--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষত বিলাহীৰ দাম বৃদ্ধি পোৱাৰ ফলত মানুহ বিমোৰত পৰিছে। এই সন্দৰ্ভত বহু ধৰণৰ মিম ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। বহু লোকেই বিলাহীকলৈ ধেমেলিয়া ৰিল বা ভিডিঅ বনাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ বহু চেলিব্ৰিটিয়েও এই মিম ফেষ্টত অংশগ্ৰহণ কৰি বিলাহীৰ বৰ্ধিত দামক লৈ নিজৰ মতামত শ্বেয়াৰ কৰিছিল। 

অভিনেতা সুনীল শ্বেট্টীয়ে বিলাহীৰ জুইলগা দামৰ বাবে বিলাহী খোৱা বাদ দিছো বুলি কৈছিল। চেলিব্ৰিটি শিল্পা শ্বেট্টীও এই তালিকাত যোগদান কৰিছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ আপলোড কৰিলে, যিটো দেখি সকলোৰে হাঁহি উঠিছে। 

ভিডিঅ’ ক্লিপটোৰ আৰম্ভণিতে এখন চুপাৰ মাৰ্কেটত শিল্পা শ্বেট্টীয়ে এটা উজ্জ্বল ৰঙা বিলাহী হাতত তুলি লৈছে আৰু বেকগ্ৰাউণ্ডত বাজি আছিল ২০০০ চনত মুক্তি পোৱা ‘ধড়কন’ গীতটোৰ ‘দিল নে য়েহ কহা’ গীতটো। শিল্পাই গালৰ ওচৰলৈ বিলাহীটো অনাৰ লগে লগে সংগীতৰ গতি লেহেমীয়া হয় আৰু এটা বিখ্যাত সংলাপ শুনা যায়।


চাওক ভিডিঅ'



সংলাপটো আছিল  “तुम्हारी हिम्मत कैसे हुई? ख़बरदार जो मुझे चुने की कोशिश की. किस हक से तुमने मुझे छुआ. तुम्हारा कोई हक नहीं मुझपे.” (তোমাৰ সাহস কেনেকৈ হল? মোক চুবলৈ সাহস কৰাৰ আগতে সাৱধান। কি অধিকাৰেৰে তুমি মোক স্পৰ্শ কৰিলা? মোৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই।)

শিল্পা শ্বেট্টীৰ এই হাস্যৰসময়ী অভিনয় চাই সকলোৱে ভাল পাইছে। অৱশেষত শিল্পাই বিলাহী ক্ৰয় নকৰি আকৌ ৰেকত থৈ গুচি গ’ল। কেপচনত তেওঁ লিখিছে, टमाटर ke prices are raising my Dhadkan❤️ (বিলাহীৰ বৰ্ধিত দামে মোৰ বুকুৰ ধপধপনি বঢ়াই তুলিছে)।

শিল্পাৰ এই ভিডিঅ’কলৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু