--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলকিছ বানো গোচৰৰ দোষীক মুক্তিৰ বিৰোধিতা কৰা আবেদন সন্দৰ্ভত অহা ২ মে’ত উচ্চতম ন্যায়ালয়ে চূড়ান্ত শুনানি গ্ৰহণ কৰিব। মঙলবাৰে (১৮ এপ্ৰিল) আদালতত গুজৰাট চৰকাৰে মুক্তিৰ সৈতে জড়িত ফাইলটো দেখুৱাবলৈ দিয়া নিৰ্দেশৰ বিৰোধিতা কৰে। ৰাজ্য চৰকাৰে যুক্তি দিছিল যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতহে দোষীক মুক্তি দিয়াৰ ঘটনা সংঘটিত হৈছে।

ভুক্তভোগী বিলকিছ বানোৰ উপৰিও সমাজ কৰ্মী সুভাষিনী আলী আৰু টিএমচিৰ নেতা মহুৱা মৈত্ৰাই গুজৰাট চৰকাৰে এই গোচৰৰ ১১ জন দোষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ বাতিল কৰাৰ দাবী জনাইছে।

বিষয়টো শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কেম জোচেফ আৰু বিভি নাগাৰাত্নৰ বিচাৰপীঠে চৰকাৰৰ এই সিদ্ধান্তক লৈ চোকা মন্তব্য কৰে। আদালতে কয় যে ‘আপেলক কমলাৰ লগত তুলনা কৰিব নোৱাৰি’, একেদৰে হত্যাকাণ্ডক হত্যাৰ লগত তুলনা কৰিব নোৱাৰি।

আদালতে কয় যে যেতিয়া এনে জঘন্য অপৰাধ যিয়ে সামগ্ৰিকভাৱে সমাজখনক প্ৰভাৱিত কৰে, তেতিয়া যিকোনো ক্ষমতা প্ৰয়োগ কৰাৰ সময়ত জনস্বাৰ্থৰ কথা মনত ৰাখিব লাগে। আদালতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে, গতিকে ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজ্য চৰকাৰে নিজৰ মন প্ৰয়োগ কৰাটো বাধ্যতামূলক নহয়।

ন্যায়াধীশ কেম জোচেফে মন্তব্য কৰে যে আজি বিলকিছ বানো। কাইলৈ ​​হ’ব পাৰে আপুনি নহয় মই। এনে পৰিস্থিতিত নিৰ্দিষ্ট মানদণ্ড থাকিব লাগে। যদি আপোনালোকে আমাক কাৰণ দেখুৱাই নিদিয়ে তেন্তে আমি নিজৰ সিদ্ধান্ত নিজেই লম।

উল্লেখযোগ্য যে গুজৰাটৰ গোধৰাত সাবৰমতী এক্সপ্ৰেছৰ এটা ডবাত অগ্নিসংযোগৰ ঘটনাৰ পিছতে সংঘৰ্ষ সংঘটিত হয়। এই সময়ছোৱাত ২০০২ চনত বিলকিছক দলবদ্ধ ধৰ্ষণ কৰা হয়। ইয়াৰ লগতে তেওঁৰ পৰিয়ালৰ ৭ জন লোকক হত্যা কৰা হয়। এই গোচৰত ২০০৮ চনৰ ২১ জানুৱাৰীত আদালতে ১১ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তাৰ পিছৰে পৰা আটাইকেইজন ১১ জন দোষী কাৰাগাৰত আছিল আৰু সকলোকে যোৱা বছৰৰ ১৫ আগষ্টত মুকলি কৰি দিয়া হৈছিল। এই মুক্তিক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ