--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজয় দেৱেৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ প্ৰেমৰ সম্পৰ্কই পুনৰ এবাৰ চৰ্চা লাভ কৰিছে। অৱশ্যে ৰাজহুৱাভাৱে নিজৰ সম্পৰ্ক স্বীকাৰ কৰা নাই অভিনয় জগতৰ তাৰকা দুগৰাকীয়ে। শেহতীয়াকৈ নিউজ ১৮ তেলেগুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দুয়োজনে নিজৰ এংগেজমেণ্ট কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে ৰশ্মিকা বা বিজয় দেৱাৰকোণ্ডাই এই বিষয়ত কোনো মন্তব্য কৰা নাই।

বিজয় দেৱাৰকোণ্ডা আৰু ৰশ্মিকাই দুখন ছবিত অভিনয় কৰিছিল - ক্ৰমে 'গীতা গোবিন্দম' আৰু 'ডিয়েৰ কমৰেড'। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা বহুলভাৱে প্ৰকাশ পাইছে।

যোৱা কেইদিনমানৰ পৰা বিজয় দেৱাৰকোণ্ডা আৰু ৰশ্মিকাৰ এংগেজমেণ্টৰ বাতৰিয়ে ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে। নিউজ ১৮ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দুয়োৰে বাগদান হ’ব। অৱশ্যে দুয়োৰে এংগেজমেণ্টৰ কোনো আনুষ্ঠানিক নিশ্চিতকৰণ নাই।

শেহতীয়াকৈ হায়দৰাবাদৰ বিজয় দেৱাৰকোণ্ডাৰ ঘৰত ৰশ্মিকাই দীপাৱলী উদ্‌যাপন কৰে। দুয়োকে একেলগে বন্ধত ফুৰিবলৈ যোৱাও দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু