--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া মন্ত্ৰী-নেতাৰ ভিৰ৷ 'বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে৷' শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত উন্নয়নৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷


খামুন ৰংগমঞ্চত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায়৷ এই প্ৰচাৰ অভিযানত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে দিয়ে বহু প্ৰতিশ্ৰুতি তালিকা৷ থাওৰা সমষ্টিত অনাগত ৩ মাহৰ ভিতৰত অতিৰিক্তভাবে ৫ হাজাৰ লোকক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বেই এক লাখ নিৱনুৱাক চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰে৷


তদুপৰি সমাগত দিনত থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কাম নৱেম্বৰ মাহৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে৷ থাওৰা সমষ্টিৰ দিচাং নদীৰ ওপৰত নঙলামৰা আৰু লাখমণি ঘাটত দুখন দলঙৰ কাম তিনিমাহৰ ভিতৰত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে এই সভাত৷
আনহাতে, নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাৰ আৰম্ভ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ৷ বৰদেওধাই শাললৈ ১ কোটি টকাৰ অনুদান, বাখৰবেঙেনা বৃক্ষলৈ ৫০ লাখ টকাৰ অনুদানো তেওঁ ঘোষণা কৰে। লগতে দুয়োটা স্থানক পৰ্যটনক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ