--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰ এৰি যোৱা, শহুৰেকৰ ঘৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা নকৰা, স্বামীৰ সৈতে ভাল আচৰণ নকৰা আদি কথাবোৰ  প্ৰকৃততে এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা। এই সামগ্ৰীক দিশ বিবেচনা কৰি  দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীক বিবাহ বিচ্ছেদৰ অনুমতি  প্ৰদান কৰিলে। 

উল্লেখ্য এজন  ব্যক্তিয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে  নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল। লোকজনে  অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে কোনো যুক্তিসংগত  কাৰণ অবিহনেই প্ৰায়ে তেওঁৰ  পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। তেওঁ তেওঁৰ শহুৰেকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰা হৈছিল। আদালতে সেয়ে পত্নীৰ এনে আচৰণক স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা বুলি গণ্য কৰি বিবাহ বিচ্ছেদৰ অনুমতি দিব লাগে বুলি লোকজনে আবেদন জনাইছিল।  

দম্পতীহালে ১৯৯২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত পতিয়ে ২০১৭ চনত পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। পাঁচ বছৰৰ মোকৰ্দমাৰ পিছত  পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ আবেদন  খাৰিজ কৰে। তাৰ পিছত লোকজনে  দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আদালতত দাখিল কৰা শপতনামাত তেওঁ কৈছিল যে তেওঁৰ পত্নী অস্থিৰ মনৰ । তেওঁ কোনো কাৰণ নোহোৱাকৈ তেওঁক কমেও ছবাৰ এৰি থৈ গৈছিল। কেতিয়াবা  তেওঁ আনকি বহুতৰে আগত নিজকে  বিধৱা বুলিও দাবী কৰিছিল। অৱশ্যে  মহিলাগৰাকীৰ অধিবক্তাই স্বামীৰ এনে  দাবীৰ  বিৰোধিতা কৰে  আৰুকয়  যে  মহিলাগৰাকীয়ে তেওঁৰ  শহুৰেকৰ দ্বাৰা  অপমানৰ সন্মুখীন হৈছিল। আনকি  শাহুৱেকেও তেওঁৰ  সৈতে ভাল ব্যৱহাৰ কৰা নাছিল।

ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু নীনা বনচাল কৃষ্ণাৰ খণ্ড বিচাৰপীঠে কয়, "স্বামীৰ ঘৰ  সঘনাই ঘৰ এৰি যোৱাটো ন্যায়সঙ্গত নহয়। এয়া  প্ৰকৃততে এক প্ৰকাৰৰ নিষ্ঠুৰতা। তদুপৰি, মহিলাগৰাকীয়ে  তেওঁৰ শহুৰেকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰা নাছিল। এই ক্ষেত্ৰত, আদালতে বিবাহ বিচ্ছেদৰ  অনুমতি দিব পাৰে’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ