--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেটৰ তাড়নাত, ল’ৰা-ছোৱালীক দুবেলা দুমুঠি অন্ন আৰু বিদ্যালয়ৰ খৰচৰ বাবে পৃথিৱীৰ প্ৰত্যেকজনলোকে নিয়মিত কৰ্ম কৰে। পাৰ্থক্য মাথোঁ এটায়, কোনোবাই হয়তো দিনটো শীত-তাপ নিয়ন্ত্রীত কোঠাত বহি কাম কৰে আন কোনোবাই শীত-তাপ, বতাহ-বৰষুণ নেওচি ৰাস্তা-পদূলি, নলা-নৰ্দমা চাফা কৰে। আজিৰ এই উচ্চশিক্ষিত সমাজত একাংশ নীচ মনোভাবাপন্ন ব্যক্তিৰ মতে খাটিখোৱা শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ যেন কোনো মূল্য নাই। সামান্য কেইটিমান টকাৰ বাবে অন্য সামগ্রীৰ দৰে কাম দিয়াৰ চলেৰে বিক্ৰী কৰে এই শ্ৰমিকসকলক। বিগত কিছুদিনৰ পূর্বে লাহৰিঘাটৰ পৰা কেৰালাত কাম বিচাৰি যোৱা ১১ শ্ৰমিকক বিক্ৰী কৰিছিল অন্ধ্ৰপ্ৰদেশৰ দালালৰ হাতত। অসম আৰক্ষী আৰু অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ সহযোগত কৃষ্ণা নদীৰ এটি দ্বীপৰ পৰা জীৱন্তে উদ্ধাৰ হ’ল ১১ শ্ৰমিক। কৃষ্ণা নদীৰ মুৰাভাকণ্ড দ্বীপৰ পৰা উদ্ধাৰ কৰা হয় শ্ৰমিক কেইজনক। 

জানিব পৰা মতে শ্ৰমিক কেইজন  মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অৰ্ন্তগত বৰছলা গাঁৱৰ আৰু নগাঁও জিলাৰ কচুৱাৰ বাসিন্দা।

ৱাহেদ আলী, মতিবুৰ ৰহমান, বাকিৰ হুছেইন, আজিম উদ্দিন, আকবৰ আলী, মতিবুৰ ৰহমান, দিলদাৰ হুছেইন, মেহেবুব হুছেইন, ছাদিকুৰ ৰহমান, ৰাজিবুল ইছলাম আৰু ইনামূল হুছেইন নামৰ শ্ৰমিক কেইজন কামৰ সন্ধানত কেৰালাৰ পৰা চেন্নাইলৈ গৈছিল।

আৰু তাতেই দুষ্টচক্ৰই যুৱক কেইজনক অন্ধ্ৰপ্ৰদেশত বিক্ৰী কৰাৰ পাছত কুনাল জিলাৰ মুচামাৰী থানাৰ অৰ্ন্তগত মুৰাভাকণ্ড দ্বীপৰ মাজত আবদ্ধ হৈ আছিল শ্ৰমিক কেইজন। লোক কেইজনৰ পৰা মোবাইল ফোন, কাপোৰ-কানি টকা-পইচা সকলো জব্দ কৰি কৃষ্ণা নদীৰ এটা দ্বীপৰ মাজত আবদ্ধ কৰি মাছ ধৰা কামত নিয়োজিত কৰিছিল। কিন্তু বাকিৰ নামৰ এজন শ্ৰমিকে গোপনে ৰখা মোবাইলৰ পৰা পৰিয়ালৰ লোকক ঘটনা সম্পৰ্কে জনাবলৈ সক্ষম হয়। এই খবৰ পোৱাৰ পাছত যুৱক কেইজনৰ পিতৃ-মাতৃয়ে বৰচলা আৰক্ষী চকীত অৱগত কৰায় আৰু লাহৰীঘাটৰ বিধায়ক আচিফ নাজাৰৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি ব্যৰ্ধ হয়। উপায়বিহীন হৈ আবদ্ধ হৈ থকা শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে অবশেষত আফতাপ হুছেইন নামৰ এজন স্থানীয় যুৱকৰে সৈতে যোগাযোগ কৰি তেওঁৰ জৰিয়তে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন আৰু ডিএছপিৰ লগত যোগাযোগ কৰি আফটাপসহ তিনি স্থানীয় যুৱক ৰাওনা হয় অন্ধ্ৰপ্ৰদেশলৈ। অন্ধ্ৰপ্ৰদেশ বিজয়াৱাণ্ডাত উপস্থিত হৈ স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰাত আৰক্ষীয়ে গুৰুত্ব নিদিয়াত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগত ফোনত যোগাযোগ কৰে। মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগতে বৰদলৈয়েও

অন্ধ্ৰপ্ৰদেশৰ এছপিৰ লগত যোগাযোগ কৰে আৰু অন্ধ্ৰপ্ৰদেশৰ আমলাপুৰামৰ সমষ্টিৰ সাংসদ চিনেটা অনুৰাধাৰ মহানুভৱতাত শ্ৰমিক কেইজনৰ উদ্ধাৰ সম্ভৱ হৈ পৰে। শাসকীয় দলৰ সাংসদ গৰাকীয়ে ঘটনাটোৰ বিষয়ে অৱগত হোৱা মাত্ৰকে আৰক্ষীৰ সহযোগত লোকেচনৰ ভিত্তিত কৃষ্ণা নদীৰ মুৰাভাকণ্ড দ্বীপৰ পৰা আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শনিবাৰ আৰু সোমবাৰে আটাইকেইজন শ্ৰমিক নিজা ঘৰত উপস্থিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু