--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই দেশৰ  বীৰ শ্বহীদসকলক সন্মান জনোৱাৰ বাবে 'মেৰী মাটি মেৰা দেশ' অভিযান আৰম্ভ কৰিব। দেওবাৰে ১০৩ সংখ্যক 'মন কি বাত' কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে কয়, "এই বীৰ  সকলৰ স্মৃতিত সমগ্ৰ দেশৰ লাখ লাখ গাওঁ পঞ্চায়তত বিশেষ স্মাৰকো  স্থাপন কৰা হ'ব।" এই কাৰ্যসূচী ৯ আগষ্টৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওঁবাৰে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান  'মন কি বাত'ত এই ঘোষণা কৰে। মোদীয়ে অমৃত কলচ যাত্ৰাৰ বিষয়েও তেওঁৰ ভাষণত  উল্লেখ কৰে।

 তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ মাটি ৭,৫০০ টা পাত্ৰত মাটি সংগ্ৰহ কৰা হ'ব। তাৰ পিছতসেই  মাটি মিহলি কৰি গছপুলি ৰোপণ কৰা হ'ব। মোদীয়ে অমৃত বটিকা স্থাপনৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে। তেওঁ গছ ৰোপণৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁৰ ভাষণত দোহাৰে।

 প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশে পানী সংৰক্ষণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত  হজ যাত্ৰাৰ বিষয়েও কয়। তেওঁ কয় যে এই বছৰ চাৰি হাজাৰ  মুছলমান মহিলাই পুৰুষ সঙ্গী অবিহনেই হজৰ  বাবে চৌদি আৰৱলৈ গৈছে। মোদীয়ে ইয়াক এক শুভ লক্ষণ বুলিও কয় । 

তেওঁ লগতে কয় যে  চৰকাৰে তেওঁলোকক সকলো ধৰণে সহায়ৰ হাত আগবঢ়াইছে। মোদীয়ে প্ৰতি মাহৰ শেষৰটো দেওবাৰে 'মন কি বাত' কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰে। ২০১৪ চনত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অনুষ্ঠানটো চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু