--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এক আচৰ্যকৰ ঘটনা। এজন কুখ্যাত কয়দীৰ প্ৰেমত পৰিছে এগৰাকী মহিলা বিচাৰক। কেৱল প্ৰেমত পৰাই নহয়। ক্ষমতাৰ অপব্যৱহাৰ কৰি কয়দীজনৰ শাস্তি হ্ৰাস কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইগৰাকী মহিলা বিচাৰকে। কাৰাগাৰৰ কয়দীজনৰ সৈতে ৰোমাঞ্চ কৰাতো ব্যস্ত হৈ পৰে মহিলা বিচাৰকজনে। চিচিটিভিত বন্দীহোৱা সমগ্ৰ ঘটনাৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ঘটনাটো আৰ্জেণ্টিনাৰ দক্ষিণ চুবুট প্ৰদেশৰ ট্ৰেলিউত সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে। চিচিটিভি ফুটেজত বিচাৰক মাৰিয়েল চুয়াৰেজে কাৰাগাৰত বন্দী খ্ৰীষ্টান বুষ্টোছৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে। ২৯ ডিচেম্বৰৰ ঘটনাটো শেহতীয়াকৈ পোহৰলৈ আহিছে।

ডেইলী মেইলৰ বাতৰি অনুসৰি, ২০০৯ চনত এগৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ অপৰাধত বুষ্টোজক আটক কৰা হৈছিল। সেই সময়ত পেনেলৰ বিচাৰকে বুষ্টোজক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সিদ্ধান্ত লৈছিল। মাৰিয়েল চুয়াৰেজেই আছিল একমাত্ৰ বিচাৰক যিয়ে বুষ্টোজৰ যাৱজ্জীৱন কাৰাদণ্ডৰ তীব্ৰ বিৰোধীতা কৰিছিল। অৱশ্যে, মাৰিয়েলৰ নিৰন্তৰ অহোপুৰুষাৰ্থৰ পাছতো বুষ্টোজৰ বিৰুদ্ধে থকা অভিযোগ সন্দেহাতীতভাৱে প্ৰমাণিত হৈছিল। বিহা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড। ইফালে, চিচিটিভিত বন্দী হোৱা ফুটেজটো ভাইৰেল হোৱাৰ পাছত কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। চুবুটৰ চুপিৰিয়ৰ আদালতে বিচাৰকগৰাকীৰ এনে আচৰণক অনৈতিক আখ্যা দিছে। কয়দীজনৰ সৈতে বিচাৰকগৰাকীয়ে কি পৰিস্থিতিত, কেনেদৰে লগ পাইছিল সেয়া সঠিককৈ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ পোৱা গৈছে। অৱশ্যে, বিচাৰকজনে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ