--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। কিন্তু তদন্তৰ গতিত সুখী নহয় বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাত আদি। তেওঁলোকে এই দাবী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষ চাপে।

শনিবাৰে নিশা প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। শ্বাহৰ বাসগৃহত শনিবাৰে মাজ নিশালৈকে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

শনিবাৰে নিশা ১১ বজাৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলে শ্বাহৰ সৈতে বৈঠক আৰম্ভ কৰে। বজৰং, সাক্ষীকে ধৰি চাৰিগৰাকী মল্লযুঁজাৰু শ্বাহৰ বাসগৃহলৈ যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকৰ বক্তৱ্য মনোযোগেৰে শুনে। তদন্তৰ গতিত অসন্তুষ্ট সাক্ষী-ভিনেশহঁতে ব্ৰিজভূষণৰ বিৰুদ্ধে দ্ৰুত অভিযোগনামা দাখিলৰ দাবী কৰে।

মল্লযুঁজাৰুসকলক আশ্বাস দি শ্বাহে কয় যে আইন আইনৰ পথেৰে আগবাঢ়িব।ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সাক্ষী, বজৰংগক আশ্বাস দিছিল যে সকলো অভিযোগৰ তদন্ত স্বচ্ছতাৰে কৰা হ’ব।’

উল্লেখ্য যে বিজেপি সাংসদ ব্রিজভূষণৰ বিৰুদ্ধে কেন্দ্রই ব্যৱস্থা নোলোৱাৰ বাবে মল্লযুঁজাৰুসকলে আন্দোলন তীব্রতৰ কৰি তুলিছে৷ বজৰং, সাক্ষী, ভিনেশে গংগাত পদক উটুৱাই দিবলৈ হৰিদ্বাৰলৈ গৈছিল। কিন্তু ভাৰতীয় কিষাণ সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকায়েটৰ হস্তক্ষেপত তেওঁলোকে গংগা নদীত পদকটো বিসৰ্জন নিদিলে। টিকায়েটে কেন্দ্ৰক ৯ জুনলৈ সময় দিছে। অভিযুক্ত ব্ৰিজভূষণক গ্ৰেপ্তাৰ নকৰিলে বৃহৎ আন্দোলনৰ সকীয়নি দিছে কৃষক নেতাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে