--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰিলে মানুহে বোলে অসাধ্যও সাধন কৰিব পাৰে। সময়ে সময়ে ঘটা কিছুমান ঘটনাই এই কথা সত্য প্ৰমাণিত কৰি আহিছে। শেহতীয়াকৈ এক প্ৰেম কাহিনী পোহৰলৈ আহিছে। এই প্ৰেম কাহিনী দুই যুৱতীৰ। প্ৰেমত হাবুডুবু খাই এগৰাকীয়ে লিংগ পৰিৱৰ্তন কৰি যুৱতীৰ পৰা যুৱক হ'ল। কিন্তু ইগৰাকী যুৱতীয়ে কৰিলে প্ৰতাৰণা। যাৰবাৰে যুৱতীগৰাকী যুৱক হৈছিল, তেঁৱেই প্ৰতাৰণা কৰি এৰি থৈ গ'ল।

যুৱতী দুগৰাকীৰ নাম ছানা খান আৰু সোণাল শ্ৰীবাস্তৱ। এগৰাকী ঘৰৰ মালিকৰ ছোৱালী, আনগৰাকী ভাড়াতীয়া। সোণালৰ ভাড়াঘৰত বাস কৰিছিল ছানাই। লগ পোৱাৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে দুয়োগৰাকী যুৱতী ভাল বন্ধু হৈ পৰিল। কিন্তু তেওঁলোকৰ এই সম্পৰ্ক কেৱল বন্ধুত্বতে ৰৈ নাথাকিল, দুয়োৰে মাজত প্ৰেম গঢ় লৈ উঠিল। এক বছৰ সম্পূৰ্ণ হোৱা আগতেই ছানাই ভাড়াঘৰ এৰি কোৱাৰ্টাৰত থাকিবলৈ গুচি যায়। চৰকাৰী চাকৰি সূত্ৰে ছানাই এটা কোৱাৰ্টাৰ লাভ কৰে।
 ছানা খান

ঘৰৰ মালিকৰ ছোৱালী সোণালে এই বিচ্ছেদ সহ্য কৰিব নোৱাৰিলে। তেওঁ ৪ দিনৰ পাছতেই ঘৰৰ পৰা ওলাই আহি ছানাৰ কোৱাৰ্টাৰত উপস্থিত হয়। ছানাই সোণালক ঘৰলৈ ঘূৰি যাবলৈ কয় যদিও সোণালে কয় যে ছানাক এৰি তেওঁ থাকিব নোৱাৰে। ফলত দুয়ো একেলগে থকাৰ সিদ্ধান্ত লয়। সোণালে ছানাক লিংগ পৰিৱৰ্তন কৰি যুৱক হ'বলৈ কয়। ছানায়েও প্ৰেমৰ বাবে যুৱক হ'বলৈ প্ৰস্তুত হৈ উঠে। ছানাই নিজৰ লিংগ সলনি কৰাৰ সিদ্ধান্ত ল’লে। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত প্ৰায় ১০ ঘণ্টাৰ অস্ত্ৰোপচাৰৰ অন্তত ছানা হৈ পৰিল এজন যুৱক। ছানাই নিজৰ নাম ৰাখিলে ছোহেইল। ছানা খানৰ পৰা তেওঁ হৈ পৰিল ছোহেইল খান।
 ইয়াৰ পাছত সোণাল শ্ৰীবাস্তৱে এখন চিকিৎসালয়ত কাম কৰিবলৈ আৰম্ভ কৰে। এইবাৰ তাত কাম কৰা জ্ঞান নামৰ এজন ল’ৰাৰ প্ৰেমত পৰে সোণাল। ফলত লাহে লাহে ছানা ওৰফে ছোহেইলৰ লগত কাজিয়া আৰম্ভ হয় সোণালৰ। ছোহেইলে সোণালক চাকৰি এৰিবলৈ কোৱাত সোণালে কয় যে, ''মই তোমাক এৰিব পাৰিম কিন্তু মোৰ চাকৰি আৰু জ্ঞানক এৰিব নোৱাৰো।'' এই কথা শুনি ছোহেইল খানৰ মূৰত আকাশী সৰগ ভাগি পৰে। তেতিয়া ছোহেইলে কয় যে- ''মই দেখোন লিংগ পৰিৱৰ্তন কৰিলো তোমাৰ বাবে, এতিয়া মোৰ কি হ'ব?'' সোণালে সেই প্ৰশ্ন শুনি অতি টান সুৰত কয়, ''তুমি লিংগ পৰিৱৰ্তন কৰিলা, সেইটো তোমাৰ কথা..ইয়াৰ লগত মোৰ একো লেনা-দেনা নাই।'' 
सोनल के प्यार में पागल सना अपना जेंडर चेंज कराकर सोहेल बन गई थी
ইয়াৰ পিছত দুয়োৰে মাজত বিবাদ বাঢ়ি গ’ল। কিছুদিনৰ পাছত সোণালে ছোহেইলক এৰি থৈ যায়। অৱশেষত এতিয়া ন্যায় বিচাৰি আদালতৰ আশ্ৰয় লৈছে ছোহেইল খানে। সময়তহে গম পোৱা যাব ছানা ওৰফে ছোহেইল খানে ন্যায় পাবনে নাই। এই প্ৰেম কাহিনী উত্তৰ প্ৰদেশৰ ঝান্সীৰ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক