--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিগোৰ বিমান খন তেতিয়া  মাজ আকাশত উৰি আছিল৷ । যাত্ৰী এজনে মতাত  বিমান পৰিচাৰিকা এগৰাকী যাত্ৰী জনৰ কাষলৈ আহিল৷  কিন্তু যাত্ৰীজনৰ কথা শুনি হতবাক হৈ পৰিল বিমান পৰিচাৰিকা৷  ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত এজন যাত্ৰীৰ হাতত গুটখা থকা দেখা গৈছে। তেওঁ ফ্লাইট এটেণ্ডেণ্টক মাতিছিল। 




বিমান পৰিচাৰিকাই জানিব বিচাৰে যে তেওঁ  যাত্ৰীগৰাকীক  কেনেদৰে সহায় কৰিব পাৰে। তেতিয়া যুৱকজনে বিমানখনৰ খিৰিকীখন খুলিবলৈ কৈছিল। তেওঁ গুটখাৰ পিক পেলাবৰ বাবেই এনেদৰে অনুৰোধ জনাইছিল! এই কথা শুনি বিমান পৰিচাৰিকায়ো  হাঁহি ৰখাব নোৱাৰিলে , যুৱকজনেও হাঁহিলে।যাত্ৰীজনে হয়তো  কেৱল ধেমালি কৰিবলৈয়েই  এনেদৰে  ভিডিঅ'টো তৈয়াৰ কৰিছে । ভিডিঅ’টোৰ সত্য-সত্যতা প্ৰাগ নিউজ ডিজিটেলে অৱশ্যে পৰীক্ষা কৰি চোৱা নাই৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত বহুতে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে৷ 

ইফালে আন এক  ঘটনাত এগৰাকী মহিলা বিমান পৰিচালিকাক  দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন যাত্ৰীক বিমানৰ পৰা নমাই দিয়া হয়। ঘটনাটোৰ এটা ভিডিঅ' পোহৰলৈ আহিছে। স্পাইচজেটে এটা বিবৃতিত কৈছিল যে বিমানখন ২৩ জানুৱাৰীত দিল্লীৰ পৰা হায়দৰা বাদলৈ ৰাওনা হোৱাৰ কথা আছিল। কিন্তু দিল্লী বিমানবন্দৰ এৰাৰ আগতে এগৰাকী বৃদ্ধ যাত্ৰীয়ে এগৰাকী মহিলা বিমান পৰিচাৰিকাৰ  সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয়। ওঁৰ সৈতে আন এজন যাত্ৰীয়ে যোগ দিছিল। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে নিৰাপত্তাৰ দায়িত্বত থকা লোকসকল ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছত যাত্ৰী দুজনক বিমানৰ পৰা নমাই  দিয়া হয়৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক