--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুগ্ধ উৎপাদনৰ বিষয়ে আলোচনা হ'লে সাধাৰণতেই নিশ্চয় আপোনালোকৰ মনলৈ আহিব গৰু বা ম'হ পোহাৰ কথা। দুগ্ধৰ বাঢ়ি অহা চাহিদাৰ বাবে এতিয়া সমাজত গৰু বা ম'হ পালনো বৃদ্ধি পাইছে। পিছে আপোনালোকে কেতিয়াবা দুগ্ধ উৎপাদনৰ বাবে গাধ পোহাৰ কথা শুনিছেনে ? আপুনি আচৰিত হ'লেও এতিয়া এই কথা বাস্তৱতে দেখিবলৈ পোৱা গৈছে। তাকো বিদেশত নহয়, আমাৰ ভাৰততে এজন ব্যক্তিয়ে দুগ্ধ উৎপাদনৰ বাবে গাধৰ ফাৰ্ম আৰম্ভ কৰিছে।

তাতোকৈ আচৰিত কথা গাধৰ ফাৰ্ম খুলিবলৈ এই মানুহজনে এৰি আহিছে বিলাসী আই টি কোম্পানীৰ চাকৰি। শ্ৰীনিবাস গৌড়া নামৰ এই ব্যক্তিজনে এক বিলাসী চাকৰি এৰি মাংগালুৰুত নিজ জন্মস্থানতে খুলিছে এখন গাধৰ ফাৰ্ম। ৪২ লাখ টকা বিনিয়োগেৰে গৌড়াই ২০ টা গাধৰ এখন ফাৰ্ম গঢ়ি তুলিছে। 

সাধাৰণতে প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱিকাৰ অন্তৰালত অৰ্থৰ সমানে মানসিক শান্তিও বিচাৰে। কোটি টকীয়া চাকৰিত নোপোৱা সুখো কোনো ব্যক্তিয়ে সাধাৰণ দৈনিক উপাৰ্জনতে বিচাৰি পাব পাৰে। তেনে এক উদাহৰণেই দাঙি ধৰিছে মাংগালুৰুৰ এই শ্ৰীনিবাস গৌড়া নামৰ লোকজনে।নিজৰ এই নতুন কাম সম্পৰ্কে গৌড়াই কয়, “মই ২০২০ চনলৈকে এটা ছফ্টৱেৰ ফাৰ্মত নিযুক্তি লাভ কৰিছিলো। কিন্তু সেই চাকৰি এৰি গাধৰ ফাৰ্মত মনোনিৱেশ কৰোঁ। এইয়া ভাৰত আৰু কৰ্ণাটকৰ প্ৰথম গাধ খেতি আৰু প্ৰশিক্ষণ কেন্দ্ৰ।”

গাধৰ গাখীৰৰ লাভালাভ আৰু খেতিপথাৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ বিষয়ে গৌড়াই কয় যে বৰ্তমান তেওঁৰ ফাৰ্মত ২০ টা গাধ আছে। এই ফাৰ্মখনৰ বাবে তেওঁ প্ৰায় ৪২ লাখ টকা বিনিয়োগ কৰিছে।গৌড়াই গাধৰ গাখীৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে। গৌড়াই জানিবলৈ দিয়া মতে গাধৰ গাখীৰ যথেষ্ট উপকাৰী তথা ঔষধি গুণ আছে। সেয়ে সকলোৰে বাবে গাধৰ গাখীৰ উপলব্ধ কৰাটো তেওঁৰ প্ৰাথমিক লক্ষ্য হিচাপে গ্ৰহণ কৰিছে গৌড়াই।

গৌড়াই কয় যে গাধৰ প্ৰজাতিৰ সংখ্যা হ্ৰাস হোৱাৰ বাবে তেওঁ এই গাধৰ গাখীৰৰ কথা মনলৈ আনিছিল। তেওঁ লগতে অনুভৱ কৰিছিল যে আমাৰ সমাজত গাধ সদায় অৱহেলিত, অথচ ই ক্ষতিহীন। সেয়ে তেওঁ গাধৰ সঠিক প্ৰয়োগেৰে এক নতুন পথ মুকলি কৰাৰ চিন্তা কৰে।

প্ৰথমতে গৌড়াৰ এই গাধৰ খেতিৰ ধাৰণাটোৰ দ্বাৰা কোনো লোকেই আশ্বস্ত হোৱা নাছিল আৰু বহুতে তেওঁক সমৰ্থন কৰা নাছিল বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু এতিয়া তেওঁ এই ক্ষেত্ৰত সঁহাৰি লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

গৌড়াৰ পৰিকল্পনা অনুসৰি গাধৰ গাখীৰৰ পেকেট শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব আৰু এটা ৩০ মিলিলিটাৰ গাখীৰৰ পেকেটৰ মূল্য প্ৰায় ১৫০ টকা হ’ব।এই গাখীৰৰ পেকেটসমূহ মল, দোকান আৰু চুপাৰমাৰ্কেটত উপলব্ধ হ’ব বুলি গৌড়াই জানিবলৈ দিছে। তেওঁ লগতে ইতিমধ্যে ১৭ লাখ টকাৰ অৰ্ডাৰ লাভ কৰিছে বুলিও দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ