--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুগ্ধ উৎপাদনৰ বিষয়ে আলোচনা হ'লে সাধাৰণতেই নিশ্চয় আপোনালোকৰ মনলৈ আহিব গৰু বা ম'হ পোহাৰ কথা। দুগ্ধৰ বাঢ়ি অহা চাহিদাৰ বাবে এতিয়া সমাজত গৰু বা ম'হ পালনো বৃদ্ধি পাইছে। পিছে আপোনালোকে কেতিয়াবা দুগ্ধ উৎপাদনৰ বাবে গাধ পোহাৰ কথা শুনিছেনে ? আপুনি আচৰিত হ'লেও এতিয়া এই কথা বাস্তৱতে দেখিবলৈ পোৱা গৈছে। তাকো বিদেশত নহয়, আমাৰ ভাৰততে এজন ব্যক্তিয়ে দুগ্ধ উৎপাদনৰ বাবে গাধৰ ফাৰ্ম আৰম্ভ কৰিছে।

তাতোকৈ আচৰিত কথা গাধৰ ফাৰ্ম খুলিবলৈ এই মানুহজনে এৰি আহিছে বিলাসী আই টি কোম্পানীৰ চাকৰি। শ্ৰীনিবাস গৌড়া নামৰ এই ব্যক্তিজনে এক বিলাসী চাকৰি এৰি মাংগালুৰুত নিজ জন্মস্থানতে খুলিছে এখন গাধৰ ফাৰ্ম। ৪২ লাখ টকা বিনিয়োগেৰে গৌড়াই ২০ টা গাধৰ এখন ফাৰ্ম গঢ়ি তুলিছে। 

সাধাৰণতে প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱিকাৰ অন্তৰালত অৰ্থৰ সমানে মানসিক শান্তিও বিচাৰে। কোটি টকীয়া চাকৰিত নোপোৱা সুখো কোনো ব্যক্তিয়ে সাধাৰণ দৈনিক উপাৰ্জনতে বিচাৰি পাব পাৰে। তেনে এক উদাহৰণেই দাঙি ধৰিছে মাংগালুৰুৰ এই শ্ৰীনিবাস গৌড়া নামৰ লোকজনে।নিজৰ এই নতুন কাম সম্পৰ্কে গৌড়াই কয়, “মই ২০২০ চনলৈকে এটা ছফ্টৱেৰ ফাৰ্মত নিযুক্তি লাভ কৰিছিলো। কিন্তু সেই চাকৰি এৰি গাধৰ ফাৰ্মত মনোনিৱেশ কৰোঁ। এইয়া ভাৰত আৰু কৰ্ণাটকৰ প্ৰথম গাধ খেতি আৰু প্ৰশিক্ষণ কেন্দ্ৰ।”

গাধৰ গাখীৰৰ লাভালাভ আৰু খেতিপথাৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে গৌড়াই কয় যে বৰ্তমান তেওঁৰ ফাৰ্মত ২০ টা গাধ আছে। এই ফাৰ্মখনৰ বাবে তেওঁ প্ৰায় ৪২ লাখ টকা বিনিয়োগ কৰিছে।গৌড়াই গাধৰ গাখীৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে। গৌড়াই জানিবলৈ দিয়া মতে গাধৰ গাখীৰ যথেষ্ট উপকাৰী তথা ঔষধি গুণ আছে। সেয়ে সকলোৰে বাবে গাধৰ গাখীৰ উপলব্ধ কৰাটো তেওঁৰ প্ৰাথমিক লক্ষ্য হিচাপে গ্ৰহণ কৰিছে গৌড়াই।

গৌড়াই কয় যে গাধৰ প্ৰজাতিৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে তেওঁ এই গাধৰ গাখীৰৰ কথা মনলৈ আনিছিল। তেওঁ লগতে অনুভৱ কৰিছিল যে আমাৰ সমাজত গাধ সদায় অৱহেলিত, অথচ ই ক্ষতিহীন। সেয়ে তেওঁ গাধৰ সঠিক প্ৰয়োগেৰে এক নতুন পথ মুকলি কৰাৰ চিন্তা কৰে।

প্ৰথমতে গৌড়াৰ এই গাধৰ খেতিৰ ধাৰণাটোৰ দ্বাৰা কোনো লোকেই আশ্বস্ত হোৱা নাছিল আৰু বহুতে তেওঁক সমৰ্থন কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু এতিয়া তেওঁ এই ক্ষেত্ৰত সঁহাৰি লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

গৌড়াৰ পৰিকল্পনা অনুসৰি গাধৰ গাখীৰৰ পেকেট শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব আৰু এটা ৩০ মিলিলিটাৰ গাখীৰৰ পেকেটৰ মূল্য প্ৰায় ১৫০ টকা হ’ব।এই গাখীৰৰ পেকেটসমূহ মল, দোকান আৰু চুপাৰমাৰ্কেটত উপলব্ধ হ’ব বুলি গৌড়াই জানিবলৈ দিছে। তেওঁ লগতে ইতিমধ্যে ১৭ লাখ টকাৰ অৰ্ডাৰ লাভ কৰিছে বুলিও দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প