--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্য প্ৰয়াত যশস্বী গায়িকা লতা মংগেশকাৰ আছিল কেইবা দশকৰ অপ্ৰতিদ্বন্দ্বী মহিলা কণ্ঠশিল্পী। তেওঁৰ জনপ্ৰিয় গীতৰ সমান্তৰালকৈ বহু কেইগৰাকী বলীউড অভিনেত্ৰীও অত্যন্ত জনপ্ৰিয় আছিল। ইয়াৰে ভিতৰত হেমা মালিনীও অন্যতম। কিন্তু লতাজীৰ মৃত্যুৰ পাছত হেমা মালিনীৰ এক বিশেষ বক্তব্যই এতিয়া চৰ্চালাভ কৰিছে। হেমা মালিনীৰ মতে দুয়োৰে সমান্তৰাল যাত্ৰা সন্দৰ্ভত তেওঁৰ কিছু অনুশোচনা আছে। প্ৰবীণ অভিনেত্ৰী হেমা মালিনীয়ে বিশ্বাস কৰে যে লতাজীৰ এটা বিশেষ উপকাৰ আছিল যে তেওঁ হেমা মালিনীৰ কেইখনমান ডাঙৰ হিট ছবিত গান গাইছিল। যাৰ ভিতৰত আছে কিনাৰা চলচ্চিত্ৰৰ প্ৰিয় গীত 'নাম গুম জায়েগা'। কিন্তু ‘নাইটিংগেল অব ইণ্ডিয়া’ৰ সৈতে কিছু জনপ্ৰিয় গীতৰ অংশীদাৰ হোৱা সত্ত্বেও, লতা মংগেশকাৰৰ সৈতে তেওঁৰ যাত্ৰা সন্দৰ্ভত হেমাৰ এটা ডাঙৰ অনুশোচনা আছে। এই কথা স্বীকাৰ কৰিছে খোদ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে। শেহতীয়া এক সাক্ষাৎকাৰত হেমাই উল্লেখ কৰিছে যেতিয়া তেওঁ পৰ্দাত মীৰাবাইৰ চৰিত্ৰত অভিনয় কৰিছিল, তেতিয়া তেওঁ লতা মংগেশকাৰক তেওঁৰ অভিনীত ছবিৰ গীতত কণ্ঠদান কৰাটো বিচাৰিছিল। কিন্তু প্ৰবীণ গায়িকাগৰাকী তেওঁৰ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছিল। হেমাই কয় যে মীৰাৰ চৰিত্ৰত অভিনয় কৰাটো তেওঁৰ বাবে এটা সপোনৰ আছিল আৰু এই সপোনটো ১৯৭৯ চনৰ চলচ্চিত্ৰখনত সঁচা হৈছিল। প্ৰযোজক প্ৰেমজীয়ে হেমা আৰু ধৰমজীৰ সৈতে বহুতো হিট ছবি নিৰ্মাণ কৰিছিল, যাৰ বাবে তেওঁ মীৰাবাইৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰামৰ্শ দিছিল। হেমাই কৈছিল যে তেওঁৱেই গুলজাৰক পৰিচালক হিচাপে বৰ্ডলৈ আনিছিল আৰু পৰামৰ্শ দিছিল যে লতা মংগেশকাৰে ভজনত কণ্ঠদান কৰিব। “কিন্তু যেতিয়া লতাজীয়ে মীৰা ভজন গাবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া সমগ্ৰ প্ৰকল্পটো ধ্বংস হৈ গৈছিল। লতাজী মোৰ কেৰিয়াৰত মোৰ কণ্ঠস্বৰ আছিল। এতিয়া যেতিয়াই মই মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰটো কৰি আছিলো, তেতিয়া লতাজীয়ে অস্বীকাৰ কৰিছিল।”- এক সাক্ষাৎকাৰত এনেদৰে উল্লেখ কৰিছে সাসংদ তথা অভিনেত্ৰী হেমা মালিনীয়ে। তেওঁ ব্যক্তিগতভাৱে ভাৰতৰত্ন বঁটাপ্ৰাপ্ত লতাজীক গান গাবলৈ অনুৰোধ কৰা সত্ত্বেও নম্ৰতাৰে অস্বীকাৰ কৰিছিল। লতাজীয়ে কৈছিল যে তেওঁ ভায়েক হৃদয়নাথ মংগেশকাৰৰ বাবে গান গোৱাৰ পাছত মীৰা ভজন নগাবলৈ শপত লৈছিল। এনেদৰেই হেমাই প্ৰত্যাখান কৰিছিল হেমা মালিনীক। পৰৱৰ্তী সময়ত চলচ্চিত্ৰখনৰ সংগীত পণ্ডিত ৰবি শংকৰে ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল বাণী জয়ৰামে। হেমাই লগতে এই কথাও স্বীকাৰ কৰে যে, বাণী জয়ৰাম নিসন্দেহে এগৰাকী সুকণ্ঠৰ অধিকাৰী। কিন্তু তেওঁৰ কণ্ঠস্বৰ হেমাৰ বাবে উপযুক্ত নাছিল। ‘এইটো মোৰ এটা দুখ হৈ থাকিব যে লতাজীয়ে মীৰাত মোৰ বাবে গান গোৱা নাছিল।’ এনেকৈয়ে হেমা মালিনীয়ে লতা মংগেশকাৰৰ বিয়োগৰ পাছত তেওঁৰ সৈতে থকা সম্পৰ্ক সোঁৱৰণ কৰি দুখ প্ৰকাশ কৰিছে। লতাজীয়ে তেওঁৰ ছবিত গান নোগোৱাটো তেওঁৰ এটা দুখ হৈ থাকি যাব বুলিও উল্লেখ কৰে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু