--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ সামৰণি পৰিব দেওবাৰে। বিশ্ববিজয়ৰ বাবে যুঁজ চলিব দুই মহাশক্তিধৰ দল ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ মাজত। লিঅ’নেল মেছি আৰু কিলিয়ান এমবাপেৰ ক্লাছিক এই যুঁজখনৰ সাক্ষী হৈ ৰ’ব ফুটবলপ্ৰেমীসকল।

ফ্ৰান্স আৰু আৰ্জেণ্টিনা- দুয়োখন দেশেই এতিয়ালৈকে দুবাৰকৈ বিশ্বকাপ জয় কৰিছে। এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপত চুমা দিবলৈ উদ্বাউল হৈ আছে দুয়োটা দল। 

ভাৰতীয় সময় অনুসৰি দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ফাইনেলখন খোলোৱা হ’ব।  ফাইনেলত অৱতীৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত দুয়োটা দলে কেইবাৰ সমুখ সমৰত লিপ্ত হৈছে চাওঁ আহক।

এতিয়ালৈকে ১২ খন মেচত অৱতীৰ্ণ মুখামুখি হৈছে ফ্ৰান্স আৰু আৰ্জেণ্টিনা। ইয়াৰে তিনিখন মেচ বিশ্বকাপৰ। ১২খন মেচৰ ৬খনত বিজয়ী হৈছে আৰ্জেণ্টিনা। ফ্ৰান্স বিজয়ী হৈছে ৩ খনত। আনহাতে, ড্ৰ’ হৈছে ৩ খন মেচ।

১২ খন মেচত আৰ্জেণ্টিনাই গ’ল কৰিছে ১৪টা। ফ্ৰান্সে কৰিছে ১১ টা।

প্ৰথমবাৰ দুয়োটা দল মুখামুখি হৈছিল ১৯৩০ চনৰ ১৫ জুলাইত। বিশ্বকাপৰ মেচখনত ১-০ ব্যৱধানত আৰ্জেণ্টিনা বিজয়ী হৈছিল।
 ১৯৭৮ চনৰ বিশ্বকাপতো দুয়োটা দল মুখামুখি হয়। তেতিয়াও ২-১ ব্যৱধানত বিজয়ী হয় আৰ্জেণ্টিনা।

শেষবাৰৰ বাবে ২০১৮ চনৰ বিশ্বকাপত দুয়োটা দল মুখামুখি হৈছিল। সেইবাৰ ফ্ৰান্সে পৰাস্ত কৰিবলৈ সক্ষম হয় লিঅ’নেল মেছিৰ আৰ্জণ্টিনাক। ৪-৩ ব্যৱধানত পৰাস্ত হয় আৰ্জেণ্টিনা। মেচখনত কিলিয়ান এমবাপেই দুটাকৈ গ’ল কৰিবলৈ সক্ষম হৈছিল।

এতিয়া, লক্ষ্যণীয় হ’ব ২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত কোনে শেষ হাঁহি মাৰে! কোন বিজয়ী হ’ব- মেছি নে এমবাপে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক