--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়ালৈকে চিংৰাত আলু থাকিব তেতিয়ালৈকে বিহাৰত লালু থাকিব - এই মন্তব্য বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে। কিন্তু ভৱিষ্যদ্বাণী পূৰণ নহ’ল। বিহাৰত আৰম্ভ হ’ল নীতিশৰাজ। বিহাৰ দেশখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ৰাজনীতিৰ বাবেই হওক, আজৱ কিছু কাণ্ডৰ বাবেই হওক, বিহাৰীসকল সংবাদ শিৰোনামাত থাকে। চাও আহক বিহাৰত শেহতীয়াকৈ সংঘটিত হোৱা কিছু আজৱ চুৰি কাণ্ড!

কিছু মাহ পূৰ্বে বিহাৰত নিৰ্মাণৰত এখন দলং দেওবাৰে নদীত ভাঙি পৰে। প্ৰায় সম্পূৰ্ণ হৈ উঠা দলং এখন তাচঘৰৰ দৰে ভাঙি নদীত ডুবি যোৱাৰ দৃশ্য দেখি মানুহৰ মনত দুটা প্ৰশ্ন উত্থাপন হয় — ইতিমধ্যে দলংখন যদি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ’লে কি পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন? আৰু দ্বিতীয়টো হ’ল, কাম সম্পূৰ্ণ হোৱাৰ আগতেই এনেকৈ ভাঙি যোৱা দুটা পকী খুঁটা আৰু অগণন ধাতুৰ কেবলৰে গঠিত দলংখন আচলতে কিহৰ পৰা তৈয়াৰ কৰা হৈছিল!

অৱশ্যে আচৰিত কথাটো ইয়াতেই শেষ নহ’ল। ইয়াৰ পিছত বিজেপিৰ সূত্ৰই দাবী কৰিছে যে বিহাৰৰ ভাগলপুৰৰ এই দলংখন প্ৰথমবাৰৰ বাবে ভাঙি যোৱা নাই, কিন্তু ইয়াৰ আগতেও এবাৰ এই কাণ্ড ঘটিছে! কিন্তু এই দলংখন খোদ মুখ্যমন্ত্রী নীতিশৰ সপোনৰ প্রকল্প৷ ১৭৫০ কোটি টকা খৰচ কৰি দলংখন নিৰ্মাণ কৰিছে। ইয়াৰ পৰাই বিহাৰত দুৰ্নীতিৰ মাত্ৰা কিমান দেখা যায়।

নীতিশৰ এই সপোনৰ প্ৰকল্পটো এতিয়া বিহাৰৰ বাবে দুঃস্বপ্নলৈ পৰিণত হৈছে। ভাগলপুৰ দলঙৰ নামো সলনি কৰিছে নেটিজেনে। কোনোবাই ইয়াক ‘দুৰ্নীতিৰ দলং’ বুলি অভিহিত কৰিছিল। কোনো কোনোৱে ইয়াক ‘চোৰৰ দলং’ বুলি অভিহিত কৰিছে। সমালোচনাৰ সন্মুখীন হৈছে দেশজুৰি। আৰু এই ঘটনাই বিহাৰত এনেধৰণৰ আন বহুতো অদ্ভুত ‘চুৰি’ৰ কথা নতুনকৈ সোঁৱৰাই দিছে।

আন এখন দলং উদ্বোধনৰ পূৰ্বেই ভাঙি পৰিছিল। ডিচেম্বৰ মাহত সংঘটিত হৈছিল এই কাণ্ড। বেগুছৰাইত বুৰি গণ্ডক নদীৰ ওপৰেৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল দলংখন। উদ্বোধন হোৱাৰ কিছু দিন পূৰ্বেই দলংখন ভাঙি পৰিছিল।





মুখ্যমন্ত্ৰী নীতিশৰ নাবাৰ্ড প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা দলংখন নিৰ্মাণৰ বাবে ১৩ কোটি টকা ব্যয় কৰা হয়। ২০৬ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন কাৰ্যক্ষম হোৱাৰ পিছত ভাঙিলে ডাঙৰ দুৰ্যোগ হ’লহেঁতেন। আৰ্থিক ক্ষতিৰ বাহিৰেও বিহাৰৰ বহু লোকে প্ৰাণ হেৰুৱালেহেঁতেন।

ৰাস্তাৰ চুৰিৰ কাণ্ডও সংঘটিত হৈছে বিহাৰত। ৰাতিপুৱা সাত বজাত গাওঁবাসীয়ে সাৰ পাই দেখিলে ঘৰৰ সন্মুখৰ ডাঙৰ ৰাস্তাটো নোহোৱা হৈ গৈছে। প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথে দুখন গাঁৱক সংযোগ কৰিছিল। কিন্তু সেইদিনা তাত পথৰ চিন নাই! ইয়াৰ ঠাই লৈছে এখন বিশাল কৃষি পথাৰে।

বিহাৰৰ বাংকা জিলাৰ ৰাজৌৰী ব্লকৰ বাসিন্দাসকলে এই কাণ্ড দেখি স্তম্ভিত হৈ পৰে। দুই কিলোমিটাৰ পথ এটা ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ যোৱাৰ কথা তেওঁলোকে কেতিয়াও শুনা নাছিল। বহু পিছত গম পোৱা যায় যে পথটো এদল দুষ্কৃতিকাৰীয়ে ‘চুৰি’ কৰিছে। সেই ৰাস্তাৰ ঠাইত কৃষি পথাৰ বনাই তাত শস্যৰ বীজ সিঁচিছিল।

মোবাইল টাৱাৰ চুৰিও হয় বিহাৰত। মুজাফ্ফৰনগৰত সংঘটিত হৈছে এই ঘটনা। এৰাতিৰ ভিতৰতে চোৰে অঞ্চলটোৰ পৰা টাৱাৰটো অদৃশ্য কৰি পেলালে। কিন্তু মোবাইল টাৱাৰটো কেনেদৰে চুৰি হ’ল, সেই কথা ভাবিব পৰা নাছিল অঞ্চলটোৰ ৰাইজে।

পিছত আৰক্ষীয়ে জনোৱা মতে, চোৰে টাৱাৰৰ সৰু সৰু অংশ খুলি এখন পিক আপ ভ্যানত ভৰাই দিয়ে। ইয়াত প্ৰায় সাড়ে চাৰি লাখ টকাৰ সা-সৰঞ্জাম আছিল। মোবাইল টাৱাৰৰ লগতে এটা জেনেৰেটৰ চেট, আশ্ৰয় শিবিৰ আৰু ষ্টেবিলাইজাৰো চোৰে লৈ যায়।

লোহাৰ দলং চুৰি হয় বিহাৰত। এখন সম্পূৰ্ণ দলং বিহাৰত চোৰে চুৰি কৰিছিল। ৬০ ফুট দীঘল লোহাৰ দলং এখন নোহোৱা হয় অঞ্চলটোৰ পৰা। দিনৰ পোহৰতে সংঘটিত হয় চুৰিটো। চৰকাৰী জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ ভাও লৈ স্থানীয় ৰাইজৰ চকুৰ সন্মুখত লোহাৰ দলংখন খুলি লৈ যায় চোৰে। চৰকাৰে এই চুৰিৰ কথা গম পোৱাৰ আগতেই দলংখন লৈ পলায়ন কৰে চোৰকেইটা।

ৰেল লাইনো চুৰি হয় বিহাৰত। সমষ্টিপুৰৰ দুই কিলোমিটাৰ ৰেল লাইনো চোৰে চুৰি কৰিছিল। এনে ঘটনা বিহাৰত আগতে কেতিয়াও হোৱা নাই।

কেৱল ৰেললাইন নহয়, ৰে’লৰ ইঞ্জিনো চুৰি হয় বিহাৰত ডিজেল ইঞ্জিনটো চুৰি কৰি মেৰামতিৰ বাবে বৰাউনীলৈ প্ৰেৰণ কৰা হয়। তাৰ পৰাই ইঞ্জিনৰ সৈতে চোৰৰ দল এটা নোহোৱা হৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement