--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা দক্ষিণ চিনেমাৰ একাধিক ছুপাৰষ্টাৰে সমগ্ৰ দেশৰ চিনেমা দৰ্শকৰ হৃদয় জয় কৰিছে। ইয়াৰ ভিতৰত এটা প্ৰধান নাম হৈছে নবীন কুমাৰ গৌড়া- যিজন জনপ্ৰিয়ভাৱে ৰকিং ষ্টাৰ যশ নামেৰে পৰিচিত। কানাড়া ছুপাৰষ্টাৰগৰাকীয়ে ২০২৪ চনৰ ৮ জানুৱাৰীত ৩৮ সংখ্যক জন্মদিন উদযাপন কৰিছে।

প্ৰশান্ত নীলৰ নেতৃত্বত নিৰ্মিত কে জি এফ ছবি দুখনৰ বিশাল সফলতাৰে যশ হৈ পৰিছিল এজন পেন ইণ্ডিয়ান ছুপাৰষ্টাৰ। ২০১৮ চনত মুক্তি পোৱা প্ৰথম খণ্ড KGF Chapter 1 য়ে ৮০ কোটি টকাৰ বাজেটৰ বিপৰীতে বিশ্বজুৰি ২৩৮ কোটি টকা উপাৰ্জন কৰি ২০২২ চনৰ এপ্ৰিল মাহত Covid-19 মহামাৰীৰ পাছত চিনেমাগৃহত KGF Chapter 2 ৰ মুক্তিয়ে বক্স অফিচত জোকাৰণিৰ সৃষ্টি কৰে।

কে জি এফ চেপ্টাৰ ২য়ে বিশ্বজুৰি ১২১৫ কোটি টকা উপাৰ্জন কৰি কেৱল হিন্দী সংস্কৰণত ৪৩৫ কোটি টকা উপাৰ্জন কৰি সৰ্বকালৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।  একচন ড্ৰামাখনে হিন্দী বক্স অফিচত আমিৰ খান অভিনীত দঙ্গল আৰু পিকেৰ অভিলেখ ভংগ কৰে। ২০১৬ চনৰ ক্ৰীড়াভিত্তিক ছবিখনে ৩৭৪ কোটি টকা উপাৰ্জন কৰিছিল আৰু ২০১৪ চনৰ পিকে ছবিখনে হিন্দী ভাষাত ৩৪০ কোটি টকা উপাৰ্জন কৰিছিল।

এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে ৰামায়ণৰ সৈতে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে। খবৰ অনুসৰি নিতেশ তিৱাৰীয়ে পৰিচালনা কৰিবলগীয়া পৌৰাণিক মহাকাব্যখনত ভগৱান ৰাম, সীতা, ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ, সাই পল্লৱী, আৰু যশ। লগতে কোৱা হৈছে যে যশে ছবিখনৰ বাবে ১৫০ কোটি টকা পাৰিতোষিক হিচাপে ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক