--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জোঁৱাই শ্বাহীন শ্বাহ আফ্ৰিদিক কঠোৰ সকীয়নি দিলে শহুৰেক শ্বাহিদ আফ্ৰিদীয়ে। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে স্পষ্টকৈ কৈছে যে শ্বহীনে তেওঁক ৰাজহুৱাভাৱে 'শহুৰ’ বুলি ক’ব নালাগে। কিন্তু শ্বাহিদে কিয় তেনেকৈ ক’লে?

শ্বাহিদ আৰু শ্বাহীনে পাকিস্তানী চেনেল এটাত সাক্ষাৎকাৰ দিছিল। তেতিয়া শ্বাহিদে শ্বাহিনৰ ফালে চাই ক'লে, "শুনা, মই দ্বিতীয়বাৰৰ বাবে তোমাৰ মুখৰ পৰা শহুৰ শব্দটো যাতে নুশুনো।’’ তেনেকৈ কৈয়েই তেওঁ হাঁহি উঠিল।

শ্বাহীদে কয় যে কিছুদিন পূৰ্বে তেওঁ এখন প্ৰতিযোগিতাত জয়ী হৈছিল। শ্বহীনে যেনেকৈ লাহোৰ কালাণ্ডাৰছৰ হৈ পাকিস্তান ছুপাৰ লীগ জয় কৰিছিল, এছিয়া লায়ন্সৰ হৈ শ্বাহিদে লিজেণ্ডছ ক্ৰিকেট লীগত জয় লাভ কৰিছিল। তেনেহ’লে তেওঁ কেনেকৈ শহুৰেক হৈ পৰিল! দুয়োজনেই এতিয়াও ক্ৰিকেট খেলি আছে। সেইবাবেই শ্বাহিদে শ্বাহীনক ৰাজহুৱাভাৱে শহুৰেক বুলি কোৱাত মানা কৰিছে।

শ্বাহিনে জনায় তেওঁ শ্বাহিদক কিমান সন্মান কৰে। শ্বাহিনে ক'লে, "শ্বাহিদ মোৰ বাবে প্ৰথমেই কেপ্তেইন। মই তেওঁক চাই চাইয়েই ডাঙৰ হৈছো। তেওঁৰ খেলে মোক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ বেটিং চাই ভাল লাগে। মোৰ ভাগ্য ভাল যে মোৰ শহুৰেক হিচাপে এনেকুৱা এজন মানুহ পাইছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ