--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যাহ্বানৰ মাজতো লুকাই থাকে প্ৰচুৰ সম্ভাৱনীয়তা, তেনে এক আকৰ হ’ল দিব্যাংগ খেলুৱৈসকল, যিয়ে প্ৰত্যাহ্বানকো নেওচি সফলতা নিজৰ কৰি লয়৷অহা ১৭ জুনৰ পৰা ২৫ জুনলৈ জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হ’বলগীয়া বিশেষ অলিম্পিক বিশ্ব গ্ৰীষ্মকালীন গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব ২৫৫ জনীয়া এটা শক্তিশালী দল সাজু হৈছে৷ 

বিশেষ অলিম্পিক বিশ্ব গেমছ হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ অন্তৰ্ভুক্ত ক্ৰীড়া অনুষ্ঠান।১৯০খন দেশৰ মুঠ ৭০০ খেলুৱৈ আৰু ঐক্যবদ্ধ অংশীদাৰে বাৰ্লিনত ২৬টা শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অহা ১২ জুনত বাৰ্লিনলৈ যোৱাৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে ৭ জুনৰ পৰা ১১ জুনলৈ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত প্ৰস্তুতি শিবিৰত অংশগ্ৰহণ কৰিব।স্পেচিয়েল অলিম্পিক ভাৰতে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই দলটোৰ বাবে বিশেষ চেণ্ড অফ অনুষ্ঠানৰো আয়োজন কৰিব৷

বৃহস্পতিবাৰে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মহিলা আৰু শিশু উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰানী, ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী পি টি উষা, ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু গায়িকা সনু নিগমকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰিব। অগ্ৰণী সমাজ কৰ্মী তথা বিশেষ অলিম্পিক ভাৰতৰ অধ্যক্ষ মল্লিকা নাড্ডাই আশা কৰিছে যে ভাৰতে বাৰ্লিনৰ পৰা আকৰ্ষণীয় পদক লাভ কৰি উভতি আহিব।

বিজেপিৰ সভাপতি জে পি নাড্ডাৰ পত্নী মল্লিকা নাড্ডাই কয় যে, "প্ৰতিযোগিতাৰ অংশটো পাছত আহে, প্ৰথমতে ইয়াৰ সকলোবোৰ অংশগ্ৰহণৰ কথা। মই বিশেষ অলিম্পিক বিশ্ব গ্ৰীষ্মকালীন গেমছত আমাৰ খেলুৱৈসকলৰ পৰা ১৫০ৰো অধিক পদক আশা কৰিছো।" বিশেষ খেলুৱৈসকলক মূলসুঁতিৰ সমাজৰ অংগ হোৱাত সহায় কৰিবলৈও নাড্ডাই ৰাইজক আহ্বান জনায়। নাড্ডাই কয় যে  "তেওঁলোকে জীৱনৰ মৰ্যাদা বিচাৰে আৰু ক্ৰীড়াই তেওঁলোকক সেইটো লাভ কৰাত সহায় কৰে। মই সকলোকে আহ্বান জনাইছো যে তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰক। মই ৰাজ্য চৰকাৰকো অনুৰোধ কৰিছো যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক তেওঁলোকৰ কৃতিত্বৰ বাবে নগদ ধনৰ বঁটা আৰু চাকৰিৰে সন্মানিত কৰক।"

তদুপৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা বিশেষ খেলুৱৈসকলক ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ নগদ বঁটা প্ৰদান কৰি ক্ৰীড়া মন্ত্ৰালয়ৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে