--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃশ্বাহৰুখ খানৰ পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি উদ্দাম নৃত্য কৰাৰ পিছৰে পৰা সমালোচিত হৈছিল দীপিকা পাডুকন৷ তেতিয়াৰে পৰা ৰাজহুৱা দৰ্শনৰ পৰা বিৰত আছিল দীপিকা৷ এতিয়া হঠাতে দীপিকাই দিছে তেওঁৰ উপস্থিতিৰ বতৰা৷ অনুৰাগীক আশ্বস্ত কৰি দীপিকাই ইনষ্টাগ্ৰামত পোষ্ট কৰিছে এটা বিশেষ পোষ্ট৷ 

কিছুদিন পূৰ্বে দীপিকা পাডুকন ৩৭ বছৰীয়া হৈছে।দীপিকাই শেহতীয়াকৈ  তেওঁৰ স্বামী ৰণবীৰৰ সৈতে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ সাগৰৰ পাৰলৈ গৈছিল। যদিও তেওঁ ঠাইখনৰ বিষয়ে গোপনীয়তা বজাই ৰাখিছে। কিন্তু ইয়াৰ মাজতে স্বামী ৰণবীৰে দীপিকাক লেন্স বন্দী কৰে।ভিডিঅ’টোত সাগৰৰ  ঢৌৰ মাজত  দীপিকাক  বিকিনি পিন্ধি থকা দেখা গৈছে, চুলি বতাহত উৰি আছে। তেওঁ এটা বিশেষ বাৰ্তাও দিছে।বহুলোকে আশা কৰিছিল যে দীপিকাই অন্ততঃ তেওঁৰ জন্মদিনত 'পাঠান' বিতৰ্কৰ বিষয়ে কিবা ক'ব। কিন্তু নায়িকাৰ মুখ বন্ধ হৈয়েই আছিল । 




কিন্তু এইবাৰ জন্মদিন পাৰ নোহোৱাৰ লগে লগে দীপিকাৰ পৰা এটা বিশেষ বাৰ্তা আহিছে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, "এটা আভাস, ঠিক এৰি এহা  বছৰটোৰ দৰে, অন্ততঃ জন্মদিনটো যিদৰে অতিবাহিত হৈছিল। মই নতুন বছৰত নতুন কিবা এটাৰ বাবে অপেক্ষা কৰি আছোঁ, সকলোৱে উন্নতি কৰক,সুখেৰে  বাস কৰক, আপোনালোক সকলোকে ধন্যবাদ। শেষত দীপিকাই  কয়, "মোৰ জন্মদিনত ইমানবোৰ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। ''বৃহস্পতিবাৰে দীপিকাৰ জন্মদিন উপলক্ষে শ্বাহৰুখ খানেও 'পাঠান'ৰ অভিনেত্ৰীগৰাকীৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু