--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপৰ সামৰণি পৰিব দেওবাৰে। বিশ্ববিজয়ৰ বাবে যুঁজ চলিব দুই মহাশক্তিধৰ দল ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ মাজত। লিঅ’নেল মেছি আৰু কিলিয়ান এমবাপেৰ ক্লাছিক এই যুঁজখনৰ সাক্ষী হৈ ৰ’ব ফুটবলপ্ৰেমীসকল।

ফ্ৰান্স আৰু আৰ্জেণ্টিনা- দুয়োখন দেশেই এতিয়ালৈকে দুবাৰকৈ বিশ্বকাপ জয় কৰিছে। এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপত চুমা দিবলৈ উদ্বাউল হৈ আছে দুয়োটা দল। 

ভাৰতীয় সময় অনুসৰি দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ফাইনেলখন খোলোৱা হ’ব।  ফাইনেলত অৱতীৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত দুয়োটা দলে কেইবাৰ সমুখ সমৰত লিপ্ত হৈছে চাওঁ আহক।

এতিয়ালৈকে ১২ খন মেচত অৱতীৰ্ণ মুখামুখি হৈছে ফ্ৰান্স আৰু আৰ্জেণ্টিনা। ইয়াৰে তিনিখন মেচ বিশ্বকাপৰ। ১২খন মেচৰ ৬খনত বিজয়ী হৈছে আৰ্জেণ্টিনা। ফ্ৰান্স বিজয়ী হৈছে ৩ খনত। আনহাতে, ড্ৰ’ হৈছে ৩ খন মেচ।

১২ খন মেচত আৰ্জেণ্টিনাই গ’ল কৰিছে ১৪টা। ফ্ৰান্সে কৰিছে ১১ টা।

প্ৰথমবাৰ দুয়োটা দল মুখামুখি হৈছিল ১৯৩০ চনৰ ১৫ জুলাইত। বিশ্বকাপৰ মেচখনত ১-০ ব্যৱধানত আৰ্জেণ্টিনা বিজয়ী হৈছিল।
 ১৯৭৮ চনৰ বিশ্বকাপতো দুয়োটা দল মুখামুখি হয়। তেতিয়াও ২-১ ব্যৱধানত বিজয়ী হয় আৰ্জেণ্টিনা।

শেষবাৰৰ বাবে ২০১৮ চনৰ বিশ্বকাপত দুয়োটা দল মুখামুখি হৈছিল। সেইবাৰ ফ্ৰান্সে পৰাস্ত কৰিবলৈ সক্ষম হয় লিঅ’নেল মেছিৰ আৰ্জণ্টিনাক। ৪-৩ ব্যৱধানত পৰাস্ত হয় আৰ্জেণ্টিনা। মেচখনত কিলিয়ান এমবাপেই দুটাকৈ গ’ল কৰিবলৈ সক্ষম হৈছিল।

এতিয়া, লক্ষ্যণীয় হ’ব ২০২২ চনৰ বিশ্বকাপৰ ফাইনেলত কোনে শেষ হাঁহি মাৰে! কোন বিজয়ী হ’ব- মেছি নে এমবাপে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু