--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এক আচৰ্যকৰ ঘটনা। এজন কুখ্যাত কয়দীৰ প্ৰেমত পৰিছে এগৰাকী মহিলা বিচাৰক। কেৱল প্ৰেমত পৰাই নহয়। ক্ষমতাৰ অপব্যৱহাৰ কৰি কয়দীজনৰ শাস্তি হ্ৰাস কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইগৰাকী মহিলা বিচাৰকে। কাৰাগাৰৰ কয়দীজনৰ সৈতে ৰোমাঞ্চ কৰাতো ব্যস্ত হৈ পৰে মহিলা বিচাৰকজনে। চিচিটিভিত বন্দীহোৱা সমগ্ৰ ঘটনাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ঘটনাটো আৰ্জেণ্টিনাৰ দক্ষিণ চুবুট প্ৰদেশৰ ট্ৰেলিউত সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে। চিচিটিভি ফুটেজত বিচাৰক মাৰিয়েল চুয়াৰেজে কাৰাগাৰত বন্দী খ্ৰীষ্টান বুষ্টোছৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে। ২৯ ডিচেম্বৰৰ ঘটনাটো শেহতীয়াকৈ পোহৰলৈ আহিছে।

ডেইলী মেইলৰ বাতৰি অনুসৰি, ২০০৯ চনত এগৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ অপৰাধত বুষ্টোজক আটক কৰা হৈছিল। সেই সময়ত পেনেলৰ বিচাৰকে বুষ্টোজক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সিদ্ধান্ত লৈছিল। মাৰিয়েল চুয়াৰেজেই আছিল একমাত্ৰ বিচাৰক যিয়ে বুষ্টোজৰ যাৱজ্জীৱন কাৰাদণ্ডৰ তীব্ৰ বিৰোধীতা কৰিছিল। অৱশ্যে, মাৰিয়েলৰ নিৰন্তৰ অহোপুৰুষাৰ্থৰ পাছতো বুষ্টোজৰ বিৰুদ্ধে থকা অভিযোগ সন্দেহাতীতভাৱে প্ৰমাণিত হৈছিল। বিহা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড। ইফালে, চিচিটিভিত বন্দী হোৱা ফুটেজটো ভাইৰেল হোৱাৰ পাছত কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। চুবুটৰ চুপিৰিয়ৰ আদালতে বিচাৰকগৰাকীৰ এনে আচৰণক অনৈতিক আখ্যা দিছে। কয়দীজনৰ সৈতে বিচাৰকগৰাকীয়ে কি পৰিস্থিতিত, কেনেদৰে লগ পাইছিল সেয়া সঠিককৈ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ পোৱা গৈছে। অৱশ্যে, বিচাৰকজনে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু