--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দোকানলৈ সামগ্ৰী কিনিবলৈ যোৱা এগৰাকী মহিলা  দলবদ্ধ ধৰ্ষণৰ বলি হয়। এক গেংষ্টাৰৰ গোচৰত জেলত আছে মহিলাগৰাকীৰ স্বামী। উত্তৰ প্ৰদেশৰ কানপুৰত ঘটিছে এই ঘটনা।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ৪ এপ্ৰিলৰ নিশা গাঁৱৰ দোকানী প্ৰদীপৰ ওচৰলৈ মছলা কিনিবলৈ গৈছিল।  ইতিমধ্যে তাত অৰুণ নামৰ যুৱক এজন উপস্থিত আছিল। দুয়োজনে এক অজুহাতত দোকানৰ ভিতৰলৈ মহিলাগৰাকীক মাতিলে।  

ইয়াৰ পিছতে শ্বাটাৰ তললৈ টানি দোকানৰ ভিতৰতে আবদ্ধ কৰি দিয়া হয় মহিলাগৰাকীক। প্ৰদীপ আৰু অৰুণে  মহিলাগৰাকীক ধৰ্ষণ কৰে। যেতিয়া মহিলাগৰাকীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তেতিয়া অভিযুক্তই এই বিষয়ে কাৰোবাক ক’লে হত্যা কৰাৰ ভাবুকি দিয়ে।

মহিলাগৰাকীয়ে কান্দি কান্দি কয় যে ''যেতিয়া মোৰ স্বামী জে’লৰ পৰা মুক্তি পাব তেতিয়া মই তেওঁক সকলো ক’ম। যেতিয়া তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিব, তেতিয়া তেওঁ তোমালোকক শুদাই নেৰে।''  তেতিয়া প্ৰদীপ আৰু অৰুণে মহিলাগৰাকীক ভাবুকি দি কয় – ''আপোনাৰ স্বামী যেতিয়া জেলৰ পৰা ওলাই আহিব তেতিয়ালৈকে আপুনি এই পৃথিৱীৰ পৰাই নাইকিয়া হৈ যাব।''

আৰক্ষীক দিয়া অভিযোগত মহিলাগৰাকীয়ে কয় যে ''প্ৰদীপে মোক দোকানৰ ভিতৰলৈ টানি আনি শ্বাটাৰ বন্ধ কৰি দিছিল। ইয়াৰ পাছত অৰুণ আৰু প্ৰদীপে একেলগে মোক ধৰ্ষণ কৰিলে। মই অকলে আছিলো আৰু তেওঁলোক দুজন আছিল, গতিকে মই একো কৰিব পৰা নাছিলো।'' ঘটনাৰ পাছতে মহিলাগৰাকীয়ে থানালৈ গৈ আৰক্ষীক অভিযোগ দাখিল কৰে।

এই ক্ষেত্ৰত এডিচিপি বিজন দ্বিবেদীয়ে কয় যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰা হৈছে। এই গোচৰত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দুয়োজন অভিযুক্তক জেৰা কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ