--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উভটি আহিল আজিংক্য ৰাহানে। পুনৰ দেখা যাব টীম ইণ্ডিয়াৰ বেটিং অৰ্ডাৰত ৰাহানে আৰু পুজাৰাৰ যুঁটি। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দলত সুযোগ লাভ কৰিছে ৩৪ বছৰীয়া ৰাহানে।

ৰাহানে প্ৰায় ১৫ মাহৰ পিছত পুনৰ ৰাষ্ট্ৰীয় দললৈ উভতি আহিছে। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ শেষবাৰৰ বাবে দেশৰ হৈ টেষ্ট খেলিছিল। এই পৰ্যন্ত দেশৰ হৈ ৮২ খন টেষ্ট খেলিছে ৰাহানেই।

সম্প্ৰতি আই পি এলত চেন্নাইৰ হৈ খেলি আছে ৰাহানেই। ইতিমধ্যে তেওঁ কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছে। ইডেনত কেকেআৰৰ বিৰুদ্ধে ৰাহানেৰ ইনিংছটো আছিল একেবাৰে অভাৱনীয়।

ইপিনে, আঘাতৰ বাবে খেলিব নোৱাৰে শ্ৰেয়াছ আয়েৰে। মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য বেটছমেনৰ প্ৰয়োজন আছিল। ইয়াৰ পিছতে বৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ। নিৰ্বাচকসকলে তেওঁক ফাইনেলৰ দলটোত ৰখাও নাই।

সম্পূৰ্ণ দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, অজিংক্য ৰাহানে, কে এল ৰাহুল, কে এছ ভাৰত (উইকেট কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, ম. ছামি, মহম্মদ ছিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে