--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে বিলাহীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে৷ অসমত বিলাহী কিলোগ্ৰামে প্ৰতি ১৩০-১৪০ টকা হৈচে৷ দেশৰ আন বহু ৰাজ্যত বিলাহী কিলোগ্ৰামে প্ৰতি ২৫০ টকা পৰ্যন্ত হৈছেগৈ৷ এনে পৰিস্থিতিত ফাষ্ট ফুড চেইন মেকডনাল্ডছে কোম্পানীটোৰ বাৰ্গাৰৰ পৰা বিলাহী আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে । কোম্পানীটোৱে অৱশ্যে দাম বৃদ্ধিৰ সলনি  ভাৰতৰ  বিলাহীৰ মানৰ ওপৰত উদ্বেগ ব্যক্ত কৰি এই পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে৷ উল্লেখ্য দেশৰ বহু ঠাইত  এমাহৰ ভিতৰত বিলাহীৰ পাইকাৰী মূল্য ৩০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। 

চৰকাৰে গ্ৰীষ্ম প্ৰবাহৰ বাবেই বিলাহীৰ উচ্চ মূল্য হোৱা বুলি কৈ আহিছে৷ , অত্যধিক  বৰষুণ আৰু বানৰ বাবেও দেশৰ বিভিন্ন ঠাইত বিলাহীৰ খেতি ন৷ষ্ট হৈছে৷ । ফলত সমগ্ৰ দেশতে বিলাহীৰ দাম বৃদ্ধি পাইছে৷ 

বাৰ্গাৰৰ পৰা বিলাহী আঁতৰ কৰাৰ জাননীত  মেকডনাল্ডে কৈছে , "আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা স্বত্বেও আমি পৰ্যাপ্ত পৰিমাণৰ বিলাহী পাবলৈ সক্ষম হোৱা নাই,  যিবোৰ আমাৰ কঠোৰ মান পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে।" নয়ডাত  মেকডনাল্ডৰ বিপনীসমূহত এইবুলি জাননী আঁৰি দিয়া হৈছে " আমি আপোনাক বিলাহী অবিহনে সামগ্ৰী পৰিৱেশন কৰিবলৈ বাধ্য হৈছোঁ।" অৱশ্যে, মেকডনাল্ডছে বাৰ্গাৰ আৰু ৰেপৰ দৰে মেনু আইটেমৰ পৰা বিলাহী আঁতৰ কৰাৰ সিদ্ধান্তৰ আঁৰত দাম বৃদ্ধিৰ সলনি গুণগত মানৰ  সমস্যাৰ কথা উল্লেখ কৰিছে।


উল্লেখ্য  ভাৰতৰ উত্তৰ আৰু পূব অঞ্চলত মেকডনাল্ডৰ ফ্ৰেঞ্চাইজি হিচাপে প্ৰায় ১৫০ খন  আউটলেট পৰিচালনা কৰি আছে  ক'নাগেট প্লাজা ৰেষ্টুৰেণ্টে ৷ 

ইফালে, ভাৰতৰ পশ্চিম আৰু দক্ষিণ অঞ্চলৰ বাবে মেকডনাল্ডৰ ফ্ৰেঞ্চাইজি চলাই আছে  ৱেষ্টলাইফ ফুডৱৰ্ল্ডে৷  ৱেষ্টলাইফ ফুডৱৰ্ল্ডৰ একাংশ কৰ্মীয়ে কয়  "বিলাহী সম্পৰ্কীয় কোনো গুৰুতৰ সমস্যা নাই৷ এয়া সোনকালেই ঠিক হৈ যাব"।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত