--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাৰ আত্মহত্যাক কেন্দ্ৰ কৰি এতিয়াও চাঞ্চল্য অব্যাহত আছে। ২৪ ডিচেম্বৰত চ’নী ছাবৰ শ্ব’ ‘আলিবাবা: দাস্তান-ই-কাবুল’ৰ চেটত আত্মহত্যা কৰিছিল ২০ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে। তুনিশাৰ আত্মহত্যাৰ পাছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। আলিবাবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বীজানে। শ্বীজানৰ সৈতে আছিল তুনিশাৰ প্ৰেমৰ সম্পৰ্ক।

তুনিশাৰ মাতৃয়ে শ্বীজানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত অধিক তদন্তৰ বাবে আৰক্ষীয়ে অভিনেতাজনক জিম্মাত লৈছে। বহুতে অনুমান কৰিছিল যে অভিনেত্ৰীগৰাকী হয়তো মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল। মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত তুনিশা শৰ্মা গৰ্ভৱতী আছিল কৰা ধাৰণা ভুল প্ৰমাণিত হৈছে৷

এই সন্দৰ্ভত তুনিশাৰ খুড়াকে মুখ খুলিছে। তেওঁ কয়, "লকডাউনৰ সময়ছোৱাত তুনিশা মোৰ লগত প্ৰায় ডেৰ বছৰ থাকিছিল আৰু লগত মোৰ ছোৱালীজনীও আছিল। আমি বহুত ঘনিষ্ঠ আছিলো আৰু কেইবাবাৰো ফোনত কথা পাতিছিলো, কিন্তু তেওঁৰ লগত ঘটা ঘটনাবোৰৰ বিষয়ে মই অৱগত নাছিলো।" তুনিশাৰ ঘনিষ্ঠ বন্ধুসকলৰ পৰা জানিব পাৰিছো যে তাই কিছুদিন ধৰি মানসিক চাপত আছিল। তুনিশা প্ৰতাৰণাৰ বলি হৈছিল। এই প্ৰতাৰণাৰ বিষয়ে মাতৃ আৰু এজন ডাক্তৰক জনাইছিল তুনিশাই। মই কাকো দোষ দিব নিবিচাৰো। মই নিশ্চিত যে আৰক্ষীয়ে তদন্ত কৰি আছে আৰু এই বিষয়ত যিয়েই দায়ী তেওঁক শাস্তি দিয়া উচিত।"

শ্বীজানৰ কথা সুধোতে খুড়াকে কয়, "এই বিষয়ত মই বেছি একো ক'ব নোৱাৰো। তেওঁক জেৰা কৰা হৈছে। তেওঁৰ ফোনটো আৰক্ষীৰ দলৰ লগত আছে আৰু আশাকৰোঁ তেওঁলোকে সত্যটো সোনকালে আমাক জনাব।"

তেওঁ লগতে কয়, "তুনিশাৰ মাতৃ এই ঘটনাকলৈ ভাঙি পৰিছে। তেওঁ ঔষধ খাই আছে আৰু আমি যি কৰিব পাৰো আৰু কৰি আছো।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক