--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰ এৰি যোৱা, শহুৰেকৰ ঘৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা নকৰা, স্বামীৰ সৈতে ভাল আচৰণ নকৰা আদি কথাবোৰ  প্ৰকৃততে এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা। এই সামগ্ৰীক দিশ বিবেচনা কৰি  দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীক বিবাহ বিচ্ছেদৰ অনুমতি  প্ৰদান কৰিলে। 

উল্লেখ্য এজন  ব্যক্তিয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে  নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল। লোকজনে  অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে কোনো যুক্তিসংগত  কাৰণ অবিহনেই প্ৰায়ে তেওঁৰ  পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। তেওঁ তেওঁৰ শহুৰেকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰা হৈছিল। আদালতে সেয়ে পত্নীৰ এনে আচৰণক স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা বুলি গণ্য কৰি বিবাহ বিচ্ছেদৰ অনুমতি দিব লাগে বুলি লোকজনে আবেদন জনাইছিল।  

দম্পতীহালে ১৯৯২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত পতিয়ে ২০১৭ চনত পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। পাঁচ বছৰৰ মোকৰ্দমাৰ পিছত  পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ আবেদন  খাৰিজ কৰে। তাৰ পিছত লোকজনে  দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আদালতত দাখিল কৰা শপতনামাত তেওঁ কৈছিল যে তেওঁৰ পত্নী অস্থিৰ মনৰ । তেওঁ কোনো কাৰণ নোহোৱাকৈ তেওঁক কমেও ছবাৰ এৰি থৈ গৈছিল। কেতিয়াবা  তেওঁ আনকি বহুতৰে আগত নিজকে  বিধৱা বুলিও দাবী কৰিছিল। অৱশ্যে  মহিলাগৰাকীৰ অধিবক্তাই স্বামীৰ এনে  দাবীৰ  বিৰোধিতা কৰে  আৰুকয়  যে  মহিলাগৰাকীয়ে তেওঁৰ  শহুৰেকৰ দ্বাৰা  অপমানৰ সন্মুখীন হৈছিল। আনকি  শাহুৱেকেও তেওঁৰ  সৈতে ভাল ব্যৱহাৰ কৰা নাছিল।

ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু নীনা বনচাল কৃষ্ণাৰ খণ্ড বিচাৰপীঠে কয়, "স্বামীৰ ঘৰ  সঘনাই ঘৰ এৰি যোৱাটো ন্যায়সঙ্গত নহয়। এয়া  প্ৰকৃততে এক প্ৰকাৰৰ নিষ্ঠুৰতা। তদুপৰি, মহিলাগৰাকীয়ে  তেওঁৰ শহুৰেকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰা নাছিল। এই ক্ষেত্ৰত, আদালতে বিবাহ বিচ্ছেদৰ  অনুমতি দিব পাৰে’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু