--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই দেশৰ  বীৰ শ্বহীদসকলক সন্মান জনোৱাৰ বাবে 'মেৰী মাটি মেৰা দেশ' অভিযান আৰম্ভ কৰিব। দেওবাৰে ১০৩ সংখ্যক 'মন কি বাত' কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে কয়, "এই বীৰ  সকলৰ স্মৃতিত সমগ্ৰ দেশৰ লাখ লাখ গাওঁ পঞ্চায়তত বিশেষ স্মাৰকো  স্থাপন কৰা হ'ব।" এই কাৰ্যসূচী ৯ আগষ্টৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওঁবাৰে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান  'মন কি বাত'ত এই ঘোষণা কৰে। মোদীয়ে অমৃত কলচ যাত্ৰাৰ বিষয়েও তেওঁৰ ভাষণত  উল্লেখ কৰে।

 তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ মাটি ৭,৫০০ টা পাত্ৰত মাটি সংগ্ৰহ কৰা হ'ব। তাৰ পিছতসেই  মাটি মিহলি কৰি গছপুলি ৰোপণ কৰা হ'ব। মোদীয়ে অমৃত বটিকা স্থাপনৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে। তেওঁ গছ ৰোপণৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁৰ ভাষণত দোহাৰে।

 প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশে পানী সংৰক্ষণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত  হজ যাত্ৰাৰ বিষয়েও কয়। তেওঁ কয় যে এই বছৰ চাৰি হাজাৰ  মুছলমান মহিলাই পুৰুষ সঙ্গী অবিহনেই হজৰ  বাবে চৌদি আৰৱলৈ গৈছে। মোদীয়ে ইয়াক এক শুভ লক্ষণ বুলিও কয় । 

তেওঁ লগতে কয় যে  চৰকাৰে তেওঁলোকক সকলো ধৰণে সহায়ৰ হাত আগবঢ়াইছে। মোদীয়ে প্ৰতি মাহৰ শেষৰটো দেওবাৰে 'মন কি বাত' কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰে। ২০১৪ চনত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অনুষ্ঠানটো চলি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক