--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যাক কেন্দ্ৰ কৰি এতিয়াও চাঞ্চল্য অব্যাহত আছে। ২৪ ডিচেম্বৰত চ’নী ছাবৰ শ্ব’ ‘আলিবাবা: দাস্তান-ই-কাবুল’ৰ চেটত আত্মহত্যা কৰিছিল ২০ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে। তুনিশাৰ আত্মহত্যাৰ পাছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। আলিবাবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বীজানে। শ্বীজানৰ সৈতে আছিল তুনিশাৰ প্ৰেমৰ সম্পৰ্ক।

তুনিশাৰ মাতৃয়ে শ্বীজানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত অধিক তদন্তৰ বাবে আৰক্ষীয়ে অভিনেতাজনক জিম্মাত লৈছে। বহুতে অনুমান কৰিছিল যে অভিনেত্ৰীগৰাকী হয়তো মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল। মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত তুনিশা শৰ্মা গৰ্ভৱতী আছিল কৰা ধাৰণা ভুল প্ৰমাণিত হৈছে৷

এই সন্দৰ্ভত তুনিশাৰ খুড়াকে মুখ খুলিছে। তেওঁ কয়, "লকডাউনৰ সময়ছোৱাত তুনিশা মোৰ লগত প্ৰায় ডেৰ বছৰ থাকিছিল আৰু লগত মোৰ ছোৱালীজনীও আছিল। আমি বহুত ঘনিষ্ঠ আছিলো আৰু কেইবাবাৰো ফোনত কথা পাতিছিলো, কিন্তু তেওঁৰ লগত ঘটা ঘটনাবোৰৰ বিষয়ে মই অৱগত নাছিলো।" তুনিশাৰ ঘনিষ্ঠ বন্ধুসকলৰ পৰা জানিব পাৰিছো যে তাই কিছুদিন ধৰি মানসিক চাপত আছিল। তুনিশা প্ৰতাৰণাৰ বলি হৈছিল। এই প্ৰতাৰণাৰ বিষয়ে মাতৃ আৰু এজন ডাক্তৰক জনাইছিল তুনিশাই। মই কাকো দোষ দিব নিবিচাৰো। মই নিশ্চিত যে আৰক্ষীয়ে তদন্ত কৰি আছে আৰু এই বিষয়ত যিয়েই দায়ী তেওঁক শাস্তি দিয়া উচিত।"

শ্বীজানৰ কথা সুধোতে খুড়াকে কয়, "এই বিষয়ত মই বেছি একো ক'ব নোৱাৰো। তেওঁক জেৰা কৰা হৈছে। তেওঁৰ ফোনটো আৰক্ষীৰ দলৰ লগত আছে আৰু আশাকৰোঁ তেওঁলোকে সত্যটো সোনকালে আমাক জনাব।"

তেওঁ লগতে কয়, "তুনিশাৰ মাতৃ এই ঘটনাকলৈ ভাঙি পৰিছে। তেওঁ ঔষধ খাই আছে আৰু আমি যি কৰিব পাৰো আৰু কৰি আছো।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু