰাৰ বিস্ফোৰক অভিযোগ ৰাজেন গোহাঁইৰ৷ 

মুখ্যমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয়, কেৱল মিঞাৰ ভোট নালাগে বুলি ক’লেই তেওঁ কট্টৰ হিন্দুত্ববাদী নেতা হৈ নাযায়৷ মই পূৰ্বেও আপত্তি দৰ্শাইছিলোঁ। মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক জনাইছিলোঁ। মোক প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নহ’ল।

ৰাজেন গোহাঁয়ে লগতে কয়, অসমীয়া আৰু হিন্দুক ৰক্ষা কৰিব বুলি তেওঁ মুখেৰেহে কয়। বসুন্ধৰা আচঁনিতো এটা বিশেষ সম্প্ৰদায়কহে আগস্থান দিয়া হৈছে।

গোহাঁইৰ অভিযোগ- যাতে নগাঁৱৰ সংসদজনে তেওঁৰ মানুহক বিধায়ক হোৱাত বাধা দিব নোৱাৰে, তাৰ বাবেই মোক চাইডলাইন কৰা হৈছে। 

ৰাজেন গোহাঁইৰ এই অভিযোগে এতিয়া ধুমুহা আনিছে বিজেপিত৷ পত্ৰ লিখি বিভাগীয় দায়িত্বৰ পৰা পদত্যাগ কৰাৰ পাছত ৰাজেন গোহাঁইৰ স্থিতিক মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বই কিদৰে চম্ভালিবলৈ সক্ষম হয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব দলটোৰ ভৱিষ্যতৰ ৰূপৰেখা ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement