--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ  সুপ্ৰীতি সিং।পশ্চিমবংগৰ  হুগলীৰ ৰাজহাটৰ বাৰোল গাঁৱত ঘৰ তেওঁৰ। পুৱাৰ পৰা নিশালৈকে তেওঁ বান্দেল-ৰাজহাট-সুগন্ধাৰ বিশাল এলেকাত ৫০-৬০ কিলোগ্ৰাম ওজনৰ  মোনা এটা কঢ়িয়াই লৈ ঘূৰি ফুৰে৷  এখন বাইক চলাই তেওঁ এনেদৰে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে৷ সুপ্ৰীতি সিঙৰ জীৱনৰ সংগ্ৰামৰ এই কাহিনী এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

ঘৰত আছে তেওঁৰ এগৰাকী  কন্যা  আৰু তৃতীয় শ্ৰেণীক অধ্যয়ন কৰি থকা পুত্ৰ৷ তেওঁৰ স্বামীৰ উপৰি সুপ্ৰীতিয়েও পৰিয়ালটো চলাই নিবলৈ  'ডেলিভাৰী গাৰ্ল'ৰ বৃত্তিত নিজকে নিয়োজিত কৰিছে৷   সুপ্ৰীতি এতিয়া চহৰ খনৰ অলিয়ে-গলিয়ে চিনাকী এগৰাকী ব্যক্তি৷

সুপ্ৰীতিয়ে এটা প্ৰতিষ্ঠিত কোম্পানীত 'ডেলিভাৰী গাৰ্ল' হিচাপে কাম কৰে। পুৱা ৮  বজাৰ পৰাই  তেওঁ কাৰ্যালয়লৈ গৈ সামগ্ৰী  লৈ মানুহৰ ঘৰলৈ বিতৰণ কৰিবলৈ ওলাই যায়। কাম শেষ কৰি ঘৰলৈ উভতি অহাৰ সময়ত সন্ধিয়া হয়। গ্ৰাহকৰ পৰা সহকৰ্মীলৈকে সকলোৱে তেওঁক সন্মানৰ দৃষ্টিৰে চায়৷  সাধাৰণতে এনে কামত পুৰুষহে নিয়োজিত হয় যদিও সুপ্ৰীতি এইক্ষেত্ৰত ব্যতিক্ৰম৷  কামত পুৰুষ-মহিলা নাই কথাষাৰ তেওঁ প্ৰমাণ কৰি দিছে ৷


 তেওঁ সামগ্ৰী বিতৰণৰ কৰি পোৱা ধনৰ বেছি অংশই ল'ৰা আৰু ছোৱালীৰ টিউচনৰ নামত খৰচ হয় । তাইৰ স্বামী স্বপ্ন সিঙে এটা ব্যক্তিগত কোম্পানীত গাড়ী চলায়। এটা উপাৰ্জনেৰে  পৰিয়ালটো নচলে বাবেই সুপ্ৰীতিয়েও বহি থকা নাই।

দৰাচলতে  সুপ্ৰীতিৰ দিল্লী ৰোডৰ কাষত এখন ভাতৰ হোটেল আছিল। কোভিডৰ সময়ত সেই সকলোবোৰ শেষ হৈ গ’ল৷ দোকান বন্ধ হ’ল, আয়ৰ পথো বন্ধ হ’ল৷ শেষত তেওঁ  ডেলিভাৰী গাৰ্লৰ  কামটোকে  বাছনি কৰি ল’লে। সুপ্ৰীতিৰ এনে কঠোৰ কাৰ্যই সকলোকে অনুপ্ৰেৰণা যোগাইছে ৷






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস