--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া মন্ত্ৰী-নেতাৰ ভিৰ৷ 'বিজেপিয়ে যেনেকৈ ভোটাৰৰ পৰা ভোট লয়, তেনেকৈ ভোটাৰক উন্নয়নৰ লেখেৰে সেয়া ঘূৰায়ো দিয়ে৷' শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত উন্নয়নৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰত আজি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷


খামুন ৰংগমঞ্চত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ প্ৰচাৰ চলায়৷ এই প্ৰচাৰ অভিযানত ভোটাৰক আকৰ্ষণৰ চেষ্টাৰে দিয়ে বহু প্ৰতিশ্ৰুতি তালিকা৷ থাওৰা সমষ্টিত অনাগত ৩ মাহৰ ভিতৰত অতিৰিক্তভাবে ৫ হাজাৰ লোকক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ পূৰ্বেই এক লাখ নিৱনুৱাক চাকৰি দিয়া হ'ব বুলি ঘোষণা কৰে৷


তদুপৰি সমাগত দিনত থাওৰা সমষ্টিত চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কাম নৱেম্বৰ মাহৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে৷ থাওৰা সমষ্টিৰ দিচাং নদীৰ ওপৰত নঙলামৰা আৰু লাখমণি ঘাটত দুখন দলঙৰ কাম তিনিমাহৰ ভিতৰত আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে এই সভাত৷
আনহাতে, নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বাণিজ্য শাখাৰ আৰম্ভ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ৷ বৰদেওধাই শাললৈ ১ কোটি টকাৰ অনুদান, বাখৰবেঙেনা বৃক্ষলৈ ৫০ লাখ টকাৰ অনুদানো তেওঁ ঘোষণা কৰে। লগতে দুয়োটা স্থানক পৰ্যটনক্ষেত্ৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু