--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ভাৰতীয়সকলৰ নিজাকৈ কোনো পৰিচয় থাকিব নালাগে৷ আমি সকলোৱে নৰেন্দ্ৰ মোদী৷ মোদী পৰিচয়েই ভাৰতীয়ৰ সামূহিক পৰিচয়৷’ এই নতুন ব্যাখ্যা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱটৰ৷ কংগনাই কয় যে ভাৰতীয়সকলৰ নিজৰ কোনো পৰিচয় থাকিব নালাগে কাৰণ আমি সকলোৱে নৰেন্দ্ৰ মোদী আৰু আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ত তেওঁৰ হৈ যুঁজ দিয়া উচিত। 

কুল্লুত এক ৰাজহুৱা জনসভাত ভাষণ দি কংগনা ৰাণাৱটে কয়, সনাতন ধৰ্ম, জাতীয়তাবাদ আৰু অশুভ শক্তিৰ বিৰুদ্ধে যুঁজৰ স্ফূলিংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ চেতনাত জ্বলাই তুলিছে৷ আমাৰ নিজৰ আন কোনো পৰিচয় থাকিব নালাগে। আমি সকলোৱে নৰেন্দ্ৰ মোদী৷

কংগনাই লগতে কয়, আমি তেওঁৰ বাবে আৰু উন্নয়নৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ বাবে যুঁজ দিম৷
কংগনা ৰাণাৱটে উল্লেখ কৰে যে যেতিয়া তেওঁ গেৰুৱা দলত যোগদান কৰিছিল, সেই মুহূৰ্তৰ পৰা তেওঁৰ আন কোনো পৰিচয় নাই। তেওঁৰ এটাই পৰিচয় আছে আৰু সেয়া হ’ল বিজেপি।

বৃহস্পতিবাৰে ৰাণাৱটে ইণ্ডিয়া মিত্ৰজোঁটক আক্ৰমণ কৰি কয় যে বিৰোধী গোটৰ যুঁজ দিবলৈ কোনো ৰাজনৈতিক ইচ্ছ্যু নাই। নতুন লোক আৰু বাহিৰৰ লোকসকলক সুযোগ দিয়া উচিত। চলচ্চিত্ৰ উদ্যোগতো মই ৰাজবংশৰ সৈতে সংগ্ৰাম কৰিব লগা হৈছিল। ইণ্ডিয়া মিত্ৰজোঁটে তেওঁলোকৰ প্ৰাৰ্থীৰ বিষয়ে সিদ্ধান্ত ল'বলৈ সক্ষম নহয়। তেওঁলোকক নাৰ্ভাছ আৰু ভয় খোৱা যেন লাগিছে৷ 

শেহতীয়াকৈ, কংগনাক গোমাংস খোৱাৰ বাবে আক্ৰমণ কৰা হৈছিল, যাক তেওঁ ভিত্তিহীন উৰাবাতৰি বুলি প্ৰত্যাখ্যান কৰিছিল আৰু নিজকে গৌৰৱান্বিত হিন্দু বুলি অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু