--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিলাহীৰ কেজি ২০০ টকা, জলকীয়াৰ কেজি ৭০০ টকা… বজাৰৰ এনেকুৱা দামত চকুৰে ধুঁৱলী-কুঁৱলী দেখিছে জনসাধাৰণে। খাদ্য সামগ্ৰীৰ তীব্ৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক। ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত এতিয়া বিধ্বস্ত অৱস্থা। শ্ৰীলংকা প্ৰায় দেউলিয়া হোৱাৰ পথত আছে। ভাৰতৰ চুবুৰীয়া শ্ৰীলংকা বৰ্তমান এক গভীৰ অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হৈছে। এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শ্ৰীলংকাত মুদ্ৰাস্ফীতি অভিলেখ ১১.১ শতাংশ স্তৰত উপনীত হৈছে।

কেৱল সেয়াই নহয়, তাত থকা লোকসকলে মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে। শ্ৰীলংকাৰ এডভোকেটা ইনষ্টিটিউটে মুদ্ৰাস্ফীতিৰ তথ্য প্ৰকাশ কৰা অনুসৰি খাদ্যসামগ্ৰীৰ মূল্য এমাহত ১৫ শতাংশ বৃদ্ধি পাইছে। ১০০ গ্ৰাম জলকীয়াৰ মূল্য ৭১ টকালৈ বৃদ্ধি পাইছে, অৰ্থাৎ এতিয়া এক কিলো জলকীয়া ৭০০ টকাতকৈও অধিক মূল্যত বিক্ৰী হৈছে। বিলাহীৰ কেজি ২০০ টকাত বিক্ৰী হৈ আছে। শ্ৰীলংকা বৰ্তমান এক গভীৰ অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হৈছে। যোৱা বছৰৰ ৩০ আগষ্টত শ্ৰীলংকা চৰকাৰে মুদ্ৰাৰ মূল্য তীব্ৰ হ্ৰাস হোৱাৰ পাছত ৰাষ্ট্ৰীয় বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে, তাৰপাছতেই খাদ্যৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পায়।

শ্ৰীলংকাই চীনকে ধৰি কেইবাখনো দেশৰ ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেই দেশত এতিয়া প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য ২০০ টকাত উপনীত হৈছে। বেঙেনাৰ মূল্য ৫১ শতাংশ বৃদ্ধি পাইছে আৰু পিঁয়াজৰ মূল্য ৪০ শতাংশ বৃদ্ধি পাইছে। আমদানিৰ অভাৱৰ বাবে, ইয়াত মানুহে পাউডাৰ গাখীৰো ল'ব নোৱাৰে। শ্ৰীলংকাৰ খাদ্যসামগ্ৰীৰ দাম বৰ্তমান এনেধৰণৰ-

বিলাহী-২০০/-টকা কিলোগ্ৰাম
বেগুন-১৬০/-টকা কিলোগ্ৰাম
ভেণ্ডি-২০০/-টকা কিলোগ্ৰাম
তিতা কেৰেলা-১৬০/-টকা কিলোগ্ৰাম
বীন-৩২০/-টকা কিলোগ্ৰাম
বন্ধাকবি-২৪০/-টকা কিলোগ্ৰাম
গাজৰ-২০০/-টকা কিলোগ্ৰাম
কাঁচকল-১২০/-টকা কিলোগ্ৰাম

কলম্বো গেজেটৰ এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকা দুগুণ লোকচানৰ সন্মুখীন হৈছে। এই দেশৰ বৃহৎ বিত্তীয় ঘাটি আৰু ব্যৱসায়িক ঘাটি আছে। ২০১৪ চনৰ পৰা শ্ৰীলংকাৰ ওপৰত বৈদেশিক ঋণৰ স্তৰো ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। ২০১৯ চনত দেশৰ ঋণ জিডিপিৰ ৪২.৬ শতাংশত উপনীত হৈছিল।

আৰু পঢ়কঃ অক্সিজেন ছাপ’ৰ্টত আছে লতা দিদি; স্বাস্থ্য সুস্থিৰ যদিও সাক্ষাৎৰ বাবে পৰিয়ালক দিয়া নাই অনুমতি


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ