--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত সমগ্ৰ দেশতে গৰমে তাণ্ডৱ চলাব। সেই কথাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। বহু ৰাজ্যত গৰমৰ প্ৰকোপত মানুহকে ধৰি আন জীৱৰ মৃত্যু ঘটিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে দেশৰ নখন ৰাজ্যত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ কাষৰীয়া পশ্চিমবংগও এই নখন ৰাজ্যৰ ভিতৰতে আছে। 

উৰিষ্যা, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু ছিকিমৰ বাবেও গ্ৰীষ্ম  প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এই ৰাজ্যসমূহৰ ভিতৰত পশ্চিম বংগ, বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশত তাপমাত্ৰা ভয়াৱহভাবে  বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । পশ্চিম বংগত যোৱা কেইদিনমানৰ পৰা গ্ৰীষ্ম  প্ৰবাহে তাণ্ডৱৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত  কলকাতাত সৰ্বাধিক তাপমাত্ৰা আছিল ৪০ ডিগ্ৰী চেলচিয়াছ। যি স্বাভাৱিকতকৈ ৪ ডিগ্ৰী অধিক।

 ৰাজ্যখনৰ ২০ খন চহৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত আছিল। ৰাজ্যখনত গ্ৰীষ্ম  প্ৰবাহৰ তাণ্ডৱ ২১ এপ্ৰিললৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে।পশ্চিম বংগৰ উপৰি চুবুৰীয়া ৰাজ্য উৰিষ্যা আৰু বিহাৰতো পাৰাস্তম্ভ  বৃদ্ধি পাইছে। উৰিষ্যাৰ কেইবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছিল। বিহাৰৰ পৰিস্থিতিও একেই। সোমবাৰে পঞ্জাৱ আৰু হাৰিয়ানাত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি অব্যাহত আছিল। মঙলবাৰেও  দুয়োখন ৰাজ্যত গ্ৰীষ্ম  প্ৰবাহ  অব্যাহত থাকিব বুলি কোৱা হৈছে। 

তেলেংগানাৰ জয়শংকৰ ভূপালপল্লী জিলাত সোমবাৰে সৰ্বাধিক তাপমাত্ৰা ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। উত্তৰ প্ৰদেশৰ চুলতানপুৰত সৰ্বাধিক তাপমাত্ৰা ৪৩.৪ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে। ইয়াৰ উপৰি এই নখন ৰাজ্যৰ কেইবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। প্ৰচণ্ড গৰমৰ ফলত অসুস্থ হৈ  মহাৰাষ্ট্ৰত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে।  মৃত্যু ঘটা লোক কেইজন  'মহাৰাষ্ট্ৰ ভূষণ বঁটা' অনুষ্ঠানত উপস্থিত আছিল। প্ৰখৰ ৰ'দত দৰ্শকসকল মুকলি আকাশৰ তলতে বহিছিল। ফলস্বৰূপে হিট ষ্ট্ৰোকৰ ফলত ১৩ জন লোকৰ মৃত্যু হয়। অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ