--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষত বিলাহীৰ দাম বৃদ্ধি পোৱাৰ ফলত মানুহ বিমোৰত পৰিছে। এই সন্দৰ্ভত বহু ধৰণৰ মিম ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। বহু লোকেই বিলাহীকলৈ ধেমেলিয়া ৰিল বা ভিডিঅ বনাবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ বহু চেলিব্ৰিটিয়েও এই মিম ফেষ্টত অংশগ্ৰহণ কৰি বিলাহীৰ বৰ্ধিত দামক লৈ নিজৰ মতামত শ্বেয়াৰ কৰিছিল। 

অভিনেতা সুনীল শ্বেট্টীয়ে বিলাহীৰ জুইলগা দামৰ বাবে বিলাহী খোৱা বাদ দিছো বুলি কৈছিল। চেলিব্ৰিটি শিল্পা শ্বেট্টীও এই তালিকাত যোগদান কৰিছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ’ আপলোড কৰিলে, যিটো দেখি সকলোৰে হাঁহি উঠিছে। 

ভিডিঅ’ ক্লিপটোৰ আৰম্ভণিতে এখন চুপাৰ মাৰ্কেটত শিল্পা শ্বেট্টীয়ে এটা উজ্জ্বল ৰঙা বিলাহী হাতত তুলি লৈছে আৰু বেকগ্ৰাউণ্ডত বাজি আছিল ২০০০ চনত মুক্তি পোৱা ‘ধড়কন’ গীতটোৰ ‘দিল নে য়েহ কহা’ গীতটো। শিল্পাই গালৰ ওচৰলৈ বিলাহীটো অনাৰ লগে লগে সংগীতৰ গতি লেহেমীয়া হয় আৰু এটা বিখ্যাত সংলাপ শুনা যায়।


চাওক ভিডিঅ'



সংলাপটো আছিল  “तुम्हारी हिम्मत कैसे हुई? ख़बरदार जो मुझे चुने की कोशिश की. किस हक से तुमने मुझे छुआ. तुम्हारा कोई हक नहीं मुझपे.” (তোমাৰ সাহস কেনেকৈ হল? মোক চুবলৈ সাহস কৰাৰ আগতে সাৱধান। কি অধিকাৰেৰে তুমি মোক স্পৰ্শ কৰিলা? মোৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই।)

শিল্পা শ্বেট্টীৰ এই হাস্যৰসময়ী অভিনয় চাই সকলোৱে ভাল পাইছে। অৱশেষত শিল্পাই বিলাহী ক্ৰয় নকৰি আকৌ ৰেকত থৈ গুচি গ’ল। কেপচনত তেওঁ লিখিছে, टमाटर ke prices are raising my Dhadkan❤️ (বিলাহীৰ বৰ্ধিত দামে মোৰ বুকুৰ ধপধপনি বঢ়াই তুলিছে)।

শিল্পাৰ এই ভিডিঅ’কলৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ