--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ৰাজ্যিক বিজেপিত মুকলি হ’ল নতুন-পুৰণিৰ সংঘাত৷ বিদ্ৰোহ-বিসম্বাদত কম্পমান বিজেপিৰ বৰঘৰ৷ বিদ্ৰোহৰ উকমুকনিৰ মাজতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চাঞ্চল্যকৰ মন্তব্য৷ নাৰীয়ে ওচৰলৈ যাবলৈ ভয় কৰা নেতাই এতিয়া কৈ আছে নাৰী সুৰক্ষাৰ কথা৷ 

হঠাৎ নাৰী সুৰক্ষাৰ কথা ক’বলৈ গৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উন্মোচিত কৰিলে নাৰী কেলেংকাৰীৰ আন এক গোপন অধ্যায়৷ বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু ৰাজেন গোহাঁইৰ মুকলি বিষোদগাৰৰ পাছত শনিবাৰে মুখ খুলিছে জয়ন্ত মল্লবৰুৱাই৷ 

বিজেপিত নতুন পুৰণিৰ কোনো সংঘাত নাই বুলি ক’বলৈ গৈ ৮০ৰ দশকৰ ক্ৰিকেটাৰ গাভাস্কাৰ, কপিল দেৱৰ ৰিজনি দিয়া পৰিলক্ষিত হ’ল৷ মন্ত্ৰীগৰাকীৰ যুক্তি- এটা টীমত নতুন সদস্য আহিব৷ এটা সময়ত কপিল দেৱে বিশ্বকাপ জয় কৰিছিল বুলিয়েই তেওঁ আজিও খেলিব নোৱাৰে৷ টীম এটা সময়ৰ সৈতে চলি গৈ থাকে৷ এই মন্তব্যৰে জ্যেষ্ঠ বিজেপি নেতাসকলক লক্ষ্য কৰি লয় মন্ত্ৰী জয়ন্ত মল্লই৷ 

ৰাজেন গোহাঁইক সমালোচনা কৰি তেওঁ কয়, গোহাঁয়ে অকল নগাঁও সংসদীয় সমষ্টিটো জিকি বাকী ১৩টা সমষ্টিত পৰাজয় হোৱাটো বিচাৰে নেকি? এসময়ত ৰকিবুল হুছেইনৰ সুসম্পৰ্ক ৰাখি চলা ৰাজেন গোহাঁইৰ অতীতৰ কথাবোৰ ক’লে এতিয়া মানুহে তেওঁক লেইলেই চেইচেই কৰিব বুলিও অতি তীৰ্যক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ 

তেওঁ লগতে কয়, বিজেপিৰ ন-পুৰণিৰ সংঘাতৰ প্ৰসংগত কংগ্ৰেছে সুযোগ ল’ব বিচাৰিছে৷ কংগ্ৰেছে এতিয়া নাৰী সুৰক্ষাৰ কথা কৈ লাভ নাই৷ দহ বছৰ আগৰ কাকত উলিয়ালে কংগ্ৰেছৰ ইতিহাস আমি দেখিম৷ কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই নাৰী কেলেংকাৰীত জড়িত আছিল৷ সেইসময়ততো দলটোকে জগৰীয়া কৰা হোৱা নাছিল৷ 

ইন্দ্ৰাণী তহবিলদাৰৰ বিষয়টোত বিজেপি দলটোকে সাঙোৰাত আপত্তি দৰ্শায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ ৰাজেন গোহাঁইক বিজেপিয়ে দিবলগীয়াখিনি ইতিমধ্যেই দিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ৰাজেন গোহাঁইক আৰু কি লাগে বুলিও প্ৰশ্ন কৰে৷ ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ সৈতে খেলা বয়স, তেওঁ ৰাজনীতিৰ পৰা সন্যাস লোৱা উচিত বুলিও মন্তব্য কৰে জয়ন্ত মল্লই৷

অকল জয়ন্ত মল্লবৰুৱাই নহয়, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ সমালোচনাত আজি মুখৰ হৈ পৰে মন্ত্ৰী পীযূষ হাজৰিকাও৷ মন্ত্ৰী পীযূষে কয়, সিদ্ধাৰ্থ ভট্টাচাৰ্যক মই সন্মান কৰো৷ নতুন বিজেপিয়ে ভাল কাম কৰিছে যদি ক্ৰেডিট পাব৷ বেয়া কৰিছে যদি তাৰ ভাগো সিদ্ধাৰ্থ ভট্টাচাৰ্যই ল’ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পীযূষ হাজৰিকাই৷ মন্ত্ৰীগৰাকীয়ে লগতে কয়, আমি যোগদান কৰাৰ আঠ বছৰ হ’ল৷ আমি এতিয়া আৰু পুৰণি হৈ থকা নাই৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক