--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবে প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ দিয়াটো কোনো নতুন কথা নহয়, কিন্তু লোকসভাৰ প্ৰাথিত্ব বিচাৰি সাক্ষাৎকাৰত বহিবলগীয়া হোৱাৰ কথা হয়তো ভাৰতত এয়াই প্ৰথম৷ হয়, কোনোবাই যদি সেই ৰাজ্য খনত লোকসভাৰ প্ৰাথী হ’ব বিচাৰে তেন্তে তেওঁ সাক্ষাৎকাৰত বহিবই লাগিব৷ 

ইয়াৰ বাবে  প্ৰাৰ্থী হ’ব বিচৰাসকলে প্ৰথমে  আবেদনৰ  প্ৰপত্ৰখন সম্পূৰ্ণৰূপে পূৰণ কৰি  দাখিল কৰিবলগীয়া হৈছে। তাৰপিছতে অনুষ্ঠিতকৰা হয় সাক্ষাৎকাৰ৷ কেৱল সেই সাক্ষাৎকাৰত উত্তীৰ্ণসকলেহে লাভ কৰিব লোকসভা নিৰ্বাচনৰ টিকট৷  ডিএমকেই  কৰ্পোৰেট কোম্পানীৰ  দৰেই এনেদৰে সাক্ষাৎকাৰ পাতি  প্ৰাৰ্থী বাছনি কৰা আৰম্ভ কৰিছে। তামিলনাডুৰ শাসকীয় দলটোৱে  আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাক টিকট দিয়া হ'ব সেয়া নিৰ্ণয় কৰিবলৈ এক পুংখানুপুংখ পৰীক্ষা আৰম্ভ কৰিছে।

 দলটোৱে  আবেদন গ্ৰহণ কৰাৰ পৰা সাক্ষাৎকাৰ লোৱালৈকে সকলো ব্যৱস্থা কৰিছে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াটো দেওবাৰে পুৱা চেন্নাইৰ ডিএমকেৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সময়ত দলৰ সাধাৰণ সম্পাদক এছ দুৰাইমুৰুগানো উপস্থিত আছিল।

 
দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি ডিএমকেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মুঠ ২,৯৫০ খন আবেদন লাভ কৰিছে৷আবেদন পৰীক্ষা কৰাৰ পিছত কেইবাজনো লোকৰ নাম চূড়ান্ত কৰা হৈছে। সাক্ষাৎকাৰ  দেওবাৰে ৰাতিপুৱা ১০  বজাত আৰম্ভ হয়। অৱশ্যে, সাক্ষাৎকাৰৰ ফলাফল কেতিয়া প্ৰকাশ কৰা হ'ব সেয়া জানিব পৰা হোৱা নাই৷ 

উল্লেখ্য ডিএমকেই  আৰম্ভণিৰ পৰাই বিজেপি বিৰোধী ভাৰত মিত্ৰজোঁটত সক্ৰিয় হৈ আছে। শনিবাৰে দলটোৱে কংগ্ৰেছ আৰু অন্যান্য সহযোগীদলৰ সৈতে আসন ভাগ-বতৰাৰ সিদ্ধান্ত চূড়ান্ত  কৰে। ৩৯ খন আসনৰ ভিতৰত ৯খন আসন কংগ্ৰেছক  এৰি দিয়া হৈছে। চিপিএম আৰু অন্যান্য দলসমূহক মুঠ আঠখন আসন দিয়া হৈছে। অৰ্থাৎ, ডিএমকেই ২২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। দলীয় সূত্ৰৰ মতে সকলো আসনতে প্ৰাৰ্থী বাছনিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ