--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া ৬:৪০ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত অৱতৰণ কৰে তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম। বৃহস্পতিবাৰে পুৱা লেণ্ডাৰ বিক্ৰমৰ পৰা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে ৰভাৰ প্ৰজ্ঞান। প্ৰজ্ঞান ৰভাৰখনে এতিয়া চন্দ্ৰৰ পৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ অব্যাহত ৰাখিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সফলতাত দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

কিন্তু গুজৰাটৰ বাসিন্দা মিতুল ত্ৰিবেদীয়ে এই পৰিস্থিতিৰ সুযোগ লৈছে। বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত স্থানীয় সংবাদ মাধ্যমত মিতুলে দাবী কৰে যে বিক্ৰম লেণ্ডাৰৰ সৃষ্টিৰ আঁৰত তেওঁৱে আছে।

মিতুলে দাবী কৰে যে তেওঁ বিক্ৰম লেণ্ডাৰৰ প্ৰাৰম্ভিক ডিজাইন তৈয়াৰ কৰিছিল। ইছৰোৰ নিযুক্তি পত্ৰও প্ৰমাণ হিচাপে দেখুৱালে মিতুলে। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজকে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰাৰ সময়তে গুজৰাট আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল বিষয়টো। তদন্তত আৰক্ষীয়ে গম পালে যে মিতুলে এখন ভুৱা নিয়োগ পত্ৰ সৃষ্টি কৰিছে।

ভাৰতীয় আইন অনুসৰি মিতুলৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰ ৰুজু কৰে চুৰাটৰ ক্ৰাইম ব্ৰাঞ্চে। এই অভিযোগৰ ভিত্তিত মঙলবাৰে চুৰাট আৰক্ষীয়ে মিতুলক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰাৰ পিছত মিতুলে স্থানীয় কেইবাটাও সংবাদ মাধ্যমৰ আগত নিজকে ইছৰোৰ বিজ্ঞানী বুলি পৰিচয় দিয়ে। সাক্ষাৎকাৰৰ সময়ত মিতুলে কয় যে তেওঁ তৃতীয় চন্দ্ৰযানৰ বিক্ৰম লেণ্ডাৰৰ ডিজাইনৰ সৈতে জড়িত আছিল। ভুৱা নিযুক্তি পত্ৰখনো প্ৰমাণ হিচাপে দেখুৱাইছিল।

সেই নিযুক্তি পত্ৰত লিখা আছে, ২০২২ চনৰ ২৬ ফেব্ৰুৱাৰীত মিতুলক ইছৰোৰ ‘প্ৰাচীন বিজ্ঞান আবেদন বিভাগ’ৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। আনকি মিতুল ইছৰোৰ ‘স্পেচ ৰিচাৰ্চ মেম্বাৰ’ বুলিও তেওঁ প্ৰমাণ দিয়ে।

মিতুলে দাবী কৰে যে মংগল গ্ৰহক লৈ কৰা ইছৰোৰ গৱেষণাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। আৰক্ষীৰ মতে, মিতুলে ইছৰোৰ বিজ্ঞানী বুলি দাবী কৰি প্ৰতিষ্ঠানটোৰ সন্মান ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছিল। ইছৰোৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি প্ৰমাণ পাইছে আৰক্ষীয়ে। ভুৱা নিযুক্তি পত্ৰ সৃষ্টি কৰি নিজকে ইছৰোৰ বিজ্ঞানী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল মিতুলে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন