--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুনিশা শৰ্মাৰ মৃত্যুৰ পাছত টিভি ধাৰাবাহিক ‘আলি বাবা: দস্তান-ই-কাবুল’ পৰিছে বিপদত। ধাৰাবাহিকখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ আত্মহত্যা আৰু অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতে শ্বুটিং বন্ধ কৰি দিয়া হয়। কিন্তু এতিয়া নতুন আগশাৰীৰ অভিনেতাৰ সৈতে পুনৰ আৰম্ভ কৰা হ’ব শ্বুটিং। 

শ্বীজান খানৰ চৰিত্ৰত অভিনয় কৰিবলৈ অভিষেক নিগমৰ নাম চৰ্চালৈ আহিছে। আনহাতে, শেহতীয়া খবৰ অনুসৰি তুনিশাৰ ঠাইত ৰাজকুমাৰী মৰিয়মৰ চৰিত্ৰত অভিনয় কৰিবলৈ অৱনীত কৌৰৰ নাম চৰ্চালৈ আহিছে।
Avneet Kaur Biography in Hindi | अवनीत कौर जीवन परिचय | StarsUnfolded -  हिंदी
অৱনীত কৌৰ

অৱনীত কৌৰে ৰাজকুমাৰী মৰিয়মৰ চৰিত্ৰত অভিনয় কৰাৰ কথা চৰ্চা চলিছে যদিও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে, প্ৰয়াত অভিনেত্ৰী তুনিশা শৰ্মাৰ বেষ্ট ফ্ৰেণ্ড হয় অৱনীত কৌৰ। তুনিশাৰ মৃত্যুত অৱনীত শোকত ভাগি পৰিছিল।
Abhishek Nigam to Star in SAB TV's next as the main lead? | India Forums
অভিষেক নিগম

দীৰ্ঘদিন ধৰি টিভি উদ্যোগৰ গছিপ কৰিডৰত চৰ্চা চলি আহিছে যে এই বিপদৰ পাছত ‘আলী বাবা’ৰ ধাৰাবাহিকখনত নতুন মুখ্য অভিনেতা-অভিনেত্ৰী হিচাপে কাক দেখা যাব। বৰ্তমান ‘আলি বাবা: দস্তান-ই-কাবুল’ৰ চেটটোও সলনি কৰা হৈছে। জানিব পৰা মতে প্ৰথমে পুলিচে পুৰণি চেটটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। তাৰপাছত পূজা-পাতল কৰাৰ পাছতহে সেই ঠাইত পুনৰ শ্বুটিং আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু