--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উভটি আহিল আজিংক্য ৰাহানে। পুনৰ দেখা যাব টীম ইণ্ডিয়াৰ বেটিং অৰ্ডাৰত ৰাহানে আৰু পুজাৰাৰ যুঁটি। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দলত সুযোগ লাভ কৰিছে ৩৪ বছৰীয়া ৰাহানে।

ৰাহানে প্ৰায় ১৫ মাহৰ পিছত পুনৰ ৰাষ্ট্ৰীয় দললৈ উভতি আহিছে। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ শেষবাৰৰ বাবে দেশৰ হৈ টেষ্ট খেলিছিল। এই পৰ্যন্ত দেশৰ হৈ ৮২ খন টেষ্ট খেলিছে ৰাহানেই।

সম্প্ৰতি আই পি এলত চেন্নাইৰ হৈ খেলি আছে ৰাহানেই। ইতিমধ্যে তেওঁ কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছে। ইডেনত কেকেআৰৰ বিৰুদ্ধে ৰাহানেৰ ইনিংছটো আছিল একেবাৰে অভাৱনীয়।

ইপিনে, আঘাতৰ বাবে খেলিব নোৱাৰে শ্ৰেয়াছ আয়েৰে। মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য বেটছমেনৰ প্ৰয়োজন আছিল। ইয়াৰ পিছতে বৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ। নিৰ্বাচকসকলে তেওঁক ফাইনেলৰ দলটোত ৰখাও নাই।

সম্পূৰ্ণ দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুবমান গিল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, অজিংক্য ৰাহানে, কে এল ৰাহুল, কে এছ ভাৰত (উইকেট কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, ম. ছামি, মহম্মদ ছিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ