--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন কমিটি গঠন দেওবাৰে  গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত হোটেল গেটৱে গ্ৰেণ্ডুৰত অনুষ্ঠিত হয়। সভাত অসমৰ ২৫খন জিলাৰ পৰা অহা দুগৰাকীকৈ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰিৰ্টানিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াই নৱ নিৰ্বাচিত সমিতিখন সকলোৰে উপস্থিতিত ঘোষণা কৰে। 

অসম মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক মুখ্য পৃষ্ঠপোষক আৰু   উজ্জ্বল বৰুৱাক উপদেষ্টা, ৰাতুল শৰ্মাক সভাপতি, গৌৰাংগ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন কমিটি গঠন কৰা হয়। আনহাতে কোষাধ্যক্ষ পদত অবিনাশ দাস, উপ-সভাপতি - অভিজিত কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন, বিনোদ কুম্বাং, যুটীয়া সম্পাদক- সিধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী, কংকণ দত্ত, কাৰ্যবাহী সদস্য ক্ৰমে জনপ্ৰতিম বৰা, প্ৰিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগ্নিক গুপ্তা, আৰু দিপাংকৰ মজুমদাৰ। 

 সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষক ধ্ৰুৱজ্যোতি কলিতা, ক্ৰীড়া সহকাৰী সঞ্চালক বিধান দাস, ৰিটাৰ্নিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়া আদি উপস্থিত থাকে। আজি ঘোষণা হোৱা অসম মল্লযুঁজ সন্থাৰ নতুন কমিটীখনক অসম অলিম্পিক সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শুভেচ্ছা জনাইছে। নৱ নিযুক্ত সভাপতি ৰাতুল শৰ্মাই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কয় আগন্তুক সময়ত অসমৰ পৰাও অলিম্পিকৰ বাবে মল্লযুঁজৰ খেলুৱৈ সৃষ্টি কৰিব লাগিব। এই ক্ষেত্ৰত সকলোৰে সহযোগত ক্ৰীড়া প্ৰতিভা বিচাৰি আগুৱাই নিবই লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে