--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীক ভাৰত ৰত্ন প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এই ঘোষণা কৰে।১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টিৰ জন্মৰ অন্যতম ৰূপকাৰ আছিল লালকৃষ্ণ আদৱানী। আদৱানীয়ে সেই সময়ত জনতা দল ত্যাগ কৰি সহযোগীসকলৰ সৈতে বিজেপি গঠন কৰিছিল। তেওঁৰ উত্থানৰ লগে লগে দেশত ৰামৰ ৰাজনীতিও  আৰম্ভ হৈছিল। গেৰুৱা শিবিৰৰ বহু যুদ্ধৰ নায়কগৰাকীক  এইবাৰ ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ'ব।

 এই প্ৰসংগত মোদীয়ে কয় "এল কে আদৱানীজীক ভাৰত ৰত্ন প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি মই আনন্দিত। মই ইতিমধ্যে তেওঁৰ সৈতে কথা পাতিছো। তেওঁক অভিনন্দন।তেওঁ আমাৰ সময়ৰ আটাইতকৈ সন্মানীয় নেতাসকলৰ মাজৰে এজন। তেওঁ ভাৰতৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ তৃণমূল পৰ্যায়ৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ  উপ-প্ৰধানমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈছিল। তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰতৰ  সংসদীয় কাৰ্যকলাপত তেওঁৰ অৱদান অতুলনীয়। "

লালকৃষ্ণ আদৱানীৰ  জন্ম ১৯২৭ চনৰ  ৮ নৱেম্বৰত।  কৰাচীৰ এটা  সিন্ধি হিন্দু পৰিয়ালত জন্ম হৈছিল আদৱানীৰ ।  পিতৃ-মাতৃ কৃষ্ণ চান্দ ডি আদৱানী আৰু মাতৃ  গিয়ানী দেৱী। তেওঁ কৰাচীৰ ছেইণ্ট পেট্ৰিক হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সিন্ধৰ হায়দৰাবাদৰ চৰকাৰী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল। দেশ বিভাজনৰ সময়ত  তেওঁৰ পৰিয়ালটোৱে ভাৰতলৈ প্ৰব্ৰজন কৰে আৰু বোম্বাইত বসতি স্থাপন কৰে।  

আদৱানীয়ে  বোম্বাই বিশ্ববিদ্যালয়ৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে। এল.কে. আদৱানীয়ে ১৯৬৫ চনৰ ফেব্ৰুৱাৰী মাহত  কমলা আদৱানীক (১৯৩২-২০১৯) বিয়া কৰাইছিল।  আদৱানীৰ এজন পুত্ৰ  জয়ন্ত আৰু প্ৰতিভা নামৰ এগৰাকী  কন্যা আছে। প্ৰতিভা আদৱানীয়ে টিভি ধাৰাবাহিক অনুষ্ঠান প্ৰযোজনা কৰে। 

আদৱানীৰ পত্নী কমলা আদৱানীৰ  ২০১৬ চনৰ ৬ এপ্ৰিলত  মৃত্যু ঘটে। আদৱানীয়ে তেওঁ ১৯৪১ চনত ১৪ বছৰ বয়সতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰি নানান ঠাইত সংঘৰ হৈ কাম কৰিছিল। মাই কাণ্ট্ৰী মাই লাইফ এল কে আদৱানীৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ।  তেওঁ  ২০০২ চনৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম  উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰৰ গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দশম লোকসভা আৰু চতুৰ্দশ লোকসভাত বিৰোধী দলৰ নেতা আছিল। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল।২০১৫ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ  প্ৰদান কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে