--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৩ চনৰ আইপিএলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেলা মেচখনত বিৰাট কোহলীয়ে আৰ চি বিৰ পৰা অধিনায়কত্ব লোৱাৰ লগতে দলটোক বেক টু বেক দুটা জয়ৰ নেতৃত্ব দিয়ে। প্ৰায় ১৮ মাহৰ পাছত অৰ্থাৎ ডেৰ বছৰৰ পাছত আইপিএলত অধিনায়কত্ব কৰি থকা সময়ত বিৰাট কোহলীয়ে পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে। হয় দুয়োখন মেচতে কোহলীৰ নেতৃত্বত আৰচিবিৰ প্ৰদৰ্শন অতুলনীয় হোৱাৰ লগতে দুয়োখন মেচতে দলটোৱে জয়ৰ সোৱাদ লৈছে। ৰাজস্থানৰ বিৰুদ্ধে বিৰাটৰ অধিনায়কত্বত বাংগালুৰুৰ প্ৰদৰ্শন শীৰ্ষ মানৰ আছিল যদিও জয়ৰ আনন্দত কোহলীয়ে খেলপথাৰত ডাঙৰ ভুল কৰিছিল।

আচলতে ৰাজস্থানৰ বিৰুদ্ধে খেলা মেচখনত অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে কোহলীক ২৪ লাখ টকাৰ জৰিমনা বিহা হৈছে। কেৱল বিৰাটেই নহয়, দলৰ সকলো খেলুৱৈকে ৬ লাখ টকাৰ জৰিমনা বিহা হৈছে। ২০২৩ চনৰ আই পি এলত দ্বিতীয়বাৰৰ বাবে অভাৰ ৰেটৰ লেহেমীয়া হোৱাৰ বাবে আৰ চি বি দলক জৰিমনা বিহা হৈছে। প্ৰথমখন মেচত দলটোৰ অধিনায়কত্বত থকা ফাফ ডুপলেছকো ১২ লাখ টকাৰ জৰিমনা বিহা হৈছিল।

২০২৩ চনৰ আই পি এলত দুবাৰকৈ অভাৰ ৰেট লেহেমীয়া হোৱাৰ বাবে এতিয়া ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দলটোক জৰিমনা বিহা হৈছে। তৃতীয়বাৰৰ পাছত যদি দলৰ বলাৰসকলে একেটা ভুল পুনৰাবৃত্তি কৰে, তেন্তে ৩০ লাখ জৰিমনাৰ লগতে দলৰ অধিনায়ককো এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হ’ব। অৰ্থাৎ এতিয়া বিৰাট কোহলীৰ ওপৰতো নিষেধাজ্ঞাৰ ভাবুকি আহি পৰিছে। ৰাজস্থানৰ বিৰুদ্ধে খেলখনত টছৰ সময়ত কোহলীয়ে কৈছিল যে আগন্তুক কেইখনমান মেচত তেওঁক আৰচিবিৰ অধিনায়ক হিচাপে দেখা যাব।

উল্লেখযোগ্য যে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ৰাজস্থান ৰয়েলছক ৭ ৰাণত পৰাস্ত কৰি খেলত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজস্থানৰ দলটোৱে ৬ টা উইকেট হেৰুৱাই মাত্ৰ ১৮২ ৰানহে কৰিব পাৰিছিল। বাংগালুৰুৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু গ্লেন মেক্সৱেলে ৭৭ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ