--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলকিশ বানো৷ যোৱা দুটা দশকে এক শিহৰণকাৰী অভিজ্ঞতাৰ সাক্ষ্য বহন কৰি থকা এগৰাকী নাৰী৷ ২০০২ চনত গোধৰা সংঘৰ্ষৰ সময়ত বিলকিশ বানো দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈছিল আৰু অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল তেওঁৰ সন্তানক৷ 

তেওঁৰ সন্তানক হত্যা কৰা ১১জন দোষীক গুজৰাট চৰকাৰৰ ৰেহাই নীতিৰ অধীনত মুকলি কৰাৰ পাছতেই ক্ষোভত ফাটি পৰিছে বিলকিশ বানো৷ তেওঁ ৰাজ্য চৰকাৰক এই ক্ষতি পূৰণ কৰিবলৈ আৰু তেইক ভয়বিহীন আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ ঘূৰাই দিবলৈ আহ্বান জনায়৷

তেওঁ কয়, ১৫ আগষ্টত ২০ বছৰ পূৰ্বৰ আঘাতে মোক পুনৰ আহত কৰে, যেতিয়া মই শুনিছিলোঁ যে মোৰ পৰিয়াল আৰু মোৰ জীৱন ধ্বংস কৰা আৰু মোৰ পৰা মোৰ তিনিবছৰীয়া ছোৱালীজনীক কাঢ়ি নিয়া ১১জন দোষী সাব্যস্ত ব্যক্তিয়ে মুক্তভাৱে খোজ কাঢ়িব পাৰিব৷

বানোৱে কয়, চৰকাৰৰ সিদ্ধান্তই তেওঁক জঠৰ কৰি তুলিছে। আক্ষেপেৰে তেওঁ কয়, আজি মই কেৱল এইটোহে ক’ব পাৰোঁ— যিকোনো মহিলাৰ বাবে ন্যায় কেনেকৈ এনেদৰে শেষ হ’ব পাৰে? মই আমাৰ দেশৰ সৰ্বোচ্চ আদালতসমূহক বিশ্বাস কৰিছিলোঁ। মই প্ৰণালীটোক বিশ্বাস কৰিছিলোঁ আৰু মই লাহে লাহে মোৰ আঘাতৰ সৈতেই জীয়াই থাকিবলৈ শিকি আছিলোঁ। এই দোষীসকলৰ মুক্তিয়ে মোৰ শান্তি মোৰ পৰা কাঢ়ি লৈ গৈছে আৰু ন্যায়ৰ ওপৰত মোৰ বিশ্বাসক কঁপাই তুলিছে৷ মোৰ এই দুখ আৰু মোৰ বিশ্বাস অকল মোৰ বাবেই নহয়, আদালতত ন্যায়ৰ বাবে সংগ্ৰাম কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবে৷

ইমান বৃহৎ আৰু অন্যায় সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনেও তেওঁৰ সুৰক্ষা আৰু সুস্থতাৰ বিষয়ে সোধা নাছিল বুলি বানোৱে অভিযোগ কৰে। 


২০ বছৰ পূৰ্বে কি ঘটিছিল বিলকিশ বানোৰ সৈতে?

বিলকিশৰ বয়স তেতিয়া ২০ বছৰ আছিল আৰু তেওঁ গৰ্ভৱতী আছিল যেতিয়া তেওঁ বহুবছৰধৰি পৰিচিত পুৰুষৰ দ্বাৰা ধৰ্ষণৰ সন্মুখীন হৈছিল। তেওঁ তেওঁলোকৰ এজনক ‘চাচা’ (খুৰা) আৰু আনসকলক ভাতৃ বুলিয়ে সম্বোধন কৰিছিল। তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু প্ৰায় নিষ্প্ৰাণ কৰি ৰখা হৈছিল। তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰা দেখিছিল। ২০০২ চনৰ ৩ মাৰ্চত তেওঁৰ তিনি বছৰীয়া জীয়েককো জনতাৰ দ্বাৰা হত্যা কৰা হৈছিল।

জ্ঞান ঘূৰাই পোৱাৰ পাছত বিলকিশে এগৰাকী জনজাতীয় মহিলাৰ পৰা কাপোৰ ধাৰলৈ লৈছিল আৰু অভিযোগ পঞ্জীয়ন কৰিবলৈ দাহোদ জিলাৰ লিমখেদা আৰক্ষী থানালৈ গৈছিল। তাত থকা হেড কনিষ্টবলজনে তথ্যবোৰ সংগ্ৰহ কৰিছিল আৰু অভিযোগটোৰ এটা সংক্ষিপ্ত টোকা লিখিছিল।

তেওঁ মৃত্যুৰ ভাবুকি পাইছিল, যাৰ ফলত উচ্চতম ন্যায়ালয়ে ২০০৪ চনত গুজৰাটৰ পৰা মুম্বাইলৈ বিচাৰটো স্থানান্তৰিত কৰিছিল। ২০০৮ চনৰ জানুৱাৰী মাহত মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ ষড়যন্ত্ৰ, হত্যা, বেআইনী সমাবেশ আৰু অন্যান্য অভিযোগত ২০ জন অভিযুক্তৰ ভিতৰত ১১ জনক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে।

অভিযুক্তজনক বচাবলৈ অশুদ্ধ ৰেকৰ্ড কৰাৰ বাবে হেড কনিষ্টবলজনক দোষী সাব্যস্ত কৰা হৈছিল। প্ৰমাণৰ অভাৱত ২০ জন অভিযুক্তৰ ভিতৰত ৭ জনক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল। আনহাতে, পৰীক্ষণৰ সময়ত এজন লোকৰ মৃত্যু হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান