--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম মল্লযুঁজ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন কমিটি গঠন দেওবাৰে  গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত হোটেল গেটৱে গ্ৰেণ্ডুৰত অনুষ্ঠিত হয়। সভাত অসমৰ ২৫খন জিলাৰ পৰা অহা দুগৰাকীকৈ নিৰ্বাচিত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰিৰ্টানিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়াই নৱ নিৰ্বাচিত সমিতিখন সকলোৰে উপস্থিতিত ঘোষণা কৰে। 

অসম মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি মন্ত্ৰী পীযুষ হাজৰিকাক মুখ্য পৃষ্ঠপোষক আৰু   উজ্জ্বল বৰুৱাক উপদেষ্টা, ৰাতুল শৰ্মাক সভাপতি, গৌৰাংগ ৰয়ক সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে নতুন কমিটি গঠন কৰা হয়। আনহাতে কোষাধ্যক্ষ পদত অবিনাশ দাস, উপ-সভাপতি - অভিজিত কুমাৰ নাথ, বাবুল খান, আকাশ ফুকন, বিনোদ কুম্বাং, যুটীয়া সম্পাদক- সিধাংকু অংকুৰ বৰুৱা, নাৰায়ণ বসুমতাৰী, ধনেশ্বৰ বসুমতাৰী, কংকণ দত্ত, কাৰ্যবাহী সদস্য ক্ৰমে জনপ্ৰতিম বৰা, প্ৰিন্স মুণ্ডা, মোহন কছাৰী, নৱজ্যোতি বৰুৱা, সাগ্নিক গুপ্তা, আৰু দিপাংকৰ মজুমদাৰ। 

 সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ পৰ্যবেক্ষক ধ্ৰুৱজ্যোতি কলিতা, ক্ৰীড়া সহকাৰী সঞ্চালক বিধান দাস, ৰিটাৰ্নিং বিষয়া অধিবক্তা জ্যোতি নাৰায়ণ শইকীয়া আদি উপস্থিত থাকে। আজি ঘোষণা হোৱা অসম মল্লযুঁজ সন্থাৰ নতুন কমিটীখনক অসম অলিম্পিক সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শুভেচ্ছা জনাইছে। নৱ নিযুক্ত সভাপতি ৰাতুল শৰ্মাই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি কয় আগন্তুক সময়ত অসমৰ পৰাও অলিম্পিকৰ বাবে মল্লযুঁজৰ খেলুৱৈ সৃষ্টি কৰিব লাগিব। এই ক্ষেত্ৰত সকলোৰে সহযোগত ক্ৰীড়া প্ৰতিভা বিচাৰি আগুৱাই নিবই লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু