--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলকিশ বানো৷ যোৱা দুটা দশকে এক শিহৰণকাৰী অভিজ্ঞতাৰ সাক্ষ্য বহন কৰি থকা এগৰাকী নাৰী৷ ২০০২ চনত গোধৰা সংঘৰ্ষৰ সময়ত বিলকিশ বানো দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈছিল আৰু অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল তেওঁৰ সন্তানক৷ 

তেওঁৰ সন্তানক হত্যা কৰা ১১জন দোষীক গুজৰাট চৰকাৰৰ ৰেহাই নীতিৰ অধীনত মুকলি কৰাৰ পাছতেই ক্ষোভত ফাটি পৰিছে বিলকিশ বানো৷ তেওঁ ৰাজ্য চৰকাৰক এই ক্ষতি পূৰণ কৰিবলৈ আৰু তেইক ভয়বিহীন আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ ঘূৰাই দিবলৈ আহ্বান জনায়৷

তেওঁ কয়, ১৫ আগষ্টত ২০ বছৰ পূৰ্বৰ আঘাতে মোক পুনৰ আহত কৰে, যেতিয়া মই শুনিছিলোঁ যে মোৰ পৰিয়াল আৰু মোৰ জীৱন ধ্বংস কৰা আৰু মোৰ পৰা মোৰ তিনিবছৰীয়া ছোৱালীজনীক কাঢ়ি নিয়া ১১জন দোষী সাব্যস্ত ব্যক্তিয়ে মুক্তভাৱে খোজ কাঢ়িব পাৰিব৷

বানোৱে কয়, চৰকাৰৰ সিদ্ধান্তই তেওঁক জঠৰ কৰি তুলিছে। আক্ষেপেৰে তেওঁ কয়, আজি মই কেৱল এইটোহে ক’ব পাৰোঁ— যিকোনো মহিলাৰ বাবে ন্যায় কেনেকৈ এনেদৰে শেষ হ’ব পাৰে? মই আমাৰ দেশৰ সৰ্বোচ্চ আদালতসমূহক বিশ্বাস কৰিছিলোঁ। মই প্ৰণালীটোক বিশ্বাস কৰিছিলোঁ আৰু মই লাহে লাহে মোৰ আঘাতৰ সৈতেই জীয়াই থাকিবলৈ শিকি আছিলোঁ। এই দোষীসকলৰ মুক্তিয়ে মোৰ শান্তি মোৰ পৰা কাঢ়ি লৈ গৈছে আৰু ন্যায়ৰ ওপৰত মোৰ বিশ্বাসক কঁপাই তুলিছে৷ মোৰ এই দুখ আৰু মোৰ বিশ্বাস অকল মোৰ বাবেই নহয়, আদালতত ন্যায়ৰ বাবে সংগ্ৰাম কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবে৷

ইমান বৃহৎ আৰু অন্যায় সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনেও তেওঁৰ সুৰক্ষা আৰু সুস্থতাৰ বিষয়ে সোধা নাছিল বুলি বানোৱে অভিযোগ কৰে। 


২০ বছৰ পূৰ্বে কি ঘটিছিল বিলকিশ বানোৰ সৈতে?

বিলকিশৰ বয়স তেতিয়া ২০ বছৰ আছিল আৰু তেওঁ গৰ্ভৱতী আছিল যেতিয়া তেওঁ বহুবছৰধৰি পৰিচিত পুৰুষৰ দ্বাৰা ধৰ্ষণৰ সন্মুখীন হৈছিল। তেওঁ তেওঁলোকৰ এজনক ‘চাচা’ (খুৰা) আৰু আনসকলক ভাতৃ বুলিয়ে সম্বোধন কৰিছিল। তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু প্ৰায় নিষ্প্ৰাণ কৰি ৰখা হৈছিল। তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰা দেখিছিল। ২০০২ চনৰ ৩ মাৰ্চত তেওঁৰ তিনি বছৰীয়া জীয়েককো জনতাৰ দ্বাৰা হত্যা কৰা হৈছিল।

জ্ঞান ঘূৰাই পোৱাৰ পাছত বিলকিশে এগৰাকী জনজাতীয় মহিলাৰ পৰা কাপোৰ ধাৰলৈ লৈছিল আৰু অভিযোগ পঞ্জীয়ন কৰিবলৈ দাহোদ জিলাৰ লিমখেদা আৰক্ষী থানালৈ গৈছিল। তাত থকা হেড কনিষ্টবলজনে তথ্যবোৰ সংগ্ৰহ কৰিছিল আৰু অভিযোগটোৰ এটা সংক্ষিপ্ত টোকা লিখিছিল।

তেওঁ মৃত্যুৰ ভাবুকি পাইছিল, যাৰ ফলত উচ্চতম ন্যায়ালয়ে ২০০৪ চনত গুজৰাটৰ পৰা মুম্বাইলৈ বিচাৰটো স্থানান্তৰিত কৰিছিল। ২০০৮ চনৰ জানুৱাৰী মাহত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ ষড়যন্ত্ৰ, হত্যা, বেআইনী সমাবেশ আৰু অন্যান্য অভিযোগত ২০ জন অভিযুক্তৰ ভিতৰত ১১ জনক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে।

অভিযুক্তজনক বচাবলৈ অশুদ্ধ ৰেকৰ্ড কৰাৰ বাবে হেড কনিষ্টবলজনক দোষী সাব্যস্ত কৰা হৈছিল। প্ৰমাণৰ অভাৱত ২০ জন অভিযুক্তৰ ভিতৰত ৭ জনক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল। আনহাতে, পৰীক্ষণৰ সময়ত এজন লোকৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু