--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবে প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ দিয়াটো কোনো নতুন কথা নহয়, কিন্তু লোকসভাৰ প্ৰাথিত্ব বিচাৰি সাক্ষাৎকাৰত বহিবলগীয়া হোৱাৰ কথা হয়তো ভাৰতত এয়াই প্ৰথম৷ হয়, কোনোবাই যদি সেই ৰাজ্য খনত লোকসভাৰ প্ৰাথী হ’ব বিচাৰে তেন্তে তেওঁ সাক্ষাৎকাৰত বহিবই লাগিব৷ 

ইয়াৰ বাবে  প্ৰাৰ্থী হ’ব বিচৰাসকলে প্ৰথমে  আবেদনৰ  প্ৰপত্ৰখন সম্পূৰ্ণৰূপে পূৰণ কৰি  দাখিল কৰিবলগীয়া হৈছে। তাৰপিছতে অনুষ্ঠিতকৰা হয় সাক্ষাৎকাৰ৷ কেৱল সেই সাক্ষাৎকাৰত উত্তীৰ্ণসকলেহে লাভ কৰিব লোকসভা নিৰ্বাচনৰ টিকট৷  ডিএমকেই  কৰ্পোৰেট কোম্পানীৰ  দৰেই এনেদৰে সাক্ষাৎকাৰ পাতি  প্ৰাৰ্থী বাছনি কৰা আৰম্ভ কৰিছে। তামিলনাডুৰ শাসকীয় দলটোৱে  আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাক টিকট দিয়া হ'ব সেয়া নিৰ্ণয় কৰিবলৈ এক পুংখানুপুংখ পৰীক্ষা আৰম্ভ কৰিছে।

 দলটোৱে  আবেদন গ্ৰহণ কৰাৰ পৰা সাক্ষাৎকাৰ লোৱালৈকে সকলো ব্যৱস্থা কৰিছে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াটো দেওবাৰে পুৱা চেন্নাইৰ ডিএমকেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সময়ত দলৰ সাধাৰণ সম্পাদক এছ দুৰাইমুৰুগানো উপস্থিত আছিল।

 
দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ডিএমকেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মুঠ ২,৯৫০ খন আবেদন লাভ কৰিছে৷আবেদন পৰীক্ষা কৰাৰ পিছত কেইবাজনো লোকৰ নাম চূড়ান্ত কৰা হৈছে। সাক্ষাৎকাৰ  দেওবাৰে ৰাতিপুৱা ১০  বজাত আৰম্ভ হয়। অৱশ্যে, সাক্ষাৎকাৰৰ ফলাফল কেতিয়া প্ৰকাশ কৰা হ'ব সেয়া জানিব পৰা হোৱা নাই৷ 

উল্লেখ্য ডিএমকেই  আৰম্ভণিৰ পৰাই বিজেপি বিৰোধী ভাৰত মিত্ৰজোঁটত সক্ৰিয় হৈ আছে। শনিবাৰে দলটোৱে কংগ্ৰেছ আৰু অন্যান্য সহযোগীদলৰ সৈতে আসন ভাগ-বতৰাৰ সিদ্ধান্ত চূড়ান্ত  কৰে। ৩৯ খন আসনৰ ভিতৰত ৯খন আসন কংগ্ৰেছক  এৰি দিয়া হৈছে। চিপিএম আৰু অন্যান্য দলসমূহক মুঠ আঠখন আসন দিয়া হৈছে। অৰ্থাৎ, ডিএমকেই ২২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। দলীয় সূত্ৰৰ মতে সকলো আসনতে প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু