--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত সমগ্ৰ দেশতে গৰমে তাণ্ডৱ চলাব। সেই কথাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। বহু ৰাজ্যত গৰমৰ প্ৰকোপত মানুহকে ধৰি আন জীৱৰ মৃত্যু ঘটিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে দেশৰ নখন ৰাজ্যত তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। অসমৰ কাষৰীয়া পশ্চিমবংগও এই নখন ৰাজ্যৰ ভিতৰতে আছে। 

উৰিষ্যা, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আৰু ছিকিমৰ বাবেও গ্ৰীষ্ম  প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এই ৰাজ্যসমূহৰ ভিতৰত পশ্চিম বংগ, বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশত তাপমাত্ৰা ভয়াৱহভাবে  বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । পশ্চিম বংগত যোৱা কেইদিনমানৰ পৰা গ্ৰীষ্ম  প্ৰবাহে তাণ্ডৱৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত  কলকাতাত সৰ্বাধিক তাপমাত্ৰা আছিল ৪০ ডিগ্ৰী চেলচিয়াছ। যি স্বাভাৱিকতকৈ ৪ ডিগ্ৰী অধিক।

 ৰাজ্যখনৰ ২০ খন চহৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত আছিল। ৰাজ্যখনত গ্ৰীষ্ম  প্ৰবাহৰ তাণ্ডৱ ২১ এপ্ৰিললৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে।পশ্চিম বংগৰ উপৰি চুবুৰীয়া ৰাজ্য উৰিষ্যা আৰু বিহাৰতো পাৰাস্তম্ভ  বৃদ্ধি পাইছে। উৰিষ্যাৰ কেইবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰাই ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছিল। বিহাৰৰ পৰিস্থিতিও একেই। সোমবাৰে পঞ্জাৱ আৰু হাৰিয়ানাত গ্ৰীষ্ম প্ৰবাহৰ পৰিস্থিতি অব্যাহত আছিল। মঙলবাৰেও  দুয়োখন ৰাজ্যত গ্ৰীষ্ম  প্ৰবাহ  অব্যাহত থাকিব বুলি কোৱা হৈছে। 

তেলেংগানাৰ জয়শংকৰ ভূপালপল্লী জিলাত সোমবাৰে সৰ্বাধিক তাপমাত্ৰা ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। উত্তৰ প্ৰদেশৰ চুলতানপুৰত সৰ্বাধিক তাপমাত্ৰা ৪৩.৪ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে। ইয়াৰ উপৰি এই নখন ৰাজ্যৰ কেইবাখনো জিলাত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। প্ৰচণ্ড গৰমৰ ফলত অসুস্থ হৈ  মহাৰাষ্ট্ৰত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে।  মৃত্যু ঘটা লোক কেইজন  'মহাৰাষ্ট্ৰ ভূষণ বঁটা' অনুষ্ঠানত উপস্থিত আছিল। প্ৰখৰ ৰ'দত দৰ্শকসকল মুকলি আকাশৰ তলতে বহিছিল। ফলস্বৰূপে হিট ষ্ট্ৰোকৰ ফলত ১৩ জন লোকৰ মৃত্যু হয়। অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন