--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে বিলাহীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে৷ অসমত বিলাহী কিলোগ্ৰামে প্ৰতি ১৩০-১৪০ টকা হৈচে৷ দেশৰ আন বহু ৰাজ্যত বিলাহী কিলোগ্ৰামে প্ৰতি ২৫০ টকা পৰ্যন্ত হৈছেগৈ৷ এনে পৰিস্থিতিত ফাষ্ট ফুড চেইন মেকডনাল্ডছে কোম্পানীটোৰ বাৰ্গাৰৰ পৰা বিলাহী আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে । কোম্পানীটোৱে অৱশ্যে দাম বৃদ্ধিৰ সলনি  ভাৰতৰ  বিলাহীৰ মানৰ ওপৰত উদ্বেগ ব্যক্ত কৰি এই পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে৷ উল্লেখ্য দেশৰ বহু ঠাইত  এমাহৰ ভিতৰত বিলাহীৰ পাইকাৰী মূল্য ৩০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। 

চৰকাৰে গ্ৰীষ্ম প্ৰবাহৰ বাবেই বিলাহীৰ উচ্চ মূল্য হোৱা বুলি কৈ আহিছে৷ , অত্যধিক  বৰষুণ আৰু বানৰ বাবেও দেশৰ বিভিন্ন ঠাইত বিলাহীৰ খেতি ন৷ষ্ট হৈছে৷ । ফলত সমগ্ৰ দেশতে বিলাহীৰ দাম বৃদ্ধি পাইছে৷ 

বাৰ্গাৰৰ পৰা বিলাহী আঁতৰ কৰাৰ জাননীত  মেকডনাল্ডে কৈছে , "আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা স্বত্বেও আমি পৰ্যাপ্ত পৰিমাণৰ বিলাহী পাবলৈ সক্ষম হোৱা নাই,  যিবোৰ আমাৰ কঠোৰ মান পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে।" নয়ডাত  মেকডনাল্ডৰ বিপনীসমূহত এইবুলি জাননী আঁৰি দিয়া হৈছে " আমি আপোনাক বিলাহী অবিহনে সামগ্ৰী পৰিৱেশন কৰিবলৈ বাধ্য হৈছোঁ।" অৱশ্যে, মেকডনাল্ডছে বাৰ্গাৰ আৰু ৰেপৰ দৰে মেনু আইটেমৰ পৰা বিলাহী আঁতৰ কৰাৰ সিদ্ধান্তৰ আঁৰত দাম বৃদ্ধিৰ সলনি গুণগত মানৰ  সমস্যাৰ কথা উল্লেখ কৰিছে।


উল্লেখ্য  ভাৰতৰ উত্তৰ আৰু পূব অঞ্চলত মেকডনাল্ডৰ ফ্ৰেঞ্চাইজি হিচাপে প্ৰায় ১৫০ খন  আউটলেট পৰিচালনা কৰি আছে  ক'নাগেট প্লাজা ৰেষ্টুৰেণ্টে ৷ 

ইফালে, ভাৰতৰ পশ্চিম আৰু দক্ষিণ অঞ্চলৰ বাবে মেকডনাল্ডৰ ফ্ৰেঞ্চাইজি চলাই আছে  ৱেষ্টলাইফ ফুডৱৰ্ল্ডে৷  ৱেষ্টলাইফ ফুডৱৰ্ল্ডৰ একাংশ কৰ্মীয়ে কয়  "বিলাহী সম্পৰ্কীয় কোনো গুৰুতৰ সমস্যা নাই৷ এয়া সোনকালেই ঠিক হৈ যাব"।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ