--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায় ৩ মাহে অগ্নিগৰ্ভা হৈ থকা মণিপুৰত উপস্থিত হোৱা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ ২১ সাংসদে মণিপুৰ ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে উপস্থিত হয় নতুন দিল্লীত। 

দুদিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পূৰ্বে প্ৰতিনিধি দলটোৱে দেওবাৰে সাক্ষাৎ কৰে মণিপুৰৰ ৰাজ্যপালক। সাক্ষাৎকালত মণিপুৰৰ ৰাজ্যপালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদৰ দলটোৱে। য’ত মণিপুৰত সংঘটিত হিংসাৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্যপালগৰাকীক দাবী জনায় সাংসদৰ দলটোৱে। 

শনিবাৰে ইম্ফলত উপস্থিত হোৱা ‘ইণ্ডিয়া’ৰ ২১জনীয়া সাংসদৰ দলটোৱে ভ্ৰমণ কৰিছিল চূড়াচান্দপুৰৰ আশ্ৰয় শিবিৰ। য’ত বহুসংখ্যক নিৰ্যাতিতক সাক্ষাৎ কৰিছিল দলটোৱে। ইপিনে ‘ইণ্ডিয়া’ৰ সাংসদৰ দলে মণিপুৰ ভ্ৰমণ কৰাৰ সময়তে শনিবাৰে ভাইৰেল ভিডিঅ’ কাণ্ডক লৈ FIR ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে চি বি আয়ে। 

দৰাচলতে ২৭ জুলাইত মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ তদন্তৰ ভাৰ চি বি আইক অর্পণৰ কথা উচ্চতম ন্যায়ালয়ত এক শপতনামাযোগে অৱগত কৰাইছিল কেন্দ্ৰীয় চৰকাৰে। ইপিনে, মণিপুৰৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ কুকি নেতা তথা বিজেপি বিধায়ক পাওলিনলাল হাউকিপে আগবঢ়াইছে বিস্ফোৰক মন্তব্য। 

বিজেপি বিধায়কগৰাকীৰ মতে মণিপুৰৰ হিংসা ৰোধ কৰাৰ বাবে ৰাজ্যখনক ৰূপান্তৰিত কৰিব লাগে তিনিখন পৃথক পৃথক কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ। ইপিনে, মণিপুৰ ভ্ৰমণ কৰা ইণ্ডিয়াৰ সাংসদৰ দলক সাক্ষাৎ কৰি পত্ৰ প্ৰেৰণ কৰিছে মণিপুৰৰ জনজাতীয় সংগঠন ইণ্ডিজিনিয়াছ ট্ৰাইবেল লীডাৰ্ছ ফ’ৰাম অৰ্থাৎ ITLF-এ। দাখিল কৰা পত্ৰখনৰ জৰিয়তে ভৱিষ্যতে কুকি আৰু মেইটেই জনগোষ্ঠী একেলগে বসবাস কৰিব নোৱৰাৰ কথা উল্লেখ কৰিছে সংগঠনটোৱে। 

পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে কুকিৰ বাবে দাবী কৰিছে স্বায়ত্ত শাসনৰ। আনহাতে, বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ২১ সাংসদৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কৰিছে শাসকীয় বিজেপিয়ে৷ বিৰোধীৰ নেতাসকল ৰাজনৈতিক পৰ্যটনত যোৱা বুলি উল্লেখ কৰি ইয়াক বিৰোধীৰ নাটক আখ্যা বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু