--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিলাহীৰ কেজি ২০০ টকা, জলকীয়াৰ কেজি ৭০০ টকা… বজাৰৰ এনেকুৱা দামত চকুৰে ধুঁৱলী-কুঁৱলী দেখিছে জনসাধাৰণে। খাদ্য সামগ্ৰীৰ তীব্ৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক। ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত এতিয়া বিধ্বস্ত অৱস্থা। শ্ৰীলংকা প্ৰায় দেউলিয়া হোৱাৰ পথত আছে। ভাৰতৰ চুবুৰীয়া শ্ৰীলংকা বৰ্তমান এক গভীৰ অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হৈছে। এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শ্ৰীলংকাত মুদ্ৰাস্ফীতি অভিলেখ ১১.১ শতাংশ স্তৰত উপনীত হৈছে।

কেৱল সেয়াই নহয়, তাত থকা লোকসকলে মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে। শ্ৰীলংকাৰ এডভোকেটা ইনষ্টিটিউটে মুদ্ৰাস্ফীতিৰ তথ্য প্ৰকাশ কৰা অনুসৰি খাদ্যসামগ্ৰীৰ মূল্য এমাহত ১৫ শতাংশ বৃদ্ধি পাইছে। ১০০ গ্ৰাম জলকীয়াৰ মূল্য ৭১ টকালৈ বৃদ্ধি পাইছে, অৰ্থাৎ এতিয়া এক কিলো জলকীয়া ৭০০ টকাতকৈও অধিক মূল্যত বিক্ৰী হৈছে। বিলাহীৰ কেজি ২০০ টকাত বিক্ৰী হৈ আছে। শ্ৰীলংকা বৰ্তমান এক গভীৰ অৰ্থনৈতিক আৰু মানৱীয় সংকটৰ সন্মুখীন হৈছে। যোৱা বছৰৰ ৩০ আগষ্টত শ্ৰীলংকা চৰকাৰে মুদ্ৰাৰ মূল্য তীব্ৰ হ্ৰাস হোৱাৰ পাছত ৰাষ্ট্ৰীয় বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে, তাৰপাছতেই খাদ্যৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পায়।

শ্ৰীলংকাই চীনকে ধৰি কেইবাখনো দেশৰ ঋণ পৰিশোধ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেই দেশত এতিয়া প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য ২০০ টকাত উপনীত হৈছে। বেঙেনাৰ মূল্য ৫১ শতাংশ বৃদ্ধি পাইছে আৰু পিঁয়াজৰ মূল্য ৪০ শতাংশ বৃদ্ধি পাইছে। আমদানিৰ অভাৱৰ বাবে, ইয়াত মানুহে পাউডাৰ গাখীৰো ল'ব নোৱাৰে। শ্ৰীলংকাৰ খাদ্যসামগ্ৰীৰ দাম বৰ্তমান এনেধৰণৰ-

বিলাহী-২০০/-টকা কিলোগ্ৰাম
বেগুন-১৬০/-টকা কিলোগ্ৰাম
ভেণ্ডি-২০০/-টকা কিলোগ্ৰাম
তিতা কেৰেলা-১৬০/-টকা কিলোগ্ৰাম
বীন-৩২০/-টকা কিলোগ্ৰাম
বন্ধাকবি-২৪০/-টকা কিলোগ্ৰাম
গাজৰ-২০০/-টকা কিলোগ্ৰাম
কাঁচকল-১২০/-টকা কিলোগ্ৰাম

কলম্বো গেজেটৰ এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকা দুগুণ লোকচানৰ সন্মুখীন হৈছে। এই দেশৰ বৃহৎ বিত্তীয় ঘাটি আৰু ব্যৱসায়িক ঘাটি আছে। ২০১৪ চনৰ পৰা শ্ৰীলংকাৰ ওপৰত বৈদেশিক ঋণৰ স্তৰো ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। ২০১৯ চনত দেশৰ ঋণ জিডিপিৰ ৪২.৬ শতাংশত উপনীত হৈছিল।

আৰু পঢ়কঃ অক্সিজেন ছাপ’ৰ্টত আছে লতা দিদি; স্বাস্থ্য সুস্থিৰ যদিও সাক্ষাৎৰ বাবে পৰিয়ালক দিয়া নাই অনুমতি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু