--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে  বিজেপিৰ ৪৪ সংখ্যক  প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে মোদীয়ে দলৰ সকলো  কৰ্মকৰ্তাকে শুভেচ্ছা জ্ঞাপন কৰে। দীৰ্ঘদিন ধৰি তেওঁ জনসাধাৰণৰ বাবে কৰা বিভিন্ন কামৰ বিষয়েও  আলোকপাত কৰে। মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে পূৰ্বতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। 

দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শনিবাৰে পুৱা নৰেন্দ্ৰ মোদীয়ে এক্স-হেণ্ডেলত পোষ্ট কৰে "আজি আমাৰ দল বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মই দেশৰ সকলো কৰ্মকৰ্তাক অভিনন্দন জনাইছো। মোৰ সেই সকলো পুৰুষ আৰু মহিলাকো মনত পেলাইছো  যিসকলে দীঘলীয়া সময় ধৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু ত্যাগেৰে দলটো গঢ়ি তুলিছিল। আজি মই আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে আমি ভাৰতৰ প্ৰিয় দল। আমাৰ দলে সদায় 'নেশ্যন ফাৰ্ষ্ট'ৰ নীতিৰ আধাৰত  কাম কৰি আহিছে।

 " মোদীয়ে লগতে কয় "এয়া  আমাৰ সকলোৰে বাবে আনন্দৰ কথা  যে বিজেপিয়ে ইয়াৰ উন্নয়নমূলক দৃষ্টিভংগী, সুশাসন আৰু দেশৰ প্ৰতি প্ৰতিশ্ৰুতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। আমাৰ দলটোত দেশৰ ১৪০ কোটি লোকৰ সপোনৰ প্ৰতিফলন ঘটিছে। দেশৰ যুৱ প্ৰজন্মই অনুভৱ কৰে যে আমাৰ দলে নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব। তেওঁলোকে ভাবে যে একবিংশ শতিকাত ভাৰতক নেতৃত্ব দিয়া দল হৈছে বিজেপি। "

উল্লেখ্য বিজেপিয়ে কেন্দ্ৰৰ লগতে  আৰু বিভিন্ন ৰাজ্যত চৰকাৰ চলাই আছে।  এই প্ৰসংগতে মোদীয়ে কয় "কেন্দ্ৰতেই  হওঁক বা ৰাজ্যতেই হওঁক, আমাৰ দলে সুশাসন প্ৰতিষ্ঠা কৰিব  পাৰিছে। আমাৰ জনমুখী আঁচনি আৰু নীতিসমূহে দেশৰ দৰিদ্ৰ তথা  দলিত লোকসকলৰ শক্তি হিচাপে কাম কৰিছে। আনকি যিসকল কেইবা দশক ধৰি অৱহেলিত হৈ আছিল তেওঁলোকেও আমাৰ দলৰ  জৰিয়তে তেওঁলোকৰ হেৰুৱা কণ্ঠস্বৰ  বিচাৰি পাইছে। আমি প্ৰতিজন ভাৰতীয়ৰ জীৱন সহজ কৰি তুলিব পৰাকৈ  সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিছো।আমাৰ দলে ভাৰতক দুৰ্নীতি, সাম্প্ৰদায়িকতা, জাতিবাদ আৰু ভোট বেংকৰ ৰাজনীতিৰ পৰা মুক্ত কৰিছে। যিসকলে দীৰ্ঘদিন ধৰি ভাৰত শাসন কৰি আহিছে তেওঁলোকৰ বাবে ই এক আদৰ্শ  হিচাপে কাম কৰিছে। আজিৰ ভাৰত এখন স্বচ্ছ আৰু দুৰ্নীতিমুক্ত চৰকাৰ থকা ভাৰত। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু