--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহী বেচি কোটিপতী হ’ল এজন কৃষক। পাচলিবিধৰ আকাশলংঘী মূল্যৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এহাল কৃষক দম্পতীয়ে ৪০ হাজাৰ বাকচ বিলাহী বিক্ৰী কৰি ৪৫ দিনৰ ভিতৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে।

খেতিয়ক চন্দ্ৰমৌলিৰ ২২ একৰ খেতিৰ মাটি আছে। তাত তেওঁ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বিৰল জাতৰ বিলাহীৰ গুটি সিঁচিছিল। তেওঁ মালচিং আৰু মাইক্ৰ’-ইৰিগেচন পদ্ধতিৰ দৰে উন্নত কৌশল প্ৰয়োগ কৰি উৎপাদন দ্ৰুতভাৱে লাভ কৰিছিল। জুন মাহৰ শেষৰ ফালে বিলাহীৰ ফল লাগে।

ঘৰৰ কাষৰে কৰ্ণাটকৰ কোলাৰ বজাৰত তেওঁ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছিল। তেওঁ যোৱা ৪৫ দিনত ৪০ হাজাৰ বিলাহীৰ বাকচ বিক্ৰী কৰিছিল।

চন্দ্ৰমৌলিয়ে কয়, "এতিয়ালৈকে যি উৎপাদিত সামগ্ৰী পাইছো, তাৰ পৰা মই ৪ কোটি টকা উপাৰ্জন কৰিছো। মুঠতে উৎপাদন পাবলৈ মোৰ ২২ একৰ মাটিত ১ কোটি টকা বিনিয়োগ কৰিবলগীয়া হৈছিল। কমিচন আৰু পৰিবহণ চাৰ্জ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে, লাভ ৩ কোটি টকা হ'ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement