--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত আপৰ চৰকাৰ ভাঙি পেলাবলৈ  বিজেপিয়ে পুনৰ দিল্লীত 'অপাৰেচন লোটাছ ২.০ ' চলাই আছে বুলি গুৰুতৰ অভিযোগ কৰিছিল ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।  এনে গুৰুতৰ অভিযোগৰ পিছত  শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কেজৰিৱালক এই বিষয়ত  তদন্তত সহযোগ  কৰিবলৈ জাননী জাননী জাৰি কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে তেওঁলোকে জাননীখন গ্ৰহণ কৰিবলৈ সাজু। কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক কোনো জাননী দিয়া নাই। আপে  দাবী কৰিছে  যে আৰক্ষীৰ লক্ষ্য হৈছে আপক বদনাম কৰা। বিতৰ্কটো যোৱা সপ্তাহত আৰম্ভ হৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিয়ে  সাতজন আপ বিধায়কক ২৫ কোটি টকা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।বিহাৰৰ পিছত বিজেপিয়ে দিল্লীত  'অপাৰেচন লোটাছ' আৰম্ভ কৰা বুলি  অভিযোগ কৰিছিল  দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে৷ 

কেজৰিৱালৰ মতে বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গেৰুৱা দলটোৱে আপৰ বিধায়কসকলক তেওঁলোকৰ শিবিৰ সলনি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত কেজৰিৱালক কেইবাবাৰো চমন জাৰি কৰিছে। কিন্তু কেজৰিৱালে  প্ৰতিবাৰেই ইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাটো এৰাই চলিছে। বিজেপিয়ে দল সলনি কৰিবলৈ আপৰ বিধায়কসকলক ২৫ কোটি টকাৰ টোপ দিবলৈ ইডিৰ  বিষয়টো ব্যৱহাৰ কৰিছে বুলি কেজৰিৱালে অভিযোগ কৰিছে। 

এক সাক্ষাৎকাৰত কেজৰিৱালে কৈছিল, "শেহতীয়াকৈ বিজেপিয়ে আমাৰ ৭ জন বিধায়কক  সাক্ষাৎ কৰিছে । এইবুলি প্ৰচাৰ চলোৱা হৈছে  যে কেজৰিৱালক কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ'ব। তাৰ পিছতে দিল্লীৰ আপ চৰকাৰখন উৎখাত কৰা হ'ব। সেয়ে কোনোবাই বিচাৰিলে বিজেপিত যোগদান কৰিব পাৰে বুলি কৈ বিজেপিয়ে সেইসকল বিধায়কক দলৰ  টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ২৫ কোটি টকা দিব বুলিও কৈছে।’’ বিজেপিয়ে ২১ জন আপ বিধায়কৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছিল  কেজৰিৱালে।কেজৰিৱালে লগতে কৈছিল  যে এইবাৰো বিজেপিৰ  অভিপ্ৰায় সফল নহ'ব।আপ নেতা আতিশী মাৰ্লেনাইও বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। তেওঁ অভিযোগ কৰিছিল   যে দলটোৱে দিল্লীত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।

ইফালে বিজেপিয়ে কেজৰিৱাল আৰু আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। বিজেপি নেতা কপিল মিশ্ৰই কৈছিল, "কেজৰিৱালে মিছা কৈছে । তেওঁ কোনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ মাত্ৰ নিজৰ বিবৃতি দিছে। তেওঁ বাকী সকলো লুকুৱাই ৰাখিছে। তেওঁৰ সহযোগীসকল এতিয়া কাৰাগাৰত আছে। তেওঁ নিজেই বাৰে বাৰে ইডিৰ চমন এৰাই চলিছে। তেওঁ জানে যে ইডিৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই। "   

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু