--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহী বেচি কোটিপতী হ’ল এজন কৃষক। পাচলিবিধৰ আকাশলংঘী মূল্যৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ এহাল কৃষক দম্পতীয়ে ৪০ হাজাৰ বাকচ বিলাহী বিক্ৰী কৰি ৪৫ দিনৰ ভিতৰত ৩ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে।

খেতিয়ক চন্দ্ৰমৌলিৰ ২২ একৰ খেতিৰ মাটি আছে। তাত তেওঁ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বিৰল জাতৰ বিলাহীৰ গুটি সিঁচিছিল। তেওঁ মালচিং আৰু মাইক্ৰ’-ইৰিগেচন পদ্ধতিৰ দৰে উন্নত কৌশল প্ৰয়োগ কৰি উৎপাদন দ্ৰুতভাৱে লাভ কৰিছিল। জুন মাহৰ শেষৰ ফালে বিলাহীৰ ফল লাগে।

ঘৰৰ কাষৰে কৰ্ণাটকৰ কোলাৰ বজাৰত তেওঁ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিছিল। তেওঁ যোৱা ৪৫ দিনত ৪০ হাজাৰ বিলাহীৰ বাকচ বিক্ৰী কৰিছিল।

চন্দ্ৰমৌলিয়ে কয়, "এতিয়ালৈকে যি উৎপাদিত সামগ্ৰী পাইছো, তাৰ পৰা মই ৪ কোটি টকা উপাৰ্জন কৰিছো। মুঠতে উৎপাদন পাবলৈ মোৰ ২২ একৰ মাটিত ১ কোটি টকা বিনিয়োগ কৰিবলগীয়া হৈছিল। কমিচন আৰু পৰিবহণ চাৰ্জ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে, লাভ ৩ কোটি টকা হ'ল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু