--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্য প্ৰয়াত যশস্বী গায়িকা লতা মংগেশকাৰ আছিল কেইবা দশকৰ অপ্ৰতিদ্বন্দ্বী মহিলা কণ্ঠশিল্পী। তেওঁৰ জনপ্ৰিয় গীতৰ সমান্তৰালকৈ বহু কেইগৰাকী বলীউড অভিনেত্ৰীও অত্যন্ত জনপ্ৰিয় আছিল। ইয়াৰে ভিতৰত হেমা মালিনীও অন্যতম। কিন্তু লতাজীৰ মৃত্যুৰ পাছত হেমা মালিনীৰ এক বিশেষ বক্তব্যই এতিয়া চৰ্চালাভ কৰিছে। হেমা মালিনীৰ মতে দুয়োৰে সমান্তৰাল যাত্ৰা সন্দৰ্ভত তেওঁৰ কিছু অনুশোচনা আছে। প্ৰবীণ অভিনেত্ৰী হেমা মালিনীয়ে বিশ্বাস কৰে যে লতাজীৰ এটা বিশেষ উপকাৰ আছিল যে তেওঁ হেমা মালিনীৰ কেইখনমান ডাঙৰ হিট ছবিত গান গাইছিল। যাৰ ভিতৰত আছে কিনাৰা চলচ্চিত্ৰৰ প্ৰিয় গীত 'নাম গুম জায়েগা'। কিন্তু ‘নাইটিংগেল অব ইণ্ডিয়া’ৰ সৈতে কিছু জনপ্ৰিয় গীতৰ অংশীদাৰ হোৱা সত্ত্বেও, লতা মংগেশকাৰৰ সৈতে তেওঁৰ যাত্ৰা সন্দৰ্ভত হেমাৰ এটা ডাঙৰ অনুশোচনা আছে। এই কথা স্বীকাৰ কৰিছে খোদ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে। শেহতীয়া এক সাক্ষাৎকাৰত হেমাই উল্লেখ কৰিছে যেতিয়া তেওঁ পৰ্দাত মীৰাবাইৰ চৰিত্ৰত অভিনয় কৰিছিল, তেতিয়া তেওঁ লতা মংগেশকাৰক তেওঁৰ অভিনীত ছবিৰ গীতত কণ্ঠদান কৰাটো বিচাৰিছিল। কিন্তু প্ৰবীণ গায়িকাগৰাকী তেওঁৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। হেমাই কয় যে মীৰাৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে এটা সপোনৰ আছিল আৰু এই সপোনটো ১৯৭৯ চনৰ চলচ্চিত্ৰখনত সঁচা হৈছিল। প্ৰযোজক প্ৰেমজীয়ে হেমা আৰু ধৰমজীৰ সৈতে বহুতো হিট ছবি নিৰ্মাণ কৰিছিল, যাৰ বাবে তেওঁ মীৰাবাইৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰামৰ্শ দিছিল। হেমাই কৈছিল যে তেওঁৱেই গুলজাৰক পৰিচালক হিচাপে বৰ্ডলৈ আনিছিল আৰু পৰামৰ্শ দিছিল যে লতা মংগেশকাৰে ভজনত কণ্ঠদান কৰিব। “কিন্তু যেতিয়া লতাজীয়ে মীৰা ভজন গাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া সমগ্ৰ প্ৰকল্পটো ধ্বংস হৈ গৈছিল। লতাজী মোৰ কেৰিয়াৰত মোৰ কণ্ঠস্বৰ আছিল। এতিয়া যেতিয়াই মই মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটো কৰি আছিলো, তেতিয়া লতাজীয়ে অস্বীকাৰ কৰিছিল।”- এক সাক্ষাৎকাৰত এনেদৰে উল্লেখ কৰিছে সাসংদ তথা অভিনেত্ৰী হেমা মালিনীয়ে। তেওঁ ব্যক্তিগতভাৱে ভাৰতৰত্ন বঁটাপ্ৰাপ্ত লতাজীক গান গাবলৈ অনুৰোধ কৰা সত্ত্বেও নম্ৰতাৰে অস্বীকাৰ কৰিছিল। লতাজীয়ে কৈছিল যে তেওঁ ভায়েক হৃদয়নাথ মংগেশকাৰৰ বাবে গান গোৱাৰ পাছত মীৰা ভজন নগাবলৈ শপত লৈছিল। এনেদৰেই হেমাই প্ৰত্যাখান কৰিছিল হেমা মালিনীক। পৰৱৰ্তী সময়ত চলচ্চিত্ৰখনৰ সংগীত পণ্ডিত ৰবি শংকৰে ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল বাণী জয়ৰামে। হেমাই লগতে এই কথাও স্বীকাৰ কৰে যে, বাণী জয়ৰাম নিসন্দেহে এগৰাকী সুকণ্ঠৰ অধিকাৰী। কিন্তু তেওঁৰ কণ্ঠস্বৰ হেমাৰ বাবে উপযুক্ত নাছিল। ‘এইটো মোৰ এটা দুখ হৈ থাকিব যে লতাজীয়ে মীৰাত মোৰ বাবে গান গোৱা নাছিল।’ এনেকৈয়ে হেমা মালিনীয়ে লতা মংগেশকাৰৰ বিয়োগৰ পাছত তেওঁৰ সৈতে থকা সম্পৰ্ক সোঁৱৰণ কৰি দুখ প্ৰকাশ কৰিছে। লতাজীয়ে তেওঁৰ ছবিত গান নোগোৱাটো তেওঁৰ এটা দুখ হৈ থাকি যাব বুলিও উল্লেখ কৰে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ