--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যাহ্বানৰ মাজতো লুকাই থাকে প্ৰচুৰ সম্ভাৱনীয়তা, তেনে এক আকৰ হ’ল দিব্যাংগ খেলুৱৈসকল, যিয়ে প্ৰত্যাহ্বানকো নেওচি সফলতা নিজৰ কৰি লয়৷অহা ১৭ জুনৰ পৰা ২৫ জুনলৈ জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া বিশেষ অলিম্পিক বিশ্ব গ্ৰীষ্মকালীন গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব ২৫৫ জনীয়া এটা শক্তিশালী দল সাজু হৈছে৷ 

বিশেষ অলিম্পিক বিশ্ব গেমছ হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ অন্তৰ্ভুক্ত ক্ৰীড়া অনুষ্ঠান।১৯০খন দেশৰ মুঠ ৭০০ খেলুৱৈ আৰু ঐক্যবদ্ধ অংশীদাৰে বাৰ্লিনত ২৬টা শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা ১২ জুনত বাৰ্লিনলৈ যোৱাৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে ৭ জুনৰ পৰা ১১ জুনলৈ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰিব।স্পেচিয়েল অলিম্পিক ভাৰতে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই দলটোৰ বাবে বিশেষ চেণ্ড অফ অনুষ্ঠানৰো আয়োজন কৰিব৷

বৃহস্পতিবাৰে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মহিলা আৰু শিশু উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰানী, ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী পি টি উষা, ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু গায়িকা সনু নিগমকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰিব। অগ্ৰণী সমাজ কৰ্মী তথা বিশেষ অলিম্পিক ভাৰতৰ অধ্যক্ষ মল্লিকা নাড্ডাই আশা কৰিছে যে ভাৰতে বাৰ্লিনৰ পৰা আকৰ্ষণীয় পদক লাভ কৰি উভতি আহিব।

বিজেপিৰ সভাপতি জে পি নাড্ডাৰ পত্নী মল্লিকা নাড্ডাই কয় যে, "প্ৰতিযোগিতাৰ অংশটো পাছত আহে, প্ৰথমতে ইয়াৰ সকলোবোৰ অংশগ্ৰহণৰ কথা। মই বিশেষ অলিম্পিক বিশ্ব গ্ৰীষ্মকালীন গেমছত আমাৰ খেলুৱৈসকলৰ পৰা ১৫০ৰো অধিক পদক আশা কৰিছো।" বিশেষ খেলুৱৈসকলক মূলসুঁতিৰ সমাজৰ অংগ হোৱাত সহায় কৰিবলৈও নাড্ডাই ৰাইজক আহ্বান জনায়। নাড্ডাই কয় যে  "তেওঁলোকে জীৱনৰ মৰ্যাদা বিচাৰে আৰু ক্ৰীড়াই তেওঁলোকক সেইটো লাভ কৰাত সহায় কৰে। মই সকলোকে আহ্বান জনাইছো যে তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰক। মই ৰাজ্য চৰকাৰকো অনুৰোধ কৰিছো যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক তেওঁলোকৰ কৃতিত্বৰ বাবে নগদ ধনৰ বঁটা আৰু চাকৰিৰে সন্মানিত কৰক।"

তদুপৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা বিশেষ খেলুৱৈসকলক ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ নগদ বঁটা প্ৰদান কৰি ক্ৰীড়া মন্ত্ৰালয়ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু