--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। কিন্তু তদন্তৰ গতিত সুখী নহয় বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাত আদি। তেওঁলোকে এই দাবী লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষ চাপে।

শনিবাৰে নিশা প্ৰতিবাদী মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। শ্বাহৰ বাসগৃহত শনিবাৰে মাজ নিশালৈকে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

শনিবাৰে নিশা ১১ বজাৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলে শ্বাহৰ সৈতে বৈঠক আৰম্ভ কৰে। বজৰং, সাক্ষীকে ধৰি চাৰিগৰাকী মল্লযুঁজাৰু শ্বাহৰ বাসগৃহলৈ যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকৰ বক্তৱ্য মনোযোগেৰে শুনে। তদন্তৰ গতিত অসন্তুষ্ট সাক্ষী-ভিনেশহঁতে ব্ৰিজভূষণৰ বিৰুদ্ধে দ্ৰুত অভিযোগনামা দাখিলৰ দাবী কৰে।

মল্লযুঁজাৰুসকলক আশ্বাস দি শ্বাহে কয় যে আইন আইনৰ পথেৰে আগবাঢ়িব।ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে সাক্ষী, বজৰংগক আশ্বাস দিছিল যে সকলো অভিযোগৰ তদন্ত স্বচ্ছতাৰে কৰা হ’ব।’

উল্লেখ্য যে বিজেপি সাংসদ ব্রিজভূষণৰ বিৰুদ্ধে কেন্দ্রই ব্যৱস্থা নোলোৱাৰ বাবে মল্লযুঁজাৰুসকলে আন্দোলন তীব্রতৰ কৰি তুলিছে৷ বজৰং, সাক্ষী, ভিনেশে গংগাত পদক উটুৱাই দিবলৈ হৰিদ্বাৰলৈ গৈছিল। কিন্তু ভাৰতীয় কিষাণ সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকায়েটৰ হস্তক্ষেপত তেওঁলোকে গংগা নদীত পদকটো বিসৰ্জন নিদিলে। টিকায়েটে কেন্দ্ৰক ৯ জুনলৈ সময় দিছে। অভিযুক্ত ব্ৰিজভূষণক গ্ৰেপ্তাৰ নকৰিলে বৃহৎ আন্দোলনৰ সকীয়নি দিছে কৃষক নেতাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু