--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সেনাত নিযুক্তিৰ নতুন আৰ্হিৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে কেন্দ্ৰই কালি ‘অগ্নিপথ’ সামৰিক নিযুক্তি আঁচনিৰ বয়সৰ ঊৰ্ধতম সীমা ২১ ৰ পৰা ২৩ লৈ বৃদ্ধি কৰিছে। বিগত দুবছৰত কোনো নিযুক্তি নোহোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে এক বিজ্ঞপ্তিযোগে সদৰী কৰে৷


কেন্দ্ৰীয় চৰকাৰে কয়, বিগত দুবছৰত নিযুক্তি দিয়াটো সম্ভৱ হোৱা নাই বুলি জ্ঞাত হৈ চৰকাৰে সিদ্ধান্ত লৈছে যে ২০২২ চনৰ বাবে প্ৰস্তাৱিত নিযুক্তি চক্ৰৰ বাবে এককালীন ৰেহাই প্ৰদান কৰা হ’ব।

 

বিবৃতিটোত লগতে কোৱা হৈছে যে ২০২২ চনৰ অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে উৰ্ধতম বয়সৰ সীমা ২৩ বছৰলৈ বৃদ্ধি কৰা হৈছে। মঙলবাৰে চৰকাৰে ভাৰতৰ ১.৩৮ নিযুত সশস্ত্ৰ বাহিনীৰ বাবে নিযুক্তিৰ পুনৰ পৰিৱৰ্তন ঘোষণা কৰাৰ পাছৰে পৰা হিংসাত্মক ঘটনা সংঘটিত হয়৷


উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ঝাৰখণ্ড আৰু দিল্লীকে ধৰি ১০ খন ৰাজ্যলৈ এই প্ৰতিবাদ বিয়পি পৰিছে। নতুন প্ৰণালীটোৱে চাৰি বছৰৰ কাৰ্যকালৰ বাবে ১৭.৫ আৰু ২১ বছৰ বয়সৰ যুৱক-যুৱতীক নিযুক্তিৰ আশ্বাস দিছিল, মাত্ৰ এক চতুৰ্থাংশকহে দীঘলীয়া সময়ৰ বাবে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷

 

বিজেপিয়ে নিৰ্ধাৰণ কৰি দিয়া কম কাৰ্যকালৰ বিৰুদ্ধে প্ৰতিবাদত চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে। চৰকাৰে এটা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। এক টুইটত, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অগ্নিপথ আঁচনি সম্পৰ্কীয় তথ্য ৰাজহুৱা ক্ষেত্ৰত পোষ্ট কৰিছে। মিথ বনাম ফেক্টছ" শীৰ্ষক এক বিতং দস্তাবেজ প্ৰকাশেৰে চৰকাৰে ভুল ধাৰণা দূৰ কৰিব বিচাৰিছে চৰকাৰী সূত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হৈছে৷

 

চৰকাৰে আঁচনিখনৰ ১০দফা প্ৰতিৰক্ষাও আগবঢ়াইছে আৰু নিযুক্তিপ্ৰাপ্ত সকলক আশ্বাস দিছে যে তেওঁলোকে সামৰিক বাহিনীত তেওঁলোকৰ চাৰি বছৰ সম্পূৰ্ণ কৰাৰ পিছত নিজকে অসহায় যেন অনুভৱ নকৰিব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী