--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায় ৩ মাহে অগ্নিগৰ্ভা হৈ থকা মণিপুৰত উপস্থিত হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ ২১ সাংসদে মণিপুৰ ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে উপস্থিত হয় নতুন দিল্লীত। 

দুদিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পূৰ্বে প্ৰতিনিধি দলটোৱে দেওবাৰে সাক্ষাৎ কৰে মণিপুৰৰ ৰাজ্যপালক। সাক্ষাৎকালত মণিপুৰৰ ৰাজ্যপালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদৰ দলটোৱে। য’ত মণিপুৰত সংঘটিত হিংসাৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্যপালগৰাকীক দাবী জনায় সাংসদৰ দলটোৱে। 

শনিবাৰে ইম্ফলত উপস্থিত হোৱা ‘ইণ্ডিয়া’ৰ ২১জনীয়া সাংসদৰ দলটোৱে ভ্ৰমণ কৰিছিল চূড়াচান্দপুৰৰ আশ্ৰয় শিবিৰ। য’ত বহুসংখ্যক নিৰ্যাতিতক সাক্ষাৎ কৰিছিল দলটোৱে। ইপিনে ‘ইণ্ডিয়া’ৰ সাংসদৰ দলে মণিপুৰ ভ্ৰমণ কৰাৰ সময়তে শনিবাৰে ভাইৰেল ভিডিঅ’ কাণ্ডক লৈ FIR ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে চি বি আয়ে। 

দৰাচলতে ২৭ জুলাইত মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ তদন্তৰ ভাৰ চি বি আইক অর্পণৰ কথা উচ্চতম ন্যায়ালয়ত এক শপতনামাযোগে অৱগত কৰাইছিল কেন্দ্ৰীয় চৰকাৰে। ইপিনে, মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ কুকি নেতা তথা বিজেপি বিধায়ক পাওলিনলাল হাউকিপে আগবঢ়াইছে বিস্ফোৰক মন্তব্য। 

বিজেপি বিধায়কগৰাকীৰ মতে মণিপুৰৰ হিংসা ৰোধ কৰাৰ বাবে ৰাজ্যখনক ৰূপান্তৰিত কৰিব লাগে তিনিখন পৃথক পৃথক কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ। ইপিনে, মণিপুৰ ভ্ৰমণ কৰা ইণ্ডিয়াৰ সাংসদৰ দলক সাক্ষাৎ কৰি পত্ৰ প্ৰেৰণ কৰিছে মণিপুৰৰ জনজাতীয় সংগঠন ইণ্ডিজিনিয়াছ ট্ৰাইবেল লীডাৰ্ছ ফ’ৰাম অৰ্থাৎ ITLF-এ। দাখিল কৰা পত্ৰখনৰ জৰিয়তে ভৱিষ্যতে কুকি আৰু মেইটেই জনগোষ্ঠী একেলগে বসবাস কৰিব নোৱৰাৰ কথা উল্লেখ কৰিছে সংগঠনটোৱে। 

পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে কুকিৰ বাবে দাবী কৰিছে স্বায়ত্ত শাসনৰ। আনহাতে, বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ২১ সাংসদৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে৷ বিৰোধীৰ নেতাসকল ৰাজনৈতিক পৰ্যটনত যোৱা বুলি উল্লেখ কৰি ইয়াক বিৰোধীৰ নাটক আখ্যা বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক