--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে যেতিয়া কিবা এটা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয় তেন্তে তেওঁক কোনেও বাধা দিব নোৱাৰে। হলিউডৰ ছুপাৰমডেল বেভাৰ্লী জনছন ইয়াৰ এক জলন্ত উদাহৰণ।বেভাৰ্লী জনছন সাঁতোৰৰ বিশেষজ্ঞ আছিল। তেওঁ আইনৰো ছাত্ৰী আছিল যদিও তেওঁৰ ভাগ্যত হয়তো আন কিবা লিখা আছিল। ৭০ বছৰীয়া বেভাৰ্লী জনছনক দেখিলে কম বয়সীয়া যুৱতীয়েও লাজ পায়। তেওঁ এই বয়সতো নিজৰ সৌন্দৰ্য আৰু ষ্টাইলেৰে সকলোকে আকৰ্ষণ কৰে।
बवर्ली जॉनसन
৭০ৰ দশকত তেওঁ মডেলিঙৰ জগতখনত প্ৰৱেশ কৰে। সেই সময়ত ফেশ্বন উদ্যোগত কেৱল উজ্জ্বল ছাল আৰু নীলা চকুৰ মডেলকহে পছন্দ কৰা হৈছিল। কিন্তু বেভাৰ্লী জনছন দেখাত তেনে নাছিল। যাত্ৰাৰ আৰম্ভণি বেভাৰ্লীৰ বাবে কঠিন আছিল যদিও তেওঁ হাৰ নামানিলে। 

বহু ফেশ্বন ডিজাইনাৰে বেভাৰ্লী জনছনক নাকচ কৰি কৈছিল আপুনি নিজকে কি বুলি ভাবে? কিন্তু বেভাৰ্লীয়ে কাৰো কথাত একো গুৰুত্ব নিদিলে। ঘৃণাকাৰীক ঘৃণা কৰিবলৈ তেওঁৰ সময় নাছিল।
बवर्ली जॉनसन
নিজৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰি মডেলিং উদ্যোগত নিজকে জিলিকাই তুলে বেভাৰ্লী জনছনে। ইয়াৰ বাবে বেভাৰ্লীয়ে কিছু পৰিকল্পনা কৰিলে। নেটৱৰ্ক এজেন্সী সলনি কৰিলে, দল সলনি কৰিলে আৰু লাহে লাহে উচ্চতা স্পৰ্শ কৰিবলৈ ধৰিলে।

বেভাৰ্লীৰ বয়স ৭০ বছৰ যদিও এতিয়াও তেওঁ মডেলিঙৰ সৈতে সংযুক্ত। বাস্তৱ জীৱনত তেওঁ যথেষ্ট গ্লেমাৰাছ। ফিটনেছ আৰু টোনড ফিগাৰ বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ সদায় আগবঢ়া। তেওঁ দিনটোৰ আৰম্ভণি কৰে ধ্যান, ক্ৰছ ট্ৰেইনিং আৰু যোগাসনৰ দ্বাৰা। তাৰপাছত কুহুমীয়া নেমু পানী আৰু ষ্ট্ৰবেৰী খায়। দুপৰীয়া আৰু ৰাতিৰ আহাৰত মাংস আৰু সিজোৱা শাক-পাচলি খায়। যদি বেভাৰ্লীৰ কিবা মিঠা খাবলৈ মন যায়, তেন্তে তেওঁ সদায় মিঠা সোৱাদযুক্ত দৈ খাবলৈ বেছি পছন্দ কৰে। ইয়াৰ উপৰিও বেভাৰ্লীয়ে এদিন নিজৰ ছিট ডে’ও ৰাখে, য’ত তেওঁ বাটাৰ পপকৰ্ণেৰে নিজৰ লোভ পূৰণ কৰে।
बवर्ली जॉनसन
১৯৫২ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা বেভাৰ্লী জনছন এগৰাকী আমেৰিকান মডেল, অভিনেত্ৰী, গায়িকা আৰু ব্যৱসায়ী। ১৯৭৪ চনত আমেৰিকান ভ’গৰ কভাৰত দেখা দিয়া প্ৰথমগৰাকী আফ্ৰিকান-আমেৰিকান মডেল হিচাপে পৰিগণিত হয় বেভাৰ্লী জনছন। ১৯৭৪ চনত ফ্ৰেন্স এলে আলোচনীৰ কভাৰ পেজত প্ৰকাশ পোৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা বেভাৰ্লী।
बवर्ली जॉनसन
বেভাৰ্লীয়ে দুবাৰ বিয়া কৰাইছিল। ১৯৭১ চনত ৰিয়েল এষ্টেট এজেণ্ট বিলি পৰ্টাৰৰ সৈতে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। সেই সময়ত তেওঁৰ বয়স ১৯ বছৰ। কিন্তু বিয়াৰ তিনিবছৰৰ পাছত বেভাৰ্লীয়ে বিলি পৰ্টাৰৰ লগত বিবাহ বিচ্ছেদ কৰে।

ইয়াৰ পাছত ২৫ বছৰ বয়সত বেভাৰ্লীয়ে দ্বিতীয়বাৰৰ বাবে সংগীত প্ৰযোজক ডেনি চিমছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হৈছিল। ডেনি আৰু বেভাৰ্লী দুবছৰৰ পাছত পৃথক হয়।

বেভাৰ্লীৰ দ্বিতীয় বিবাহো সফল নহ’ল। ১৯৯৫ চনত বেভাৰ্লীয়ে অভিনেতা ক্ৰীছ নৰ্থৰ লগত পাঁচ বছৰ ডেটিং কৰে। পিছত বেভাৰ্লীয়ে ক্ৰীছৰ বিৰুদ্ধে ঘৰুৱা হিংসা, বৰ্ণবাদী নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। 
बवर्ली जॉनसन
২০১০ চনত বেভাৰ্লীৰ কন্যা আনন্সাই ডেভিদ পেটাৰছনক বিয়া কৰাইছিল। কন্যা আনন্সাৰ ফালৰ পৰা বেভাৰ্লী জনছনৰ ৪জন নাতি-নাতিনী আছে। 

সঁচাকৈয়ে বয়স মাঁথো এটা সংখ্যাহে, সেই কথা প্ৰমাণ কৰি দেখুৱাইছে বেভাৰ্লী জনছনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু