--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনৰ আইপিএলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেলা মেচখনত বিৰাট কোহলীয়ে আৰ চি বিৰ পৰা অধিনায়কত্ব লোৱাৰ লগতে দলটোক বেক টু বেক দুটা জয়ৰ নেতৃত্ব দিয়ে। প্ৰায় ১৮ মাহৰ পাছত অৰ্থাৎ ডেৰ বছৰৰ পাছত আইপিএলত অধিনায়কত্ব কৰি থকা সময়ত বিৰাট কোহলীয়ে পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে। হয় দুয়োখন মেচতে কোহলীৰ নেতৃত্বত আৰচিবিৰ প্ৰদৰ্শন অতুলনীয় হোৱাৰ লগতে দুয়োখন মেচতে দলটোৱে জয়ৰ সোৱাদ লৈছে। ৰাজস্থানৰ বিৰুদ্ধে বিৰাটৰ অধিনায়কত্বত বাংগালুৰুৰ প্ৰদৰ্শন শীৰ্ষ মানৰ আছিল যদিও জয়ৰ আনন্দত কোহলীয়ে খেলপথাৰত ডাঙৰ ভুল কৰিছিল।

আচলতে ৰাজস্থানৰ বিৰুদ্ধে খেলা মেচখনত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে কোহলীক ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছে। কেৱল বিৰাটেই নহয়, দলৰ সকলো খেলুৱৈকে ৬ লাখ টকাৰ জৰিমনা বিহা হৈছে। ২০২৩ চনৰ আই পি এলত দ্বিতীয়বাৰৰ বাবে অভাৰ ৰেটৰ লেহেমীয়া হোৱাৰ বাবে আৰ চি বি দলক জৰিমনা বিহা হৈছে। প্ৰথমখন মেচত দলটোৰ অধিনায়কত্বত থকা ফাফ ডুপলেছকো ১২ লাখ টকাৰ জৰিমনা বিহা হৈছিল।

২০২৩ চনৰ আই পি এলত দুবাৰকৈ অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে এতিয়া ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দলটোক জৰিমনা বিহা হৈছে। তৃতীয়বাৰৰ পাছত যদি দলৰ বলাৰসকলে একেটা ভুল পুনৰাবৃত্তি কৰে, তেন্তে ৩০ লাখ জৰিমনাৰ লগতে দলৰ অধিনায়ককো এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হ’ব। অৰ্থাৎ এতিয়া বিৰাট কোহলীৰ ওপৰতো নিষেধাজ্ঞাৰ ভাবুকি আহি পৰিছে। ৰাজস্থানৰ বিৰুদ্ধে খেলখনত টছৰ সময়ত কোহলীয়ে কৈছিল যে আগন্তুক কেইখনমান মেচত তেওঁক আৰচিবিৰ অধিনায়ক হিচাপে দেখা যাব।

উল্লেখযোগ্য যে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ৰাজস্থান ৰয়েলছক ৭ ৰাণত পৰাস্ত কৰি খেলত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজস্থানৰ দলটোৱে ৬ টা উইকেট হেৰুৱাই মাত্ৰ ১৮২ ৰানহে কৰিব পাৰিছিল। বাংগালুৰুৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু গ্লেন মেক্সৱেলে ৭৭ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা