--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দোকানলৈ সামগ্ৰী কিনিবলৈ যোৱা এগৰাকী মহিলা  দলবদ্ধ ধৰ্ষণৰ বলি হয়। এক গেংষ্টাৰৰ গোচৰত জেলত আছে মহিলাগৰাকীৰ স্বামী। উত্তৰ প্ৰদেশৰ কানপুৰত ঘটিছে এই ঘটনা।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ৪ এপ্ৰিলৰ নিশা গাঁৱৰ দোকানী প্ৰদীপৰ ওচৰলৈ মছলা কিনিবলৈ গৈছিল।  ইতিমধ্যে তাত অৰুণ নামৰ যুৱক এজন উপস্থিত আছিল। দুয়োজনে এক অজুহাতত দোকানৰ ভিতৰলৈ মহিলাগৰাকীক মাতিলে।  

ইয়াৰ পিছতে শ্বাটাৰ তললৈ টানি দোকানৰ ভিতৰতে আবদ্ধ কৰি দিয়া হয় মহিলাগৰাকীক। প্ৰদীপ আৰু অৰুণে  মহিলাগৰাকীক ধৰ্ষণ কৰে। যেতিয়া মহিলাগৰাকীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তেতিয়া অভিযুক্তই এই বিষয়ে কাৰোবাক ক’লে হত্যা কৰাৰ ভাবুকি দিয়ে।

মহিলাগৰাকীয়ে কান্দি কান্দি কয় যে ''যেতিয়া মোৰ স্বামী জে’লৰ পৰা মুক্তি পাব তেতিয়া মই তেওঁক সকলো ক’ম। যেতিয়া তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিব, তেতিয়া তেওঁ তোমালোকক শুদাই নেৰে।''  তেতিয়া প্ৰদীপ আৰু অৰুণে মহিলাগৰাকীক ভাবুকি দি কয় – ''আপোনাৰ স্বামী যেতিয়া জেলৰ পৰা ওলাই আহিব তেতিয়ালৈকে আপুনি এই পৃথিৱীৰ পৰাই নাইকিয়া হৈ যাব।''

আৰক্ষীক দিয়া অভিযোগত মহিলাগৰাকীয়ে কয় যে ''প্ৰদীপে মোক দোকানৰ ভিতৰলৈ টানি আনি শ্বাটাৰ বন্ধ কৰি দিছিল। ইয়াৰ পাছত অৰুণ আৰু প্ৰদীপে একেলগে মোক ধৰ্ষণ কৰিলে। মই অকলে আছিলো আৰু তেওঁলোক দুজন আছিল, গতিকে মই একো কৰিব পৰা নাছিলো।'' ঘটনাৰ পাছতে মহিলাগৰাকীয়ে থানালৈ গৈ আৰক্ষীক অভিযোগ দাখিল কৰে।

এই ক্ষেত্ৰত এডিচিপি বিজন দ্বিবেদীয়ে কয় যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰা হৈছে। এই গোচৰত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দুয়োজন অভিযুক্তক জেৰা কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু