--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা দক্ষিণ চিনেমাৰ একাধিক ছুপাৰষ্টাৰে সমগ্ৰ দেশৰ চিনেমা দৰ্শকৰ হৃদয় জয় কৰিছে। ইয়াৰ ভিতৰত এটা প্ৰধান নাম হৈছে নবীন কুমাৰ গৌড়া- যিজন জনপ্ৰিয়ভাৱে ৰকিং ষ্টাৰ যশ নামেৰে পৰিচিত। কানাড়া ছুপাৰষ্টাৰগৰাকীয়ে ২০২৪ চনৰ ৮ জানুৱাৰীত ৩৮ সংখ্যক জন্মদিন উদযাপন কৰিছে।

প্ৰশান্ত নীলৰ নেতৃত্বত নিৰ্মিত কে জি এফ ছবি দুখনৰ বিশাল সফলতাৰে যশ হৈ পৰিছিল এজন পেন ইণ্ডিয়ান ছুপাৰষ্টাৰ। ২০১৮ চনত মুক্তি পোৱা প্ৰথম খণ্ড KGF Chapter 1 য়ে ৮০ কোটি টকাৰ বাজেটৰ বিপৰীতে বিশ্বজুৰি ২৩৮ কোটি টকা উপাৰ্জন কৰি ২০২২ চনৰ এপ্ৰিল মাহত Covid-19 মহামাৰীৰ পাছত চিনেমাগৃহত KGF Chapter 2 ৰ মুক্তিয়ে বক্স অফিচত জোকাৰণিৰ সৃষ্টি কৰে।

কে জি এফ চেপ্টাৰ ২য়ে বিশ্বজুৰি ১২১৫ কোটি টকা উপাৰ্জন কৰি কেৱল হিন্দী সংস্কৰণত ৪৩৫ কোটি টকা উপাৰ্জন কৰি সৰ্বকালৰ চতুৰ্থ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।  একচন ড্ৰামাখনে হিন্দী বক্স অফিচত আমিৰ খান অভিনীত দঙ্গল আৰু পিকেৰ অভিলেখ ভংগ কৰে। ২০১৬ চনৰ ক্ৰীড়াভিত্তিক ছবিখনে ৩৭৪ কোটি টকা উপাৰ্জন কৰিছিল আৰু ২০১৪ চনৰ পিকে ছবিখনে হিন্দী ভাষাত ৩৪০ কোটি টকা উপাৰ্জন কৰিছিল।

এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰগৰাকীয়ে ৰামায়ণৰ সৈতে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে। খবৰ অনুসৰি নিতেশ তিৱাৰীয়ে পৰিচালনা কৰিবলগীয়া পৌৰাণিক মহাকাব্যখনত ভগৱান ৰাম, সীতা, ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে ৰণবীৰ কাপুৰ, সাই পল্লৱী, আৰু যশ। লগতে কোৱা হৈছে যে যশে ছবিখনৰ বাবে ১৫০ কোটি টকা পাৰিতোষিক হিচাপে ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু