--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত আপৰ চৰকাৰ ভাঙি পেলাবলৈ  বিজেপিয়ে পুনৰ দিল্লীত 'অপাৰেচন লোটাছ ২.০ ' চলাই আছে বুলি গুৰুতৰ অভিযোগ কৰিছিল ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।  এনে গুৰুতৰ অভিযোগৰ পিছত  শনিবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই কেজৰিৱালক এই বিষয়ত  তদন্তত সহযোগ  কৰিবলৈ জাননী জাননী জাৰি কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে তেওঁলোকে জাননীখন গ্ৰহণ কৰিবলৈ সাজু। কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক কোনো জাননী দিয়া নাই। আপে  দাবী কৰিছে  যে আৰক্ষীৰ লক্ষ্য হৈছে আপক বদনাম কৰা। বিতৰ্কটো যোৱা সপ্তাহত আৰম্ভ হৈছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিয়ে  সাতজন আপ বিধায়কক ২৫ কোটি টকা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।বিহাৰৰ পিছত বিজেপিয়ে দিল্লীত  'অপাৰেচন লোটাছ' আৰম্ভ কৰা বুলি  অভিযোগ কৰিছিল  দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা অৰবিন্দ কেজৰিৱালে৷ 

কেজৰিৱালৰ মতে বিজেপিয়ে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গেৰুৱা দলটোৱে আপৰ বিধায়কসকলক তেওঁলোকৰ শিবিৰ সলনি কৰিবলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে। প্ৰৱৰ্তন সঞ্চালকালয়ে আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত কেজৰিৱালক কেইবাবাৰো চমন জাৰি কৰিছে। কিন্তু কেজৰিৱালে  প্ৰতিবাৰেই ইডি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাটো এৰাই চলিছে। বিজেপিয়ে দল সলনি কৰিবলৈ আপৰ বিধায়কসকলক ২৫ কোটি টকাৰ টোপ দিবলৈ ইডিৰ  বিষয়টো ব্যৱহাৰ কৰিছে বুলি কেজৰিৱালে অভিযোগ কৰিছে। 

এক সাক্ষাৎকাৰত কেজৰিৱালে কৈছিল, "শেহতীয়াকৈ বিজেপিয়ে আমাৰ ৭ জন বিধায়কক  সাক্ষাৎ কৰিছে । এইবুলি প্ৰচাৰ চলোৱা হৈছে  যে কেজৰিৱালক কেইদিনমানৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হ'ব। তাৰ পিছতে দিল্লীৰ আপ চৰকাৰখন উৎখাত কৰা হ'ব। সেয়ে কোনোবাই বিচাৰিলে বিজেপিত যোগদান কৰিব পাৰে বুলি কৈ বিজেপিয়ে সেইসকল বিধায়কক দলৰ  টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ২৫ কোটি টকা দিব বুলিও কৈছে।’’ বিজেপিয়ে ২১ জন আপ বিধায়কৰ সৈতে যোগাযোগ কৰা বুলি দাবী কৰিছিল  কেজৰিৱালে।কেজৰিৱালে লগতে কৈছিল  যে এইবাৰো বিজেপিৰ  অভিপ্ৰায় সফল নহ'ব।আপ নেতা আতিশী মাৰ্লেনাইও বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। তেওঁ অভিযোগ কৰিছিল   যে দলটোৱে দিল্লীত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।

ইফালে বিজেপিয়ে কেজৰিৱাল আৰু আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। বিজেপি নেতা কপিল মিশ্ৰই কৈছিল, "কেজৰিৱালে মিছা কৈছে । তেওঁ কোনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল সেয়া প্ৰকাশ কৰা নাই। তেওঁ মাত্ৰ নিজৰ বিবৃতি দিছে। তেওঁ বাকী সকলো লুকুৱাই ৰাখিছে। তেওঁৰ সহযোগীসকল এতিয়া কাৰাগাৰত আছে। তেওঁ নিজেই বাৰে বাৰে ইডিৰ চমন এৰাই চলিছে। তেওঁ জানে যে ইডিৰ প্ৰশ্নবোৰৰ কোনো উত্তৰ তেওঁৰ ওচৰত নাই। "   

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ