--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া ৬:৪০ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত অৱতৰণ কৰে তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম। বৃহস্পতিবাৰে পুৱা লেণ্ডাৰ বিক্ৰমৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে ৰভাৰ প্ৰজ্ঞান। প্ৰজ্ঞান ৰভাৰখনে এতিয়া চন্দ্ৰৰ পৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ অব্যাহত ৰাখিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাত দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

কিন্তু গুজৰাটৰ বাসিন্দা মিতুল ত্ৰিবেদীয়ে এই পৰিস্থিতিৰ সুযোগ লৈছে। বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত স্থানীয় সংবাদ মাধ্যমত মিতুলে দাবী কৰে যে বিক্ৰম লেণ্ডাৰৰ সৃষ্টিৰ আঁৰত তেওঁৱে আছে।

মিতুলে দাবী কৰে যে তেওঁ বিক্ৰম লেণ্ডাৰৰ প্ৰাৰম্ভিক ডিজাইন তৈয়াৰ কৰিছিল। ইছৰোৰ নিযুক্তি পত্ৰও প্ৰমাণ হিচাপে দেখুৱালে মিতুলে। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজকে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰাৰ সময়তে গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল বিষয়টো। তদন্তত আৰক্ষীয়ে গম পালে যে মিতুলে এখন ভুৱা নিয়োগ পত্ৰ সৃষ্টি কৰিছে।

ভাৰতীয় আইন অনুসৰি মিতুলৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰে চুৰাটৰ ক্ৰাইম ব্ৰাঞ্চে। এই অভিযোগৰ ভিত্তিত মঙলবাৰে চুৰাট আৰক্ষীয়ে মিতুলক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত মিতুলে স্থানীয় কেইবাটাও সংবাদ মাধ্যমৰ আগত নিজকে ইছৰোৰ বিজ্ঞানী বুলি পৰিচয় দিয়ে। সাক্ষাৎকাৰৰ সময়ত মিতুলে কয় যে তেওঁ তৃতীয় চন্দ্ৰযানৰ বিক্ৰম লেণ্ডাৰৰ ডিজাইনৰ সৈতে জড়িত আছিল। ভুৱা নিযুক্তি পত্ৰখনো প্ৰমাণ হিচাপে দেখুৱাইছিল।

সেই নিযুক্তি পত্ৰত লিখা আছে, ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীত মিতুলক ইছৰোৰ ‘প্ৰাচীন বিজ্ঞান আবেদন বিভাগ’ৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। আনকি মিতুল ইছৰোৰ ‘স্পেচ ৰিচাৰ্চ মেম্বাৰ’ বুলিও তেওঁ প্ৰমাণ দিয়ে।

মিতুলে দাবী কৰে যে মংগল গ্ৰহক লৈ কৰা ইছৰোৰ গৱেষণাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। আৰক্ষীৰ মতে, মিতুলে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছিল। ইছৰোৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি প্ৰমাণ পাইছে আৰক্ষীয়ে। ভুৱা নিযুক্তি পত্ৰ সৃষ্টি কৰি নিজকে ইছৰোৰ বিজ্ঞানী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল মিতুলে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস