--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক জোকাৰি গৈছে সাংসদৰ দল ত্যাগ কৰাৰ ঘটনাই।  হাৰিয়ানাৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে বিজেপিৰ  প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। হিছাৰৰ  সাংসদজনে ১০ মাৰ্চত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পদত্যাগৰ কথা ঘোষণা কৰিছিল। বিজেপি ত্যাগ কৰাৰ পিছতে সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। 

এক্স-ত পদত্যাগৰ কথা ঘোষণা কৰাৰ পিছতে বিজেপি নেতা বীৰেন্দ্ৰ সিঙৰ পুত্ৰ ব্ৰিজেন্দ্ৰ সিঙে নতুন দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছত  যোগদান কৰে। হিছাৰৰ সাংসদজনে পদত্যাগৰ কথা ঘোষণা কৰাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি  জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক হিছাৰৰ সাংসদ হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে বিজেপিকো ধন্যবাদ জ্ঞাপন কৰিছে।  

তেওঁ লিখিছে " বিশেষ  ৰাজনৈতিক কাৰণত মই বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো । মই দলটো, ৰাষ্ট্ৰীয় সভাপতি  জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আৰু অমিত শ্বাহক হিছাৰৰ সাংসদ সদস্য হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো," । বিজেন্দ্ৰ সিঙে কংগ্ৰেছত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন, মুকুল ৱাচনিক আৰু দীপক বাবাৰিয়াও খাৰ্গেৰ বাসগৃহত উপস্থিত আছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ