--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে যেতিয়া কিবা এটা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয় তেন্তে তেওঁক কোনেও বাধা দিব নোৱাৰে। হলিউডৰ ছুপাৰমডেল বেভাৰ্লী জনছন ইয়াৰ এক জলন্ত উদাহৰণ।বেভাৰ্লী জনছন সাঁতোৰৰ বিশেষজ্ঞ আছিল। তেওঁ আইনৰো ছাত্ৰী আছিল যদিও তেওঁৰ ভাগ্যত হয়তো আন কিবা লিখা আছিল। ৭০ বছৰীয়া বেভাৰ্লী জনছনক দেখিলে কম বয়সীয়া যুৱতীয়েও লাজ পায়। তেওঁ এই বয়সতো নিজৰ সৌন্দৰ্য আৰু ষ্টাইলেৰে সকলোকে আকৰ্ষণ কৰে।
बवर्ली जॉनसन
৭০ৰ দশকত তেওঁ মডেলিঙৰ জগতখনত প্ৰৱেশ কৰে। সেই সময়ত ফেশ্বন উদ্যোগত কেৱল উজ্জ্বল ছাল আৰু নীলা চকুৰ মডেলকহে পছন্দ কৰা হৈছিল। কিন্তু বেভাৰ্লী জনছন দেখাত তেনে নাছিল। যাত্ৰাৰ আৰম্ভণি বেভাৰ্লীৰ বাবে কঠিন আছিল যদিও তেওঁ হাৰ নামানিলে। 

বহু ফেশ্বন ডিজাইনাৰে বেভাৰ্লী জনছনক নাকচ কৰি কৈছিল আপুনি নিজকে কি বুলি ভাবে? কিন্তু বেভাৰ্লীয়ে কাৰো কথাত একো গুৰুত্ব নিদিলে। ঘৃণাকাৰীক ঘৃণা কৰিবলৈ তেওঁৰ সময় নাছিল।
बवर्ली जॉनसन
নিজৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰি মডেলিং উদ্যোগত নিজকে জিলিকাই তুলে বেভাৰ্লী জনছনে। ইয়াৰ বাবে বেভাৰ্লীয়ে কিছু পৰিকল্পনা কৰিলে। নেটৱৰ্ক এজেন্সী সলনি কৰিলে, দল সলনি কৰিলে আৰু লাহে লাহে উচ্চতা স্পৰ্শ কৰিবলৈ ধৰিলে।

বেভাৰ্লীৰ বয়স ৭০ বছৰ যদিও এতিয়াও তেওঁ মডেলিঙৰ সৈতে সংযুক্ত। বাস্তৱ জীৱনত তেওঁ যথেষ্ট গ্লেমাৰাছ। ফিটনেছ আৰু টোনড ফিগাৰ বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ সদায় আগবঢ়া। তেওঁ দিনটোৰ আৰম্ভণি কৰে ধ্যান, ক্ৰছ ট্ৰেইনিং আৰু যোগাসনৰ দ্বাৰা। তাৰপাছত কুহুমীয়া নেমু পানী আৰু ষ্ট্ৰবেৰী খায়। দুপৰীয়া আৰু ৰাতিৰ আহাৰত মাংস আৰু সিজোৱা শাক-পাচলি খায়। যদি বেভাৰ্লীৰ কিবা মিঠা খাবলৈ মন যায়, তেন্তে তেওঁ সদায় মিঠা সোৱাদযুক্ত দৈ খাবলৈ বেছি পছন্দ কৰে। ইয়াৰ উপৰিও বেভাৰ্লীয়ে এদিন নিজৰ ছিট ডে’ও ৰাখে, য’ত তেওঁ বাটাৰ পপকৰ্ণেৰে নিজৰ লোভ পূৰণ কৰে।
बवर्ली जॉनसन
১৯৫২ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা বেভাৰ্লী জনছন এগৰাকী আমেৰিকান মডেল, অভিনেত্ৰী, গায়িকা আৰু ব্যৱসায়ী। ১৯৭৪ চনত আমেৰিকান ভ’গৰ কভাৰত দেখা দিয়া প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান মডেল হিচাপে পৰিগণিত হয় বেভাৰ্লী জনছন। ১৯৭৪ চনত ফ্ৰেন্স এলে আলোচনীৰ কভাৰ পেজত প্ৰকাশ পোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা বেভাৰ্লী।
बवर्ली जॉनसन
বেভাৰ্লীয়ে দুবাৰ বিয়া কৰাইছিল। ১৯৭১ চনত ৰিয়েল এষ্টেট এজেণ্ট বিলি পৰ্টাৰৰ সৈতে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত তেওঁৰ বয়স ১৯ বছৰ। কিন্তু বিয়াৰ তিনিবছৰৰ পাছত বেভাৰ্লীয়ে বিলি পৰ্টাৰৰ লগত বিবাহ বিচ্ছেদ কৰে।

ইয়াৰ পাছত ২৫ বছৰ বয়সত বেভাৰ্লীয়ে দ্বিতীয়বাৰৰ বাবে সংগীত প্ৰযোজক ডেনি চিমছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হৈছিল। ডেনি আৰু বেভাৰ্লী দুবছৰৰ পাছত পৃথক হয়।

বেভাৰ্লীৰ দ্বিতীয় বিবাহো সফল নহ’ল। ১৯৯৫ চনত বেভাৰ্লীয়ে অভিনেতা ক্ৰীছ নৰ্থৰ লগত পাঁচ বছৰ ডেটিং কৰে। পিছত বেভাৰ্লীয়ে ক্ৰীছৰ বিৰুদ্ধে ঘৰুৱা হিংসা, বৰ্ণবাদী নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। 
बवर्ली जॉनसन
২০১০ চনত বেভাৰ্লীৰ কন্যা আনন্সাই ডেভিদ পেটাৰছনক বিয়া কৰাইছিল। কন্যা আনন্সাৰ ফালৰ পৰা বেভাৰ্লী জনছনৰ ৪জন নাতি-নাতিনী আছে। 

সঁচাকৈয়ে বয়স মাঁথো এটা সংখ্যাহে, সেই কথা প্ৰমাণ কৰি দেখুৱাইছে বেভাৰ্লী জনছনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক